বৰ্ষা জল সঞ্চয়ন -(বনজিৎ পাঠক)

(সম্পাদকীয় টোকাঃ সাম্প্ৰতিক সময়ত গুৱাহাটীৰ বহু অঞ্চলত ভূ-গৰ্ভৰ পানী বহু তললৈ নামি গৈছে৷ বহু অঞ্চলত বৰিঙত পানী নাই৷ এই সময়ত আমাৰ বাবে rain water harvesting বৰু উপকাৰী হ’ব পাৰে৷ ইতিমধ্যে আমি ব্যক্তিগতভাৱে দেখিছোঁ যে কোকৰাঝাৰ, বৰপেটা, কমাৰূপ (গ্ৰাম্য)ৰ বহু কেইখন প্ৰাথমিক, মাধ্যমিক বিদ্যালয়ত এনে দৰে পানী সঞ্চয় কৰি ব্যৱহাৰ কৰিছে৷ এই বিষয়ে গোটত এটি অতি সাৰুৱা আলোচনা হৈছিল৷ তাকেই ৰাইজলৈ আগবঢ়ালোঁ৷)

 

বনজিৎ পাঠকঃ
domestic rain water harvesting ৰ বিষয়ে কোনোবাই জানে নেকি ? অসমত এই কাম কৰা কোনো farm আছে নেকি ? (rain water harvestingৰ অসমীয়া কি হ’ব — বৰ্ষা জল সঞ্চয়ন ? )
ধ্ৰুৱজ্যোতি শৰ্মাঃ অলপ সময় দিলে ম‍ই ক’ব পাৰিম| ম‍ই ইয়াৰ ওপৰত অলপ অধ্যয়ন আৰু তথ্য যুগুতাই আছোঁ|

 

অঞ্জল বৰাঃ সত্যমেব জয়তেৰ এটা খণ্ডত (যাৰ বিষয় পানী আছিল) তাত সুন্দৰভাৱে দেখুৱাইছিল৷ ৱেবচাইটত থকা ভিডিঅ’টো চালে ভাল ধাৰণা পাব যেন লাগে৷

 

নিবিড় জোনাকঃ www.rainwaterharvesting.org নামৰ ৱেবছাইটটোত দুটামান নাম ঠিকনা পাইছিলো http://www.rainwaterharvesting.org/Crisis/..%5CPeople/People-urban_database_guwahati_individ.htm

 

ধীৰাজ কলিতাঃ কেইদিনমান আগতে “সত্যমেব জয়তে” হিন্দি চিৰিয়েল খনত ইয়াৰ বিষয়ে কৈ থকা অকনমান শুনিছিলো|কথাটো অলপ সময়ৰ কাৰনে মইও ভাবিছিলো, পিছে ৰৈ থকিল |যি হওক কৰিব ভাল আইডিয়া |কৰিব পাৰিলে বহু দিশত লাভ |

 

ডা° ভূপেন্দ্ৰ শইকীয়াঃ চুবুৰীয়া ক্ষুদ্ৰ দেশ মালদ্বীপ ৷ দ্বীপপুঞ্জৰ সমষ্টি৷ সাগৰে আৱৰি থাকে দ্বীপ সমূহক৷ বছৰটোত বেচ বৰষুণ হয়৷ বতৰত প্ৰভাৱত গোটেই বছৰেই গছত আম আৰু বগৰি লাগি থাকে৷একেজোপা গছতে ফুল,কলি আৰু পূৰঠ ফলৰে গছজোপা শুৱনি হৈ থাকে৷ সাগৰৰ পানী তাত বিভিন্ন কামত ব্যৱহাৰ হয়৷কিন্তু খোৱা আৰু ৰন্ধাৰ বাবে ব্যৱহৃত হয় বৰষুণৰ পানী৷সৰু ডাঙৰ প্ৰত্যেকটো ঘৰ, হোটেল,প্ৰতিষ্ঠান একোৱেই ইয়াৰ ব্যতিক্ৰম নহয়৷ সৰু ডাঙৰ প্ৰত্যেক ঘৰতেই থাকে বৰষুণৰ পানী সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰু পানীৰ বাবে দুবিধকৈ লাইন৷ ভাৰতবৰ্ষই সেই দেশৰ আৰ্হি গ্ৰহণ কৰিব পাৰে৷ তেনে কৰিলে বৰষুণৰ পানীখিনিৰো সদ ব্যৱহাৰ হব আৰু ভূ তলৰ জলস্তম্ভই নগৰত চলি থকা বৰ্তমানৰ টনা আজোৰাৰ পৰা কিছু সকাহ পাব৷

 

দেৱব্ৰত গগৈঃ rain water harvesting = দীঘলঠেঙীয়া ভৰাঁল ।

 

ধ্ৰুৱজ্যোতি শৰ্মাঃ দীঘলঠঙীয়াৰ খেতি

 

দেৱব্ৰত গগৈঃ গুৱাহাটীত মেছ কৰি থকাৰ সময়ৰ কথা । দুদিন ধৰি পানী অহা নাছিল । প্ৰথম দিনা যেনেতেনে পাৰ কৰিলো । পাছৰ দিনা উপায় নাপাই হোটেলতে ৰাতিৰ ভাতসাঁজ খাবৰ বাবে যাবলৈ সাজু হৈছিলোহে তেনেতে আহিল মুষলধাৰে বৰষুণ । মেছৰ লগৰ এটা লগে লগে বুদ্ধি এটা দিলে । বৰষুণৰ পানী ধৰিবলৈ । আমি পাঁচটামান বাল্টি আৰু এটা ডাঙৰ ড্ৰাম ঘৰৰ নেওৰাৰ ওচৰত পাতি দিলোঁ। বৰষুণজাক প্ৰায় আধাঘণ্টামান দিছিল । শেষত চাও যে আমাৰ পাঁচটা বাল্টী আৰু ডাঙৰ ড্ৰামটো পানীৰে উপচি পৰাৰ পাছতও পানী আৰু বহুত থাকি গ’ল । হোটেললৈ যোৱা বাদ দি আমি ৰাতিৰ সাঁজ ৰূমতে ৰান্ধিলো । দুদিন ধৰি গা-ধোৱা নাছিলো । গাটোও ধুই ল’লো ।
বৰষুণৰ পানী সংৰক্ষণ কৰিলে আমি বহু পানী ৰাহি কৰিব পাৰিম ।

 

দীপুল হালৈঃ বনজিত, আমি মিজোৰামত থাকোতে বৰষুণৰ পানী ধৰি ব্যৱহাৰ কৰিছিলোঁ |(Rain water harvesting) | তাত প্ৰায় সকলো ঘৰতে এই পদ্ধতি থাকে | এটা প্ৰকান্ড টিনৰ ভৰাল ঘৰত এই পানী ঘৰৰ ছালৰ লগত বৰষুণৰ পানী পৰা ঠাইত সংলগ্ন নেওৰাৰে টিনৰ ভৰালটোত পেলাই আৰু বাৰিষা ধৰা এই পানীয়ে একোটা পৰিয়ালৰ বহু মাহ চলি যায় | আমি এই পদ্ধতিৰে পানী সংৰক্ষন কৰি ব্যৱহাৰ কৰিছিলোঁ | তাত সকলো চৰকাৰী ঘৰতে নেওৰা সংলগ্ন কৰেই | আমাৰ কোম্পানীৰ আবাসবিলাকতো ঠিকাৰ সময়তে এই পদ্ধতি কৰিবলৈ ক্লজ থাকেই | সচাই এই পানী ব্যৱহাৰ কৰি বৰ ভাল লাগে| প্ৰথম বৰষুণৰ পানীখিনি অলপ কলা আহে তাৰ পাচত চিকচিকিয়া পৰিষ্কাৰ পানী | অসমতো এই পদ্ধতি প্ৰয়োগ কৰিলে পানীৰ সমস্যা কিছুপৰিমানে হলেও লাঘৱ হ’ব | আমি এতিয়াও বৰষুণৰ পানী ধৰি ব্যৱহাৰ কৰোঁ |

 

বনজিৎ পাঠকঃ অসমত তথা গুৱাহাটিৰ কোনো firmৰ ঠিকনা কাৰোবাৰ ওচৰত আছে যদি দিবছোন (নিবিৰ জোনাকৰ লিংকটোত গুৱাহাটীৰ দুটা ব্যক্তিগত ঠিকনা আছে অৱশ্য — ধন্যবাদ )

দেৱব্ৰত গগৈঃ এইটো এটা বৰ ডাঙৰ টেকন’লজি হব নালাগে । ঘৰৰ ছালত পৰা পানীখিনি ভালদৰে নেওৰা এখনেৰে তললৈ নমাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু ভু-গৰ্ভত এটা টেংকি সাজিব লাগে ।

মই মন কৰিছো , আমি থকা ফ্লেটটোৰ প্ৰকাণ্ড চাটখনত পৰা বৰষুণৰ পানীখিনি এডাল ডাঙৰ পাইপেৰে তললৈ নামি আহে । জোৰেৰে বৰষুণ দিলে পানীৰ গতিবেগ ইমান বাঢ়ি যায় যে কেই মিনিট মানৰ ভিতৰতে ই হয়টো কেইবাহাজাৰ লিটাৰৰ ডাঙৰ টেংকি এটা ভৰ্তি কৰি পেলাব পাৰে । কিন্ত আমি এই পানীখিনি এনেই পেলাই দিছো ।

 

নিবিড় জোনাকঃ ASTEC এ এই ক্ষেত্রত এখন master plan বনাইছিলে আৰু গুৱাহাটীৰ বহু ঠাইত তেওঁলোকে ইয়াক সফলভাবে প্রয়োগো কৰিছে।

 

বনজিৎ পাঠকঃ এনেয়ে কথাটো সহজ ঠিকেই কিন্তু মাজত কিছূমান কথা আছে যেনে চাদত বিশেষ ধৰণৰ পানী ধৰা ব্যৱস্থা কৰিব লাগে , চেকনী (filter ) ইত্যাদিৰ প্ৰয়োজন হয় ,সেয়েহে কথাটো জানিব আৰু চাব বিছাৰিছিলো 🙂

 

নিবিড় জোনাকঃ উপৰোক্ত ৱেবছাইটটোতো মডেল কিছুমান আছে, কিন্তু সংশ্লিষ্ট ছবিবোৰ বৰ সৰু।

বনজিৎ পাঠকঃ গুৱাহাটীত ১০০ স্কুৱেৰ মিটাৰৰ কৰিলে বছৰি প্ৰায় ১লাখ লিটাৰতকৈ ওপৰত পানী ধৰিব পাৰি , অসমৰ অন্য ঠাই সমূহতটো এইটো আৰু বেছি হ’ব |

 

ধ্ৰুৱজ্যোতি শৰ্মাঃ এক সুখবৰ যে অসম চৰকাৰেও দীঘলঠেঙীয়াৰ খেতি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে মন মেলিছে| এই বিষয়ে PHE ৰ এজন অভিযন্তাই কিছুমান নথি-পত্ৰ দেখুৱাইছিল| যিমানখিনি মনত আছে চৰকাৰৰ এই প্লেনত এছিদ বৰষুণ, ঘৰৰ অপৰিস্কাৰ চালৰ পৰা বৈ অহা পানী প্ৰদূষণমুক্ত কৰাৰো সুন্দৰ ব্যৱস্থা আছিল| আনকি মটৰহীনভাৱে পানীত টেপৰ ব্যৱস্থা কৰাৰো উপায় তাত দেখিছিলোঁ| কিছুমান বস্তু মোৰ বাবে দুৰ্বোধ্য আছিল যদিও যিমানখিনি বুজি পাইছিলোঁ, সকলোখিনি ভাল লাগিছিল| তেওঁ মোৰ বাবে কামত আহিব পৰা কিছুমান কাগজ দিম বুলি কৈছিল যদিও অফিচিয়েল কামত তেওঁ যোৱা ২০ দিন ধৰি গুৰগাঁৱত থকা বাবে আহিহে দিব পৰিব| কাগজখিনি পালে সকলোখিনি শ্বেয়াৰ কৰিব পাৰিম|

 

সুভাষ চন্দ্ৰ কলিতাঃ পাঠক ডাঙৰীয়াই গুৰুত্বপূৰ্ণ বিষয় এটা উনুকিয়াইছে ! ভাল লাগিল । গুৱাহাটিত আগতে প্ৰাকৃতিকভাৱে জন্ম হোৱা বহুতো জলাশয় আছিল । যিবোৰে বাৰিষাৰ গুৱাহাটিৰ অত্যধিক পানীখিনি জমা কৰাৰ লগতে এই পানীখিনিয়েই নিজৰি গৈ খোৱাৰ বাবে ব্যৱহৃত পানীৰ উৎস আছিল । (এতিয়া ওপৰত এখন কংক্ৰিটৰ আৱৰণ হ’‌ল । পানী নিজৰি গৈ কেনেকৈ ভূগৰ্ভত জমা হ’‌ব !! গভীৰ নলী-নাদ বহুৱাইও বহুতোৰ মুৰ নষ্ট হৈ গৈছে। তাতো যেন প্ৰতিযোগিতা !!! )। আমাৰ চকুৰ আগতেই এইবোৰ নোহোৱা হৈ মানুহৰ বাসস্থান হ’‌ল । কিন্তু নলা নৰ্দমা নহ’‌ল, জলাশয়বোৰ পুতি পেলালে । বাহিনী, ভৰলু আদি প্ৰাকৃতিক জান-জুৰিবোৰ সংকুচিত কৰি পেলালে, বহুবোৰ নোহোৱা কৰিলে । বৰছলা, সৰুছলা, দীপৰ বিলৰ অৱস্থা তথৈবচ । উত্তৰ-পূৱৰ দৰে বৰষুণৰ আধিক্য থকা ঠাইৰ দুৱাৰমুখ নগৰখনৰ কোনো পৰিকল্পিত উন্নয়ন নহ’‌ল । ড্ৰেইনবোৰ বৈজ্ঞানিকভাৱে সংযোগ কৰা হোৱা নাই ।কংক্ৰিটৰ আৱৰণখন যিমানেই প্ৰসাৰ হৈছে কৃত্ৰিম বানপানীৰ মাত্ৰাটোও বাঢ়িছে । আমাৰ ডা-ডাঙৰীয়াবোৰে ইয়াৰ পৰিত্ৰাণৰ উপায় বিছাৰি বিদেশ চলাথ কৰিছে (??) !!! যেন কিবা নতুন ৰকেট চাইন্সৰ দৰকাৰ হ’‌ব :

 

 

পংকজ বৰাঃ http://www.telegraphindia.com/1120501/jsp/northeast/story_15439276.jsp#.UB5bD8gtgcY http://www.cgwb.gov.in/GroundWater/AR/NER.pdf

In Assam, water harvesting begins at school

www.telegraphindia.com

 

পাৰ্থ বিজয় ঠাকুৰঃ মই আমাৰ চাহ বাগিছাৰ কলঘৰত বৰষুনৰ পাণী জমা কৰি সেই পানী আমি কলঘৰত বিভিন্নভাৱে ব্যৱহাৰ কৰি আছো আৰু তাৰ পৰা আৰ্থিক আৰু চাহৰ মানদন্দ উন্নতি হৈছে । কিয়নো বৰষুণৰ পাণীত আইৰণ নাথাকে । চাহ পাত তৈয়াৰ কৰিবলৈ বায়ুত ৯৫শতাংশ আদ্রতা থাকিব লাগে । আমি বায়ুত আদ্রতা বঢ়াবলৈ বিভিন্ন মেচিন বা আদ্রতা পাংখা ব্যৱহাৰ কৰা হয় । তাত আমাক প্রচুৰ পানীৰ আৱশ্যক । আমি বৰষুনৰ পানী ব্যৱহাৰ কৰি বিজুলী শক্তিৰ যি খৰছ সেই খিনি ৰাহি হৈছে আৰু চাহৰ মানদন্দ উন্নতি হোৱাত চাহৰ দাম বেছি পাইছোঁ । এইটো এটা উদাহৰণহে দিছো কাৰণ আমি অসমত বৰষুণৰ পাণী সৎ ব্যৱহাৰ কৰিব পৰা নাই এতিয়াও ।

বনজিৎ পাঠকঃ আপুনি কৰা ব্যৱস্থাটো বিষয়ে অলপ বহলাই জনাবছোন | সমুদায় খৰছ কিমান পৰিলে , পানীখিনি potable হয়নে বা কৰিব পৰা যায়নে ? ই আপোনাৰ পানীৰ চাহিদা সম্পূৰ্ণ পূৰণ কৰিব পাৰিছেনে ?ব্যক্তিগত ঘৰৰ বাবে কৰিলে হয়টো আপোনাৰটো দৰে সিমান ডাঙৰকৈ নকৰিলেওঁ হ’ব |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!