বৰষুণ (- নিবেদিতা হাজৰিকা)

মেঘমল্লাৰ নামিছে
কলিজা কঁপাই
বুকুলৈ উজাই আহিছে
এজাক আলফুল শব্দৰ মেটমৰা পানচৈ!
তুমি,
মোৰ মনৰ নিজানত উপচি থকা
কোনেও চুব নোৱাৰা
এবুকু পোহৰ!
সহযাত্ৰী,
অনুভৱ বিশ্বাস আৰু প্ৰেৰণাৰ
প্ৰতিটো খোজৰ
দুখ,সুখ আৰু নিসংগ সময়ৰ!
০৫/০৭/১৪

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!