বৰষুণ ( দীপাঞ্জলি পাঠক )
কুঁহিপাতৰ সপোন এটাই
ওৰেটো ৰাতি নিচুকালেহি মোক
হাবি ভাঙি বৈ অহা ফুলৰ সুগন্ধিত
নিতাল মাৰি পৰি ৰ’ল
নিশ্বাসৰ উৰণীয়া মৌ
বিগলিত আঁচলৰ বঙিয়াৰে
খুপি খুপি নামি আহিল
আন্দোলিত বুকুৰ আলাপ ….
আকলুৱা
আলসুৱা ….
ভিজা শিতানত বাজি আছে অদ্যাপি
পলৰীয়া ৰাতিৰ জুনুকা।