ভগৱান আহিছিল, জীৱন বেচিবলৈ (ইন্দুকল্প শইকীয়া)
ভগৱান আহিছিল, জীৱন বেচিবলৈ
নিশাৰ ভাতমুঠি খাই তেতিয়া বাৰাণ্ডাৰ চকীত বহি
আকাশৰ জোনজনীৰ লগত চুপতি মাৰি আছো,
পূৰ্ণিমাৰ নিশা –
চঞ্চলা জোনালীয়ে গালে মুখে আঁকি গৈছে
পাৰ্য্যমানে অবুজ ভাবৰ আৱেশ ।
তেনেতে আহি ওলাল ভগৱান ।
গেৰুৱা পাঞ্জাৱী, মলিয়ন ধূতি, মূৰত বগা টুপী,
টুপীত গুজি লোৱা ময়ুৰৰ পাখি,
আৰু কান্ধত ওলোমাই সেই চিনাকী বেগটি!
মই কিবা কোৱাৰ আগতেই তেওঁ মোৰ একেবাৰে কাষলৈ আহি
মোনাৰ পৰা উলিয়াই ল’লে এটি অত্যাধুনিক “টেব”
আৰু মোক দেখুৱাই গ’ল
ইটোৰ পিছত সিটোকৈ ধুনীয়াতকৈ ধুনীয়া সপোনৰ প্ৰি-ভিউ ।
যোৱা দহ বছৰৰ পিছত ভগৱান আজি এয়া আকৌ আহিছে
মোক সপোন বেচিবলৈ ।
যেতিয়াই মোৰ বয়সৰ বোকোছাত এটা শূন্যৰ আৱিস্কাৰ হয়
ঠিক তেতিয়াই ভগৱান আহি ওলায়,
আহিব ধৰা দহ বছৰৰ বাবে মোক প্ৰয়োজনীয় সপোন বেচিবলৈ,
আহিব ধৰা জীৱনটোক আশাৰে সজাই ব্যস্ত কৰি ৰাখিবলৈ ।
আগতেও আহিছিল। দহ বছৰৰ আগতে,
তাৰো আগতে? বিশ বছৰৰ আগতে।
তেতিয়া মোৰ সপোন কিনাৰ এক মাদকতা আছিল ।
প্ৰি-ভিউ নোচোৱাকৈয়ে কৈ দিছিলো
“চহৰলৈ যোৱাৰ এটা সপোন লাগে”
“অৰ্থোপাৰ্জন কৰাৰ এটা সপোন লাগে”
নাইবা “মোক বিদেশলৈ যোৱা এটা সপোন লাগে”।
সেইমতে ভগৱানে ভাগ্যৰ পথাৰত সপোনৰ বীজ সিঁচি যায়
আৰু সময়ত সপোনৰ গছবোৰে সফলতাৰ ফুল ফুলায়,
বিনিময়ত ভগৱানৰ স্মৃতিত ধূপকাঠি গোন্ধায় ।
পাছে আজি দেখোন প্ৰি-ভিউ চায়ো সপোনবোৰ পছন্দ হোৱা নাই।
ভগৱানে দেখুৱালে বিলাতী নাগৰিক হোৱাৰ সপোন, পাৰ্থিৱ সম্পত্তিৰ সপোন,
ভক্সৱেগন গাড়ীৰ সপোন, হিৰা নন্দনীত ফ্লেটৰ সপোন,
সুখী-সংসাৰৰ সপোন, ধুনীয়া চঞ্চলা গাভৰুৰ সপোন,
প্ৰভাৱশালী হোৱাৰ সপোন, প্ৰখ্যাত হোৱাৰ সপোন ;
কিন্তু আজি কোনোটো সপোনেই তেওঁ মোক বেচিব নোৱাৰিলে।
লাহে লাহে ভগৱানৰ কপালত দুই এটোপাল ঘাম বিৰিঙিল
হয়তো তেখেতে সপোন বিক্ৰী কৰিব নোৱাৰাৰ বাবে !
স্বভাৱসুলভ এটি মিচিকি হাঁহিৰে তেওঁ মোলৈ চাই ক’লে
“এইবোৰ ভৱিষ্যতৰ বজাৰত মুক্তি পোৱা নতুন সপোন,
চাহিদা পূৰ্ণ সপোন,
তোমাক কি লাগে, কি বিচাৰি ফুৰিছা”?
মই ক’লো, “মোক এটা জীৱন লাগে, জীৱন্ত জীৱন,
ৰঙীন সপোনৰ মায়া বিহীন এক বাস্তৱ জীৱন”।
কিছুপৰ মৌন হৈ থাকি ভগৱান হঠাৎ নোহোৱা হৈ গ’ল,
হয়তো জীৱনৰ সত্যতাক উপলব্ধি কৰাৰ হাবিয়াসৰ বাবে
মোৰ ওপৰত কিছু ক্ষুব্ধ হৈয়ে গুচি হ’ল
নতুবা মই কিনিব খোজা সঁচা জীৱনৰ
প্ৰি-ভিউ ডাউনল’দ কৰিবলৈ গ’ল !!!
আলোচনী খন ভাল পাইছোঁ।