বৰ বৰ চহৰৰ কথা (দিপাংকৰ মল্ল বৰুৱা)

ৰঙা পোহৰৰ বজাৰ

আমষ্টাৰডাম চহৰ। হলেণ্ডৰ ৰাজধানী। বৰ ধুনীয়া চহৰখন। বাৰ্লিনৰ পৰা সন্ধিয়াৰ ৰেলত আহি হোটেল পাওঁতে প্ৰায় ৰাতি এঘাৰটা বাজিছে। মই এটা বাৰজনীয়া শিক্ষামূলক ভ্ৰমণ দলৰ সদস্য। হোটেল পোৱাৰ পিছত আমাক জনোৱা হ’লযে আটাইৰে বাবে হোটেলত কোঠা খালি নাই। কেইজনমানে আন এখন হোটেললৈ যাব লাগিব।

আমাৰ লগত ইনচাৰ্জ হিচাপে যোৱা যোৱা প্ৰফেছৰ গুডিনোৰ প্ৰচণ্ড খং উঠিল। আগতিয়াকৈ বুক কৰি থোৱাৰ পিছত এনে অৱস্থা হোৱাৰ বাবে তেওঁ ৰিচেপচনত থকা ডেকা গাভৰু হালক উধাই মুধাই গালি পাৰিলে। তেওঁলোকে পিচে হাঁহি হাঁহি পৰিস্থিতি চম্ভালি ল’লে। তেতিয়া হেনো আমষ্টাৰডামত ফুলৰ উত্সৱ চলি আছে। সেয়েহে পৰ্যটকৰ খুব ভিৰ। বিভিন্ন দেশৰ পৰা মানুহে ফুলৰ উত্সৱ চাবলৈ আহিছে। উপায় নাপাই আমাৰ দলটোৰ কেইজনমান আন এখন হোটেললৈ গ’ল।

পিচদিনা দিনত আমি বিশ্ব বিখ্যাত টিউলিপ গাৰ্ডেন চাবলৈ গ’লোঁ। সেইখন ঠাই যেন এখন সৰগ। ইমান ধুনীয়া ঠাই মই আগতে কেতিয়াও দেখা নাই। গাড়ীত ফুল সজাই নাচি বাগি কৰা শোভাযাত্ৰা দেখিলোঁ। তাত ফুলৰ উত্সৱ চলি আছে। সকলোপিনে কেৱল ফুল। বুজিলোঁ হলেণ্ড কিয় ফুলৰ বাবে পৃথিৱী বিখ্যাত।

 

ৰাতিপুৱা হোটেলৰ ৰিচেপচনত সুধিছিলোঁ, আমষ্টাৰডামৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থল কি। সুন্দৰী ছোৱালীজনীয়ে হাঁহি মাৰি কৈছিল, ৰেড লাইট ডিষ্ট্ৰিক্ট। অৰ্থ বুজি পোৱা নাছিলোঁ। ৰঙা লাইটৰ জিলা কেনে হ’ব পাৰে ভাবি পোৱা নাছিলোঁ।  কিন্তু টিউলিপ গাৰ্ডেনৰ পৰা আহি আমাৰ বাছখন সাগৰৰ পাৰৰ এঠাইত ৰোৱাৰ পিছত হঠাতে গুডিনো ছাৰে যেতিয়া কৈছিল, আমি আমষ্টাৰডামত পৰ্যটকৰ বাবে আকৰ্ষণীয় ‘ৰেড লাইট ডিষ্ট্ৰিক্ট’ পাইছোঁহি আমি উত্সাহিত হৈ ডিঙি মেলি বাহিৰলৈ চালোঁ। ছাৰে নিৰ্দেশ দিলে, যিসকলে ৰেড লাইট ডিষ্ট্ৰিক্ট চাবলৈ বিচাৰে বাছৰ পৰা নামি নামি ঘূৰি পকি নিজাকৈ ব্যৱস্থা কৰি হোটেললৈ যাব লাগিব।

 

ছাৰে সকীয়নিৰ সুৰত ক’লে, “এই ঠাইখিনি পৰ্যটক হিচাপেহে চাবা। পইছা খৰছ কৰিবলৈ গ’লে হাত খালি হৈ উভতিব লাগিব। ইয়াৰ ছোৱালীবোৰ যিমান ধুনীয়া, সিমানেই ভয়ংকৰ”। ৰাতিপুৱাৰ পৰা মনত খোকজা লগা শব্দটোৰ অৰ্থ সোনকালেই বুজি পালোঁ।

 

ইমান দুৰ আহি পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাইডোখৰ নোচোৱাকৈ ঘূৰি যোৱাৰ কথা ভাবিবই নোৱাৰি। পত্নীৰ লগত অহা গুডিনো ছাৰ  বাছত হোটেললৈ উভতি গ’ল। আমি ডঙুৱা কেইজন ওলালোঁ সেই আকৰ্ষণীয় ঠাই ডোখৰৰ ৰেহ ৰূপ চাবলৈ।

 

সন্ধিয়া হোৱাৰ লগে লগে ৰঙচুৱা পোহৰে ঠাইডোখৰ মোহনীয়া কৰি তুলিলে। শাৰী শাৰী সৰু সৰু কোঠালী সদৃশ ঘৰ কিছুমান দেখিলোঁ। প্ৰতিটো ঘৰৰ সন্মুখত একোটা ৰঙা লাইট। কিছুমান জ্বলি আছে কিছুমান নুমাই আছে। ৰঙা লাইট জ্বলি থকা ঘৰবোৰত কাঁচৰ দুৱাৰৰ সিপাৰে একোজনী সুন্দৰী। বিভিন্ন ভংগীমাত ঠিয় হৈ আছে। গাত কাপোৰ নামমাত্ৰ।  দুৱাৰখনৰ ওচৰলৈ গ’লে হাতৰ পাঁচটা আঙুলি দেখুৱাই দিয়ে। অলপ সময় মানুহৰ ৰেহৰূপ চাই বুজি পালোঁ পাঁচটা আঙুলিৰ অৰ্থ হ’ল পঞ্চাশ ইউৰো। সিমানখিনি ধন দিলে দুৱাৰখন খোল খায়, ঘৰটোৰ ভিতৰলৈ সোমাব পাৰি, পৰ্দাখন টান খায় আৰু ৰঙা লাইটটো নুমাই যায়। মানুহ ওলাই অহাৰ পিছত ৰঙা লাইটটো আকৌ জ্বলি উঠে, পৰ্দাখন আঁতৰি যায় আৰু সুন্দৰীজনী সাজি কাঁচি আকৌ কাঁচৰ দুৱাৰৰ সিপাৰে ঠিয় দিয়েহি।

 

বজাৰৰ কাঁচৰ আলমাৰিত সুন্দৰীৰ পুতলা বহুত দেখিছোঁ, কিন্তু কাঁচৰ দুৱাৰৰ সিপাৰত থকা জীৱন্ত সুন্দৰী কেতিয়াও দেখা নাছিলোঁ। ৰঙা লাইটৰ পোহৰত নিজকে সজাই পৰাই বজাৰৰ পন্য হিচাপে আগবঢ়োৱা প্ৰায় বিবসনা সুন্দৰী সকলক এফালৰ পৰা চাই গ’লোঁ। সুন্দৰী সকলক লৈ বহা সেইখন এখন বিশাল বজাৰ। বিদেশী পৰ্যটকে নিজৰ কেঁচুৱা – ল’ৰা – তিৰোতা লগত লৈয়ো সেই ৰঙা পোহৰৰ বজাৰখন ঘূৰি ফুৰিছে। মানুহেই মানুহ। কোনো লুক ঢাক নাই। আমষ্টাৰডামৰ সেয়া এক মুখ্য আকৰ্ষণ।

 

প্ৰথম বাৰৰ বাবে ৰঙা পোহৰ বা ‘ৰেড লাইট’ৰ অৰ্থ ভালদৰে বুজিলোঁ। আমাৰ পিনে যেনিবা কেৱল ডিষ্ট্ৰিক্ট নুবুলি এৰিয়া বুলি কোৱা হয়।

এসময়ত ৰঙা পোহৰৰ বজাৰখন চাই চাই আমনি লাগিল। ৰাতি বেছি হোৱাত কেইজনমানে মিলি টেক্সী লৈ হোটেল পালোঁহি।

 

মুম্বাইৰ মাৱালি

 

 

 

মুম্বাই চহৰ। কলিকতাৰ পৰা সপত্নীক ৰে’লেৰে গৈ ৰাতি দহমান বজাত মুম্বাই পাইছোঁ।

 

মুম্বাইত আমাৰ গন্তব্য স্থল হ’ল জুহুত থকা আমাৰ কোম্পানীৰ গেষ্ট হাউছ। দাদৰ ষ্টেচনত নামিলে জুহুলৈ বাট চমু হয় বুলি এজন সহযাত্ৰীৰ পৰা গম পাই আমি দাদৰতে নামি দিলোঁ।

 

ষ্টেচনৰ প্লেটফৰ্মত টেক্সীৱালাৰ ভিৰ। কপালত তিলক লগোৱা এজনে আহি ক’লৈ যাম সুধি সুধি ব্যতিব্যস্ত কৰি তুলিলে। জুহুলৈ যাম বুলি ক’বলৈহে পালোঁ তেওঁ এনেখন কৰিলে যেন আমি জুহুত তেওঁৰ ঘৰলৈকে যাবলৈ ওলাইছোঁ।

 

“জুহুতেই মোৰ ঘৰ। মোৰ খন জুহুৰ লোকেল টেক্সী। এই ৰাতিখন জুহুত বাহিৰৰ টেক্সী গ’লে পুলিছে বৰ ঝামেলা কৰে। মোৰ টেক্সীত কোনো অসুবিধা নাপায়। জুহুত আপোনাৰ কোম্পানীৰ গেষ্ট হাউচলৈ আমি পেছেঞ্জাৰ নিয়েই থাকোঁ। গেষ্ট হাউছৰ পেছেঞ্জাৰ ময়েই অনা নিয়া কৰোঁ”। এনেদৰে নানান চলাহী কথাৰে মানুহজনে আমাক তেওঁৰ টেক্সীত বহিবলৈ বাধ্য কৰালে। আমাৰ বস্তু বাহানিবোৰ ডিকিত সুমুৱাই আমি দুয়ো পিচপিনৰ চীটত বহিলোঁ।

 

টেক্সীখনৰ সমূখৰ আসনত চালকৰ লগত দঢ়ীয়া মানুহ এজন বহা দেখি মই আপত্তি কৰিলোঁ।

 

“চিন্তা নকৰিব চাহাব। এইজন মোৰ ভাই হয়। ৰাতি মুম্বাইত অকলে গাড়ী চলাবলৈ ভয়। সেই কাৰণে ইয়াকো লৈ আহোঁ”।

 

গাড়ী আগবাঢ়িল। চালক আৰু তেওঁৰ ভায়েকে সৰু সৰু মাতেৰে মাৰাঠী ভাষাত কিবা কথা বতৰা পাতি থাকিল। কিছুদুৰ যোৱাৰ পিছত হঠাতে গাড়ীখন ৰৈ গ’ল।

 

“চাহাব, গাড়ীখন বেয়া হ’ল। আৰু আগলৈ নাযায়। আপোনালোক ইয়াতেই নামি যাওক”।

 

“কি কোৱাহে? এই ৰাতিখন ক’ৰ মাজ ৰাষ্টাত আমাক নমাবলৈ আহিছা”? মই খঙেৰে ক’লোঁ।

 

হঠাতে চালকজনৰ কথাৰ সুৰ সলনি হ’ল। “নামিবলৈ কৈছোঁ নামি যাওক। তৰ্ক নকৰিব। পইছা দিয়ক আৰু ফুটক ইয়াৰ পৰা”।

 

গাড়ী চালক জনৰ ষ্পৰ্ধা দেখি খং উঠি আহিল। শ্ৰীমতীয়ে হাতত ধৰি শান্ত হ’বলৈ ক’লে।

“ব’লা নামি যাওঁ। মানুহটো ভাল নহয়। তুমি কাজিয়া নকৰিবা”।

 

“বস্তুবোৰ উলিয়াই দিয়া। আৰু কিমান পইচা হৈছে কোৱা”। আমি দুয়ো নামি আহিলোঁ।

“তিনিশ টকা”। ডিকিৰ ঢাকনি খুলি চালক জনে ক’লে।

 

“কি কোৱাহে? তোমাৰ মিটাৰত দেখুৱাই আছে এশ টকাই হোৱা নাই। তিনিশ টকা কেনেকৈ হ’লহে”? মই উভতি ধৰিলোঁ।

 

“ৰাতি তিনিগুণ ভাড়া হয়। চুপ চাপ টকা দিয়ক”।

 

শ্ৰীমতীয়ে ক’লে, “কাজিয়া নকৰিবা। দি দিয়া। মানুহটো ভাল নহয়”।

 

পইচাৰ বেগৰ পৰা পাঁচশ টকাৰ নোট এখন উলিয়াই চালক জনৰ লগত বহি দঢ়ীয়া মানুহ জনৰ হাতত দি ক’লোঁ “দুশ টকা ঘূৰাই দিয়া”। সি নোটখন হাতত লৈ মুহূৰ্তৰ ভিতৰতে দহটকীয়া এখন দেখুৱাই ক’লে, “এয়া কি পইছা দিছে? দহটকীয়া দিলে যে? তিনিশ টকা দিয়ক”।

 

চকুৰ পচাৰতে কি কিটিপত নোটখন সলনি হৈ গ’ল ধৰিবই নোৱাৰিলোঁ। “হেৰা মোক ঠগিবলৈ আহিছা নেকি? মই ভালদৰে চাই পাঁচশ টকীয়া এখন দিছোঁ। নতুন মানুহ দেখি গুণ্ডামি কৰিবলৈ আহিছা। মই পুলিছক মাতিম”। মই চিঞৰিলোঁ।

 

“নিচিঞৰিবি। পুলিচৰ কথা কৈ ভয় দেখুৱাবলৈ আহিছ। ৰাষ্টাত লাচ বনাই পেলাই থৈ যাম, চিনি পোৱা নাই”। দঢ়ীয়া জন দুৱাৰ খুলি ওলাই আহিবলৈ ক’লে।

 

“দি দিয়া। দি দিয়া। যি বিচাৰিছে দি দিয়া। মানুহটো ভাল নহয়”। শ্ৰীমতীয়ে ভয়ত চিত্কাৰ কৰি উঠিল। উপায় নাপাই এইবাৰ এখন এখনকৈ সন্মুখত গণি তিনিখন এশ টকীয়া নোট মানুহজনৰ হাতত দিলোঁ।

 

দঢ়ীয়াই ধামকৈ শব্দ কৰি দৰ্জা খন বন্ধ কৰিলে আৰু চালকজনে গাড়ীখন ষ্টাৰ্ট কৰি তীব্ৰ বেগত গুচি গ’ল। গাড়ী বেয়া হোৱাৰ নাটকখন শেষ হ’ল।

 

ৰাম ঠগন খাই বস্তু বাহানি লৈ মাজৰাতি মুম্বাইৰ ৰাজপথৰ দাঁতিত কিছু সময় থিয় হৈ থাকিলোঁ। ক’ত আছোঁ ধৰিব নোৱাৰিলোঁ। মন কৰিলোঁ ঠাই ডোখৰ আওহতীয়া। আকৌ টেক্সী ৰখাবলৈ ভয় লাগিল।

 

উপায় নাপাই অট’ এখন ধৰি কোনোমতে গেষ্ট হাউছ পালোহি। বাটত আমাৰ পৰিস্থিতিৰ কথা জানিব পাৰি অট’ চালক জনে ক’লে, “আপোনালোকৰ ভাগ্য ভাল, বস্তু বাহানি খিনি নিনিলে। কেতিয়াবা নতুন মানুহ পালে এই মাৱালিবোৰে সকলো লুটি লৈ যায়”।

 

খৰছী চহৰৰ হোটেল

 

 

পেৰিছ চহৰ। জাৰ্মানীৰ ফ্ৰেংকফ’ৰ্ট চহৰৰ পৰা দুৰন্ত বেগী ইউৰো ষ্টাৰ ৰেলেৰে আহি পেৰিছৰ গ্যেৰ দ্য নৰ্ড ৰে’ল ষ্টেছনত সন্ধিয়া সময়ত সপত্নীক উপস্থিত হ’লোঁ। এখন নতুন চহৰ। ভাষা অচিনাকী।

 

ৰে’লৰ পৰা নামি আমাৰ বেগ কেইটা কঢ়িওৱাটো এটা সমস্যা হৈ পৰিল। আমাৰ দেশৰ দৰে কুলী পাবলৈ নাই। ট্ৰ’লীও দেখা নাই। চকা নথকা বেগ কেইটা চকা থকা কেইটাৰ ওপৰত বহুৱাই কোনোমতে প্লেটফৰ্মৰ পৰা লাহে লাহে ওলাই অহিলোঁ।

 

“প্ৰি পেইড টেক্সীৰ খবৰ কৰা”, প্ৰণীতাই ক’লে। অফিছ এটা দেখি সোমাই গ’লোঁ। কাউণ্টাৰত ক’লা ছালৰ আফ্ৰিকান মানুহ এজন দেখি আশা কৰিলোঁ, তেওঁ হয়তো ইংৰাজী বুজিব। পেৰিছত বাটে ঘাটে ইংৰাজী জনা মানুহ পাবলৈ মস্কিল।

 

মানুহজনক টেক্সীৰ কথা সুধিলোঁ। তেওঁ ফৰাছী ভাষাত কিবা কিবি ক’লে। ইংৰাজী নুবুজে। তেওঁ বাৰে বাৰে “ছৰ্টি, ছৰ্টি’ বুলি কৈ ফলক এখনৰ পিনে আঙুলিয়াই দিলে। ফলক খনত কাড় চিনেৰে সৈতে ইংৰাজী বৰ্নমালাত SORTIE বুলি লিখা আছে। বুজিলোঁ সেয়া বাহিৰলৈ যোৱা পথ। SORTIE মানে ইংৰাজীৰ EXIT। তেওঁৰ কথা আৰু অংগী ভংগীৰ পৰা বুজিলোঁ, বাহিৰলৈ ওলালে আমি টেক্সী পাম।

 

ফলকত দিয়া কাড় চিন চাই চাই ষ্টেচনৰ বাহিৰ পালোঁগৈ। আমাৰ ইয়াৰ ৰে’ল ষ্টেচনৰ দৰে হায় উৰুমি নাই। দেখিলোঁ আমাৰ দৰে বহুত মানুহ টেক্সীৰ বাবে ঠিয় হৈ আছে। এখন এখনকৈ টেক্সী আহিছে, মানুহ উঠাইছে আৰু গৈছে। বুজিলোঁ সেই ঠাইত থিয় হৈ থাকিলে আমিও টেক্সী এখন পাম।

 

মন কৰিলোঁ টেক্সীবোৰে আমাৰ ওচৰত নৰয়। ভাবিলোঁ আমাৰ গাৰ বৰণ দেখি বা বিদেশী বুলি ভাবি এনে কৰিছে নেকি? ডাঙৰ চহৰৰ কথা। আও ভাও একো পোৱাই নাই।

 

অলপ সময় আন মানুহৰ ৰেহ ৰূপ চাই বুজিলোঁ যে টেক্সীবোৰক আমাৰ দেশত ৰখোৱাৰ দৰে হাত ডাঙি দিলেহে ওচৰত ৰয়। হাঁহি মাৰি প্ৰণীতাক ক’লোঁ, “ডাঙৰ চহৰ হ’লেও কথাবোৰ ইয়াতো একেই বুজিছা।  হাত ডাঙি দিলে টেক্সী ৰাখি দিয়ে”।

 

এখনৰ পিছত এখনকৈ টেক্সী হাত দাঙি ৰখাইছোঁ। কিন্তু এজন চালকেও আমাক নুঠায়। আমাৰ বেগ কেইটালৈ দেখুৱাই নিজৰ ভাষাত কিবা কিবি কয় আৰু আঁতৰি যায়। বুজি পালোঁ আমাৰ বেগ কেইটা ডাঙৰ দেখি সৰু সৰু গাড়ীবোৰত আমাক উঠাব নিবিচাৰে। আমি ইজনে সিজনৰ পিনে চাই ৰৈ থাকিলোঁ।

 

আমাৰ লগত গাড়ীৰ বাবে ৰৈ থকা মানুহবোৰ গৈ গৈ নাইকীয়া হ’ল। হয়তো আমি অকলে ৰৈ থকা দেখি এখন গাড়ী আগবাঢ়ি আহিল। চালকজনে নামি আহি ভঙা ভঙা ইংৰাজীত ক’লে যে তেওঁ আমাক নিব, কিন্তু বেগ কেইটাৰ বাবে অতিৰিক্ত ভাড়া দিব লাগিব। উপায় নাপাই তেওঁৰ প্ৰস্তাৱত মান্তি হ’লোঁ।

 

পেৰিছৰ সৰু সৰু ৰাষ্টাৰে গাড়ী আগবাঢ়িল। মাজে মাজে সৰু সৰু গলিৰে যোৱা যেনেই লাগিল। চালক জনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। দেখাত চাইনীজ যেন লগা চালকজন ভিয়েটনামী। অলপ অচৰপ ইংৰাজী বুজি পায়। ইমানবোৰ লাগেজ লৈ ভ্ৰমণ কৰাৰ বাবে তেও আমাক ককৰ্থনা কৰিলে।

 

এনেদৰে গৈ গৈ এসময়ত আমাৰ আগতে বুক কৰি থোৱা নিৰ্দিষ্ট হোটেলখন পালোঁ। এটা সৰু ৰাষ্টাত থকা এখন সৰু হোটেল। ইণ্টাৰনেটত বিচাৰি বিচাৰি আটাইতকৈ সস্তা দামত এইখন হোটেল পাইছিলোঁ। পেৰিছ পৃথিৱীৰ এখন খৰছী চহৰ। হোটেলৰ কোঠাৰ বৰ দাম।

 

হোটেলখনত দুৱাৰমুখতে এটা সৰু লবী। এজনী হাঁহিমুখীয়া ছোৱালীয়ে আমাক সম্ভাষণ জনালে আৰু আমাৰ পাছপ’ৰ্ট আৰু বুকিঙৰ কাগজ পত্ৰ পৰীক্ষা কৰি আমাৰ চতুৰ্থ মহলাত থকা কোঠাটোত সোমাব পৰা কাৰ্ড এখন দিলে। ছোৱালীজনীৰ নাম জেনিফাৰ।

 

ওপৰলৈ যাবলৈ এখন মাত্ৰ লিফট। লিফ্টখনত সোমাই আচৰিত হ’লোঁ। সেইখন পৃথিৱীৰ আটাইতকৈ সৰু লিফ্ট যেন লাগিল। এজন মাথোন মানুহ কোনোমতে লিফ্ট খনত সোমাব পাৰে। আমাৰ ইমানবোৰ বস্তু বাহানি কেনেদৰে ওপৰলৈ নিম ভাবি নাপালোঁ। ৰিচেপচনত থকা জেনিফাৰে আমাক বুদ্ধিটো দিলে।

 

মই প্ৰথমতে লিফ্টেৰে ওপৰ পালোঁগৈ। তাৰ পিছত প্ৰণীতাই এটা এটাকৈ বেগ ওপৰলৈ পঠিয়াই থাকিল। এটা বেগ নমাই মই খালি লিফ্টখন তললৈ পঠিয়াই দিওঁ, তাই আন এটা বেগ পঠিয়াই দিয়ে। এইদৰে আমাৰ চাৰিটা বেগ অহাৰ পিছত শেষৰ বাৰত প্ৰণীতা উঠি আহিল।

 

আমাৰ সস্তা দামত পোৱা কোঠটোত সোমাই হাঁহি উঠিল। তেনেই সৰু কোঠা। দুজনে শুব পৰা বিচনাখনে প্ৰায় সমগ্ৰ কোঠাটো আগুৰি আছে। আমাৰ বেগ কেইটা সুমুৱাই দিয়াৰ পিছত একেবাৰে ঠাই নাইকীয়া হ’ল। কোঠাটোৰ এমূৰে থকা বাথৰূমটোলৈ যাবলৈ বেগৰ ওপৰেৰে জপিয়াই যাব লগীয়া হ’ল।

 

ইণ্টাৰনেটত ফটো চাই বুক কৰাৰ সময়ত কোঠাটো ইমান সৰু হ’ব পাৰে বুলি ধাৰণাই কৰিব নোৱাৰিলোঁ। প্ৰণীতাক ক’লোঁ, “আমাক ঠগিলে বুজিছা। ৪৫ ইউৰো লৈ আমাক ইমান সৰু কোঠা এটা দিছে”।

 

“তেনেকুৱা যদি হৈছে কমপ্লেইন কৰা। এইবোৰ ডাঙৰ দেশতো মানুহক ঠগেনে”? তাইৰো খং উঠিল।

 

কমপ্লেইন কৰোঁ বুলি আকৌ অকণমান লিফ্ট খনেৰে তল পালোগৈ। জেনিফাৰক ক’লোঁ, “৪৫ ইউৰো ভাড়া দিছোঁ, কিন্তু আমাক ইমান সৰু কোঠালি এটা দিছে। কোঠাটো সলাই দিয়ক”।

 

তাই হাঁহি মাৰি ক’লে, “আপোনালোকৰ অসুবিধা হৈছে যদি আন হোটেললৈ যাব পাৰে। আমাৰ আন কোঠা খালি নাই”।

মোৰ খং উঠিল। “মই এই কোঠাটোৰ বাবে ৪৫ ইউৰো দি থৈছোঁ। কিয় ওলাই যাম”?

“আপোনাৰ পইছা ঘূৰাই দিম। কাৰণ এই কোঠাটোৰ বাবে আমি আজি ৬৫ ইউৰো পাম। আজি পেৰিছৰ হোটেলত কোঠা খালি নায়েই। আপুনি আগতিয়াকৈ বুক কৰা বাবেহে ৪৫ ইউৰোত পাইছে”।

শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিলোঁ। প্ৰণীতাক ক’লোঁ, “আমি ঠগ খোৱা নাই বুজিছা, খৰছী চহৰৰ হোটেল বোলে এনেকুৱাই”।

আজি খেলা শেষ

 

 

বিমানত মই আৰু প্ৰণীতা লাছ ভেগাছৰ পৰা ডেট্ৰ’ইট অভিমুখে গৈ আছোঁ। ডেট্ৰ’ইটত কৃষাণু দা হঁতৰ ঘৰত আলহী হোৱাৰ কথা। উৰা মৰাৰ আগতে প্ৰণীতাই প্ৰিয়ংকাৰ লগত কথা পাতিছে। দুয়ো আহিব এয়াৰপোৰ্টলৈ আমাক আদৰণি জনাবলৈ।

 

ডেট্ৰ’ইট পাওঁ পাওঁ হৈছে। বিমানখনৰ উচ্চতা কমিছে। খিৰিকীৰে কেৱল বগা বগা বৰফ দেখিছোঁ। মাৰ্চৰ প্ৰথম সপ্তাহতো চহৰখন বৰফৰ চাদৰে আৱৰি ৰাখিছে।

 

বিমানখন অৱতৰণ কৰি ৰাণ-ৱে’ত দৌৰিবলৈ ধৰিলে। কিছু আগবঢ়াৰ পিছতে ব্ৰেক মাৰি এটা প্ৰচণ্ড জোকাৰণিৰে বিমানখন ৰৈ গ’ল। ছীট বেল্ট নথকা হ’লে উফৰি পৰিলোঁহেতেন।

 

এইদৰে ৰাণ ৱে’ৰ মাজতে বিমানখন ৰৈ যোৱা বাবে সকলো চিন্তিত হ’ল।

 

“এটা বিশেষ কাৰণত আমি ৰৈ দিবলগীয়া হৈছে, যাত্ৰী সকলে ধৈৰ্য ধৰি বহি থাকক”, পাইলটে ঘোষণা কৰিলে।

 

আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি আচৰিত কথা নহয়। যাত্ৰীসকলে কোৱা কুই কৰিলে, হয়তো তেনেকুৱা এটা ঘটনাই হ’ব পাৰে। বাৰে বাৰে ওচামা বিন লাডেনৰ মুখ খন মনলৈ আহিবলৈ ধৰিলে।

 

বিমান পৰিচাৰিকা গৰাকীয়ে বিপদৰ সময়ত বিমানৰ পৰা ওলাই যাবলৈ কি কি কৰিব লাগিব, আকৌ  ক’বলৈ ধৰিলে। অলপ সময়ৰ পিছতে সমুখৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে। প্ৰণীতাক ক’লোঁ, “আজি খেলা শেষ যেন পাইছোঁ। ভগবানৰ নাম লোৱা”।

 

অলপ সময়ৰ ভিতৰতে বিমানখন চাৰিওপিনৰ পৰা ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে আগচি ধৰিলে। বিমানৰ বাহিৰত সেনাৰ পোচাক পিন্ধা লোক, কাৰিকৰী লোক আদিৰ ব্যস্ততা দেখা গ’ল।

 

পাইলটে কৈ থাকিল, “বিলম্বৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কিছু সময় ধৈৰ্য ধৰক”। ধৈৰ্য নহয়, আমি ভয়তে পেপুৱা লাগিহে বহি থাকিলোঁ।

 

কিছুমান মানুত বিমানৰ ডেউকাৰ তলত সোমাল, কিছুমানে সমুখ ভাগত কিবা কিবি কৰিলে। পেঁ  পেঁ কৈ চাইৰেণ বজাই গাড়ীবোৰ অহাযোৱা কৰিবলৈ ধৰিলে। শ্বাস ৰুদ্ধকৰ মুহূৰ্ত কেইটামান অতিবাহিত হ’ল।

 

কিছু সময় পিচত বিমান সুৰক্ষা বাহিনীৰ লোকে বিমানত প্ৰৱেশ কৰিলে।

 

“চিন্তা নকৰিব। ককপিটৰ পৰা ধোঁৱা ওলোৱা বন্ধ হৈছে। আমি বুজিব পাৰিছোঁ যে সেয়া কাৰিকৰী বিজুতিহে আছিল”, পাইলটে ঘোষণা কৰিলে। আমাৰ মুখত পানী আহিল। অলপ সময় পিছতে বিমানখন চলিবলৈ ধৰিলে।

বিমানকোঠত নমাৰ পিছতো আমাৰ লাগেজবোৰ নমাবলৈ বহুত সময় ল’লে। প্ৰতিটো লাগেজ আকৌ পৰীক্ষা কৰিলে। লাগেজ কেইটা নোপোৱালৈ টেনচনত থাকিলোঁ।

কৃষাণু দাহঁত বহুসময় অপেক্ষা কৰি আছিল। তেওঁলোকক লগ পাইহে নতুন জীৱন পোৱা যেন লাগিল।

“আজি খেলা শেষ বুলিয়েই ভাবিছিলোঁ”, কৃষাণু দাক ক’লোঁ।

“তেওঁলোকে ককপিটৰ ধোঁৱা ওলোৱা দেখি টেৰ’ৰিষ্ট এটেক বুলি ভাবিলে। তেনে ঘটনা হ’লে তেওঁলোকে সুৰক্ষাৰ অনুশীলনো কৰে। এনেকুৱা খেলা আমেৰিকাত চলিয়েই থাকে”। কৃষাণু দাই ক’লে।

 

নিউ জাৰ্চিৰ শক্তিমান

নিউ জাৰ্চি চহৰ। মোৰ কলেজীয়া বন্ধু প্ৰবীণৰ ঘৰলৈ আহিছোঁ। ইমান দিনৰ মূৰত মোক লগ পাই তাৰ স্ফূৰ্তিৰ অন্ত নাই। ঘৈণীয়েক লীণাৰ আগত পুৰণি কথাবোৰ উলিয়াইছে, “হোষ্টেলত থাকোঁতে জানানে, ইয়াৰ মাজতে বডী বিল্ডিং কৰাৰ চখ হৈছিল”।

“বডী বিল্ডিং”? লীণাই আচৰিত হৈ মোলৈ চালে। তাই হয়তো মোলৈ চাই মনে মনে ভাবিলে এইটো কোনোপধ্যে বডী বিল্ডিং কৰা চেহেৰা হবই নোৱাৰে।

“ই সদায় সন্ধিয়া সন্ধিয়া জিমলৈ গৈ লোহা ডাঙিছিল”। প্ৰবীণক আজি আৰু ৰখাব নোৱাৰি।

“আৰু ৰাতি হোষ্টেলত দকচি খাইছিল”।

লীণা আৰু প্ৰবীণৰ হাঁহিৰ কলৰৱ উঠিল। ই সকলো কথা গোমৰ ফাঁক কৰে বুলি মই ভয়েই খাই গৈছিলোঁ।

“আৰু ইয়াৰ বডী বিল্ডিং ইমানেই ফেমাছ হৈছিল যে ইয়াক আমি বডী বুলি মাতিছিলোঁ”।

মই হাঁহিত যোগ দিয়াৰ বাহিৰে অন্য উপায় নাছিল। প্ৰবীণে মোক এতিয়াও বডী বুলিয়েই মাতে। সেই কথা লীণায়ো জানে।

প্ৰবীণে মোক তাৰ গাড়ীত ফুৰাবলৈ লৈ গ’ল।

“ব’ল বডী, মই তোক আজি নিউ জাৰ্চিৰ বডী বিল্ডিং ক্লাব দেখুৱাম”।

গাড়ীত গৈ থাকোঁতে এঠাইত দেখিলোঁ ৰাষ্টাটো বেয়া। মাজে মাজে খলা বমা আছে। কাষেৰে আন এটা ৰাষ্টা বনাই আছে। ডাঙৰ ডাঙৰ মেচিন আৰু মানুহ ব্যস্ত হৈ আছে।

“মূল পথটো বনাই আছে। আমি সেইকাৰণে বাইপাছেদি আহিছোঁ। এইখিনিতে ৰাষ্টাটো অলপ বেয়া। বডী, এইখিনিত তোৰ ইণ্ডিয়া যেন লগা নাইনে”?

লাগিছে। পিছে আমাৰ তাত ৰাষ্টা ইয়াতকৈও বেয়া। দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ ৰাষ্টা ভাল কৰোঁতে তিনি বছৰ মান লাগিছিল। মই মনতে ভাবি ভাবি গৈ থাকিলোঁ।

“কিমান দীঘল ৰাষ্টা বনাই আছে”? প্ৰবীণলৈ চাই সুধিলোঁ।

“দহ মাইল মান হ’ব”।

কেতিয়াৰ পৰা বনাইছে”?

“যোৱাকালিৰ পৰা আৰম্ভ কৰিছে”।

মই ভাবিলোঁ দহ মাইল ৰাষ্টা বনোৱাতো ধেমালি কথা নহয়। হয়তো আৰু দুমাহমান প্ৰবীণ হঁতে এই বেয়া ৰাষ্টাৰে অহা যোৱা কৰিব লাগিব।

“ৰাষ্টাটো বনাবলৈ কিমান দিন লাগিব”? এনেয়ে সুধি দিলোঁ।

সি যিটো উত্তৰ দিলে মই কিছুপৰ হতবাক হৈ তাৰ পিনে চাই থাকিলোঁ।

“কাইলৈ আবেলি মানে ৰাষ্টাটোৰে গাড়ী চলিব পৰা হ’ব। পৰহিলৈ তোক ড্ৰপ কৰিবলৈ আমি নতুন ৰাষ্টাটোৰে এয়াৰপোৰ্টলৈ যাম”।

“তহঁতৰ ইয়াত মেন থাকেনে হি মেন থাকে? শক্তিমান টাইপ কিবা আছে নেকি? ইমান ফটাফট কেনেকৈ কাম কৰে”? ধেমালি কৰি সুধিলোঁ।

“ইয়াত বডী বিল্ডিং ক্লাৱ এনেয়ে আছে বুলি ভাবিছ নেকি”? প্ৰবীণে ঢেকঢেককৈ হাঁহিলে।

 

ফ্ৰান্সৰ পুলিছ ষ্টেচনত এদিন

 

 

ফ্ৰান্সত সাগৰৰ পাৰৰ এখন ধুনীয়া চহৰ নিচ। লিখোতে ইংৰাজীত Nice লিখে, পিচে উচ্চাৰণ কৰে নিচ বুলি। সাগৰৰ পাৰত পিচে বালি নাই। শিলাময়। সাগৰৰ পাৰতে থকা ধুনীয়া হোটেল B4 Plaza ত দুদিনৰ বাবে সপৰিয়ালে আছিলোঁ।

 

সাগৰৰ পাৰৰ ধুনীয়া ঠাই ডোখৰত বেপৰোৱা হৈ ঘূৰি ফুৰিছিলোঁ। এখন পুতলা ৰেলত উঠি  চহৰখন পৰিভ্ৰমন কৰিছিলোঁ। চহৰখনৰ সৰ্বোচ্চ পাহাৰৰ চূড়ালৈকো ৰেলখনে লৈ গৈছিল।  তাৰ পৰা ৰ লাগি চাইছিলো ফ্ৰান্সৰ সমুদ্ৰ তীৰৰ সেই মনোমোহা চহৰ খনৰ সৌন্দৰ্য্য। চহৰ খনৰ অলিয়ে গলিয়ে খোজ কাঢ়ি ঘূৰি ফুৰিছিলোঁ। লগৰ অশোক আৰু তেওঁৰ পৰিয়ালে আমাক ফুৰোঁতে সংগ দিছিল।

 

নিচৰ নিচেই ওচৰত আন এখন ধুনীয়া চহৰ কাঁ (Cannes)। কাঁত প্ৰতিবছৰে বিশ্ব চলচিত্ৰ মহোত্সৱ অনুস্থিত হয়। ভাৰতৰ পৰা বলিউডৰ বহুতো শিল্পী কাঁলৈ যায়।

 

আমি নিচত থাকোতে গম পালোঁ এসপ্তাহ পিচতে কাঁত চলচিত্ৰ মহোত্সৱ অনুস্থিত হ’ব। পেপাৰত ওলাইছে ঐশ্বৰ্য ৰায় মহোতসৱৰ বিশেষ আকৰ্ষণ। শুনিবলৈ পালোঁ মহোতসৱৰ চহৰখন ইতিমধ্যে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

 

আমাৰ হাতত এটা দিন আছে। আন পৰিকল্পনা বাদ দি আমিও কাঁলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। খবৰ লৈ গম পালোঁ যে বাছত কম খৰছতে কাঁলৈ যাব পাৰি। মাথোন এঘণ্টাৰ বাট।

 

কাঁলৈ যাবলৈ বুলি বাছ ধৰিবলৈ আমি  ট্ৰাম এখনত উঠিলোঁ। মাত্ৰ দুটা ষ্টপেজ। পিচে ট্ৰামত যথেষ্ট ভীৰ। বহিবলৈ চীট খালি নাই। আটায়ে ওপৰৰ বাৰত ধৰি ঠিয় হ’লোঁ। ল’ৰা ছোৱালী দুটিৰ হাতত ধৰি থাকিলোঁ।

 

“‘মোৰ বেগৰ পাৰ্চটো নাই”, ট্ৰামৰ পৰা নামিয়েই প্ৰণীতাই  চিঞৰি উঠিল, ।

 

বুকুখন কঁপি উঠিল। ফ্ৰান্সৰ পকেটমাৰৰ বহুত কাহিনী আগতে শুনিছোঁ। বেগটো চাই দেখিলোঁ বেগটোৰ চেইন ডাল খোলা। ইফালে সিফালে চালোঁ ট্ৰামৰ পৰা নামোতে কৰবাত পৰিল নেকি, নাই। বুজিবলৈ বাকী নাথাকিল যে কোনোবাই পকেট মাৰিলে।

 

মন বেয়া লাগিল। কাঁলৈ যোৱাৰ পৰিকল্পনা বাদ দি হোটেললৈ ঘূৰি আহিলোঁ।

 

হোটেলত কথাটো জনালোঁ। পাৰ্চটোত ভাগ্যে পাচপোৰ্ট, টিকট, ইঊৰো মুদ্ৰা আদি একো নাছিল। কিছু ভাৰতীয় টকা আছিল। লাগতিয়াল বস্তুৰ ভিতৰত আছিল ঘৰৰ মূল দুৱাৰৰ চাবিকোচা, দৰৱ কিছুমান আৰু প্ৰণীতাৰ পৰিচয় পত্ৰ।

 

আমাৰ ঘটনাটোৰ বিষয়ে জানিব পাৰি হোটেলৰ ৰিচেপচনত থকা মানুহজনে জোৰ দি ধৰিলে যে আমি পুলিচ ষ্টেচনলৈ গৈ এটা ৰিপোৰ্ট দিব লাগে। এনেদৰে সমূহীয়া পৰিবহন ব্যৱস্থাত বস্তু চুৰি হ’লে বা পকেট মাৰিলে পুলিচক জনোৱাটো এটা নিয়ম। ভাগ্য ভাল থাকিলে আমি হেৰোৱা বস্তু পায়ো যাব পাৰো।

 

“বাদ দিয়া, কি হ’ব এইবোৰ পুলিছৰ ওচৰলৈ গৈ। মোৰ যাবলৈ মন নাই”। প্ৰণীতাই পাৰ্চটো হেৰোৱা বাবে ক’লৈকো ওলাবলৈ মন কৰা নাই।

 

“নহয়, চেষ্টা এটা কৰি চাওঁ। কি ঠিক আমি হেৰোৱা বস্তুটো কিজানি বিচাৰি পাৱেঁই”। মই আশ্বাস দিলোঁ।

 

মই মোৰ ল’ৰাটোক লগত লৈ ওলালোঁ পুলিচ ষ্টেচন বিচাৰি। ফ্ৰান্সত ঠাই বিচৰৰ্টো ইমান সহজ নহয়। বেচিভাগ মানুহে ইংৰাজী নাজানে বা জানিলেও সহায় কৰিব নিবিচাৰে। সোধা পোচা কৰি খোজকাঢ়ি ওলালোগৈ স্থানীয় পুলিচ ষ্টেচনত।

 

“মই এটা ৰিপোৰ্ট দিবলৈ আহিছোঁ। এটা পাৰ্চ হেৰাইছে”, আদৰণি কক্ষত থকা পুলিছ এজনক ক’লোঁ। মই ইংৰাজী কোৱা কাৰণে মোক অলপ অপেক্ষা কৰিবলৈ দিলে ইংৰাজী জনা অফিচাৰ এজন অহালৈ। ফৰাচী পুলিচ ষ্টেচনৰ ৰেহ ৰূপ চাই চকী এখনত বহি থাকিলোঁ।

 

পুলিচ ষ্টেচনটো কোনোবা হোটেলৰ লবীৰ দৰেই লাগিল। হোটেলৰ দৰে এটা আদৰণি কক্ষ থাকে। তাত নিজৰ সমস্যাৰ কথা ক’লে কি কৰিব লাগিব জানিব পাৰি। আমাক ভিতৰৰ কোঠা এটালৈ যাবলৈ দিলে। দেখিলোঁ সেই কোঠাটোত এজন অফিচাৰে সজাই থোৱা চকী মেজ বা চোফাত বহি মানুহৰ লগত কথা পাতে, সমস্যাৰ বিষয়ে সবিশেষ লয় আৰু কথাখিনি কাগজত লিখি লয়। গোটেই ব্যৱস্থাটো বৰ নিয়াৰিকৈ কৰি থকা দেখা পালোঁ। আমাৰ দেশৰ পুলিচ ষ্টেচনৰ লগত তুলনা নহয়।

 

এটা সময়ত ইংৰাজী জনা অফিচাৰ জন আহিল। তেওঁ আমাক কম্পিঊটাৰ এটাৰ ওচৰলৈ লৈ গ’ল। কম্পিউটাৰত ইংৰাজী, ফৰাচী, ইটালিয়ান, জাৰ্মান আদি ইউৰোপত প্ৰচলিত প্ৰায় সকলো ভাষা থকা সূচী পত্ৰ (Menu) এখন ওলাই থাকে। তাৰ পৰা ইংৰাজী ভাষা বাচি লৈ স্বয়ংক্ৰিয় ভাৱে ওলাই থকা প্ৰশ্ন কিছুমানৰ উত্তৰ কৰিবলৈ দিলে। প্ৰশ্নবোৰৰ উত্তৰত মোৰ নিজৰ পৰিচয় আৰু ঠিকনাৰ সবিশেষ দিয়াৰ উপৰিও গোটেই ঘটনাটোৰ আদ্যোপান্ত বিৱৰণ দিবলগীয়া হ’ল। মূল্যবান বস্তু কি কি আছিল, প্ৰত্যেকৰে দাম কিমান লিখিবলগীয়া হ’ল। হেৰোৱা বস্তু কেইপদৰ আনুমানিক মূল্য ইউৰোৰ হিচাপত নগন্যই হ’ল। উত্তৰ কৰিবলৈ প্ৰায় আধা ঘণ্টা মান সময় লাগিল।

 

সেইখিনি কাম হৈ যোৱাৰ পিচত অফিচাৰ জনে মই কম্পিউটাৰত লিখা কথাখিনিৰ এটা প্ৰিণ্ট লৈ আহিল। তাৰ পিচত তেওঁ চোফাত বহাই মোৰ পৰা একেখিনি কথা মূখেৰে কোৱালে আৰু কথাবোৰ মিলিচেনে নাই চাই গ’ল। মই অতিৰিক্ত কিবা ক’লে লগে লগে নোট কৰি গ’ল। এই প্ৰক্ৰিয়াটোত আৰু আধা ঘণ্টা মান সময় লাগিল। তাৰ পিচত গোটেই কথাখিনি সাঙুৰি তেওঁ কম্পিউটাৰত বহি ৰিপোৰ্ট এটা বনাই প্ৰিণ্ট কৰি আনিলে। মই যথা স্থানত চহী কৰিবলগীয়া হ’ল। ৰিপোৰ্টৰ এটা কপি ভাৰতত মই থকা ঠাইৰ পুলিচ ষ্টেচনত জমা দিবলৈ ক’লে।

মোক আশ্বাস দিলে যে দুই এদিনতে তেওঁলোকে অপৰাধীক বিচাৰি উলিয়াব আৰু বিচাৰি পালেই মোৰ চহৰৰ পুলিচ ষ্টেচনৰ জৰিয়তে মোক খবৰ দিব। নিচ চহৰৰ পৰা পিচদিনাই আমাৰ ৰাওনা হ’বলগীয়া আছিল। সেয়ে ধৰি ল’লোঁ পাৰ্চটো বিচাৰি পোৱাৰ আশা কৰাটো বৃথা। তাতে পাৰ্চটোত অতি মূল্যবান নাছিল।

পুলিচ ষ্টেচনৰ পৰা আহোঁতে ফাৰ্মাচীত সোমাই পাৰ্চটোৰ লগত হেৰোৱা অত্যাৱশ্যকীয় দৰৱ দুটামান বিচাৰিলোঁ। একে কম্পজিচন থকা দৰৱ আমাৰ দেশৰ মুদ্ৰাৰ তুলনাত প্ৰায় পঞ্চাশ গুণ দাম দি কিনিবলগীয়া হ’ল।

নিচৰ পৰা ওভতা যাত্ৰাত বাছত বহি থাকোঁতে চিলমিল টোপনিত দেখিলোঁ বিদেশ ভ্ৰমন সামৰি নিজৰ ঘৰৰ দুৱাৰ দলি পাই হাতুৰি বটালি লৈ তলা ভঙাৰ দৃশ্য যিটো পিচলৈ সঁচাকৈয়ে দিঠকত পৰিণত হ’ল।

শেষত – পাৰ্চটো বিচাৰি পোৱা গ’লনে নাই সেই খবৰ আজিলৈকে নাপালোঁ। আমাৰ স্থানীয় পুলিছ ষ্টেচনত ৰিপোৰ্টাটো দেখুৱাইছিলোঁ। তেওঁলোকে কোনো গুৰুত্ব নিদিলে।

 

লছ এঞ্জেলেছৰ চিটীবাছ

 

 

 

 

লছ এঞ্জেলেছ চহৰ। মাত্ৰ দুদিনৰ বাবে চহৰখনলৈ আহি সপত্নীক এখন হোটেলত উঠিছোঁ। এয়াৰপোৰ্টৰ ওচৰতে থকা এখন কম দামৰ হোটেল। সস্তা হোটেল বিচাৰি ট্ৰেভেল এজেণ্টে এইখন হোটেল আমাক বিচাৰি দিছে।

 

সন্ধিয়া সময়ত হোটেলত পদাৰ্পন কৰিলোঁ। হোটেলৰ লবীত উত্তাল সংগীত বাজি আছে। সেই সংগীতৰ তালে তালে নৃত্যৰত ডেকা গাভৰু কেইহালমান। হোটেলৰ পৰিৱেশ আচহুৱা যেন লাগিল। পিছে সেইখন হোটেলতে আগতীয়া বুকিং থকা বাবে উপায় নাই।

 

ৰিচেপচনত থকা কৃষ্ণবৰ্ণৰ মহিলাগৰাকীৰ কথা কোৱাৰ ভংগী আৰু চাল চলন বেপৰোৱা। আমেৰিকাৰ আন চহৰবোৰত দেখা ৰিচেপচনিষ্টৰ শালীনতা আৰু বিনয় নাই। আমাৰ ইংৰাজী উচ্চাৰণ বুজিব নোৱাৰি বাৰে বাৰে ‘হোৱাট’ বুলি ভেকাহি মাৰি উঠে। সংগীতৰ তালে তালে তেৱোঁ মাজে মাজে নাচি উঠে। মানুহজনী নিচাত থকা যেন লাগে।

 

প্ৰণীতাই বাৰে বাৰে সকীয়াই আছে, “এইখন হোটেলত কিবা ভয় ভয় লাগিছে। বেলেগ এখন বিচাৰোঁ ব’লা”।

 

“আগতীয়া পইছা দি বুক কৰা হোটেলখন এৰি ক’তনো হোটেল বিচাৰি ফুৰিম। থাকোঁ দিয়া। দুদিনহে”। আমেৰিকাত হোটেল বিচাৰি ফুৰাটো ধেমালি কথা নহয়। এখন যদি ইয়াত, আনখন দুই মাইল আঁতৰত।

 

ৰিচেপচনৰ ফৰ্মেলিটী শেষ কৰি নিৰ্দিষ্ট কোঠালৈ আগবাঢ়িলোঁ। সমগ্ৰ হোটেলখনতে যেন এক উত্সৱমুখৰ পৰিৱেশ। মানুহে বেপৰোৱাকৈ ছিগাৰেট খাইছে, মদ খাইছে, উচ্চস্বৰে হাঁহিছে, এজনে আনজনৰ গাত থপৰিয়াই কথা পাতিছে। তেতিয়াহে মন কৰিলোঁ হোটেলৰ কৰ্মচাৰীকে ধৰি প্ৰায়বোৰ থকা মানুহ ক’লা বৰণৰ, নিগ্ৰো। আমেৰিকাত তেওঁলোকক আফ্ৰিকান আমেৰিকান বুলি কয়।

 

আমাৰ কোঠাটোও তেনেই সাধাৰণ। হোটেলত হুলস্থুলত থাকিব নোৱাৰি ওলাই আহিলোঁ। এজন মানুহে আমাৰ লগত উপযাচি চিনাকী হ’ল। আমি ইণ্ডিয়াৰ পৰা যোৱা বুলি জানিব পাৰি ভাল পালে। দেখিলোঁ সেই মানুহখিনিৰ মাজত আমেৰিকান সকলৰ পোচাকী ভদ্ৰতা নাই। নিজৰ মাজতে স্ফূৰ্তি তামাছা কৰি ভাল পোৱা এচাম মানুহ। দেখিলেই বুজিব পাৰি তেওঁলোক আমেৰিকাৰ কম উপাৰ্জন কৰা লোক। হয়তো বহুতেই ফেক্টৰী, কাৰখানাত কাম কৰা মানুহ।

 

হোটেলৰ ৰিচেপচনত ইউনিভাৰ্চেল ষ্টুডিঅ’ যাবলৈ কি ব্যৱস্থা আছে খবৰ কৰিলোঁ। অহা যোৱা কৰিবলৈ টেক্সীৰ ব্যৱস্থা আছে। কিন্তু দাম দেখি চকু কপালত উঠিল। ১০০ ডলাৰমান অহা যোৱা কৰোঁতেই খৰছ হ’ব।

 

“আপোনালোকে ক’ত ক’ত ফুৰিব”? চিনাকী হোৱা মানুহজনে আগবাঢ়ি আহি সুধিলে।

“লছ এঞ্জেলেছলৈ আহিছোঁ যেতিয়া ইউনিভাৰ্চেল ষ্টুডিঅ’লৈ যাবই লাগিব। পিছে অহা যোৱাতেই ইমান খৰছ”। মানুহজনক মনৰ কথা ক’লোঁ।

 

“মই আপোনালোকক একেবাৰে সস্তাত যাব পৰা উপায় এটা দিম”, মানুহজনে ক’লে।

“কওকচোন, কওক”, আগ্ৰহেৰে মানুহজনৰ মুখলৈ চালোঁ।

 

“আপোনালোকে চিটী বাছত যাওক। এখন বাছ মাত্ৰ সলনি কৰিব লাগিব। অতি কম খৰছতে ইউনিভাৰ্চেল ষ্টুডিঅ’ চাই আহিব পাৰিব”। মানুহজনে ক’লে।

 

আমেৰিকাত মানুহে চিটী বাছত কমেই উঠে। বহুতে চিটী বাছ আছে বুলি নাজানেই।

 

সাধাৰণতে দুখীয়া মানুহ বোৰেহে হেনো চিটী বাছত ভ্ৰমণ কৰে। সেইখন দেশত আমিও হয়তো দুখীয়াৰ শাৰীতে পৰোঁ।

 

মানুহজনে বাছৰ নম্বৰবোৰ দিলে। ইণ্টাৰনেটত নম্বৰবোৰ ঠিকে আছেনে চাই ল’লোঁ। ক’ৰ পৰা কেনেকৈ বাছ ধৰি ক’ত নামিব লাগিব, ক’ৰ পৰা বেলেগ বাছ ধৰিব লাগিব চাই ল’লোঁ।

 

পিছদিনা ৰাতিপুৱা খোজকাঢ়ি গৈ বাছ ষ্টেচন বিচাৰি উলিয়ালোঁ। বাছৰ নম্বৰবোৰ লিখি আনিছিলোঁ। একো সমস্যা নহ’ল। বাছবোৰত মানুহ কম। বেছিভাগ যাত্ৰীয়েই ক’লা বৰণৰ। সেই একেই উচ্চস্বৰে কথা পাতে, বেপৰোৱাকৈ হাঁহে। আমি অৱশ্যে আৰামত গৈ ইউনিভাৰ্চেল ষ্টুডিঅ’ পালোঁ।

 

ইউনিভাৰ্চেল ষ্টুডিঅ’ত দিনটো কটাই বাছতে উভতি আহিলোঁ। আহোঁতে মাজতে নামি ‘হলিউড ৱাক অফ ফেম’ চাই আহিলোঁ। আমাৰ অহা যোৱাত খৰছ হ’ল গাইপতি পাঁচ ডলাৰকৈ মুঠেই দহ ডলাৰ।

 

জাৰ্মানীৰ টেক্সি ড্ৰাইভাৰ

২০০৮ চনত আমেৰিকাৰ পৰা প্ৰশিক্ষণ এটাৰ পৰা সপত্নীক উভতি আহোঁতে জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰ হৈ আহিছিলোঁ। আমি ফ্ৰেংকফুৰ্টৰ পৰা ৰেলেৰে গৈ পেৰিছ চাই আকৌ ফ্ৰেংকফুৰ্টলৈ উভতি আহি হোটেল এখনত আছিলোঁ। বিমান কোঠলৈ যাবলৈ প্ৰি পেইড টেক্সী মাতি আমি হোটেলৰ লবীত অপেক্ষা কৰি আছিলোঁ। অলপ সময় ৰোৱাৰ পিছতে এজন ওখ পাখ বগা বৰণৰ মানুহে আমাক জাৰ্মান ভাষাতে সুপ্ৰভাত সম্ভাষণ জনাল, ‘হালো, গুটেন মৰ্গেন’। জাৰ্মান ভাষা নাজানো বাবে তেওঁক ইংৰাজীতে উত্তৰ দিলোঁ, “গুড মৰ্ণিং”।

তেওঁ পিছ মুহূৰ্ততে ইংৰাজীত সুধিলে, “ফ্ৰম ইণ্ডিয়া”? আমি “য়েছ” বুলি কৈ মূৰ জোকাৰিলোঁ। তেওঁ আমাক তেওঁৰ টেক্সী খনৰ পিনে আগবঢ়াই লৈ গ’ল।

 

টেক্সী চলিবলৈ লোৱাৰ পিছতে আমাক আচৰিত কৰি গাড়ীৰ ষ্পীকাৰত বাজিবলৈ ধৰিলে হিন্দী চিনেমাৰ গান। আমাৰ মুখত হাঁহি বিৰিঙি উঠিল।

 

“ইয়াতেও হিন্দী গান বজোৱা ৰেডিঅ’ চেণ্টাৰ আছে নেকি”? মই ইংৰাজীতে সুধিয়েই দিলোঁ।

 

“নাই। এয়া মোৰ ব্যক্তিগত সংগ্ৰহ”। টেক্সী চালকজনে গম্ভীৰ ভাৱে ইংৰাজীতেই ক’লে।

 

“আপুনি জাৰ্মান হৈয়ো হিন্দী গান শুনে”? মই আচৰিত হ’লোঁ। মানুহজনৰ আৱ ভাৱ, কথা বতৰা সাইলাখ এজন জাৰ্মানৰ দৰে।

 

মোৰ কথা শুনি তেওঁ হাঁহিলে। “আপোনালোকক দেখি মই ইণ্ডিয়ান বুলি চিনি পাইছোঁ, অথচ মোক দেখি আপোনালোকে একো ধৰিব পৰা নাই নহয়নে”? মানুহজনে কেৰাহিকৈ মোৰ পিনে চালে।

 

“নাই পৰা। পিছে আপুনিনো আমাক দেখিয়েই ইণ্ডিয়ান বুলি কেনেকৈ গম পালে”? মোৰ আৰু শ্ৰীমতী উভয়ৰে পিন্ধনত পশ্চিমীয়া সাজপাৰ।

 

“ইণ্ডিয়ান মানুহ আমি ভালদৰেই চিনি পাওঁ। আপোনাৰ পত্নীৰ শিৰত থকা সেন্দুৰকণেই আপোনালোকক ইণ্ডিয়ান বুলি চিনাকী দিবলৈ যথেষ্ট”। তেওঁকৈ গ’ল।

 

মানুহজনে ভাৰতৰ কথা ইমানকৈ জানে কাৰণে ভাল লাগিল। আগতেও শুনিছিলোঁ জাৰ্মান সকলে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত, বহুতো জাৰ্মানে সংস্কৃত ভাষা শিকে।

 

মনৰ খুদুৱনি মাৰিবলৈ টেক্সী চালক জনক আকৌ ইংৰাজীতে সুধিলোঁ, “আপুনি হিন্দী ভালদৰে বুজি পায়নে”?

 

মানুহজনে মোৰ পিনে ঘূৰি চাই হাঁহি মাৰি শুদ্ধ হিন্দীত উত্তৰ দিলে, “হমলোগ হিন্দী মে হী বাত কৰে তো বেহতৰ হোগা”।

 

আচৰিত হৈ তেওঁৰ মূখলৈ চাই সুধিলোঁ, “আপ ভি ইণ্ডিয়ান হো”?

 

তেওঁ গহীনাই ক’লে, “আপ মুঝে ইণ্ডিয়ান হী বোল চকতে হো। লেকিন মে পাকিস্তান চে আয়া হু”।

 

তেওঁ কৈ গ’ল, “বহুত বছৰৰ পৰা ইয়াতে আছোঁ। বাইশ বছৰ হৈ গ’ল। কিন্তু এতিয়াও মই হিন্দী চিনেমাৰ কাৰণে পাগল। সুবিধা পালেই হিন্দী চিনেমা চাওঁ, হিন্দী গান শুনোঁ”।

 

“কেতিয়াবা ইণ্ডিয়া গৈছেনে”?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!