“বৰষুণ” — মানস প্ৰতিম দত্ত

“বৰষুণ”

-মানস প্ৰতিম দত্ত

বৰ গছৰ কান্ধত উঠি
তই আহিলেই

আমাৰ ঘৰৰ অভিমানী পদূলিত
সূৰ্য নামে

পিতাইৰ নাঙলৰ তেজাল সীৰলুত

ধান বৰণৰ দাপোন এখন
লাহে লাহে ভাঁহে

আইৰ ওঁঠৰ তলত
বৰা-জহা-বাসন্তীৰ

চকু এহাল গজে

খিল খিল হাঁহি এটাৰ বা লাগি

বিৰিয়াৰ ডেউকাত
উৰি আহে বন কুকুহা

পলাতক সুখৰ মুখ এখন

পানীৰ তলত জিলিকি উঠে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!