ভগৱান — উৎপল কটকী
সিদিনা মন্দিৰলৈ গৈছিলোঁ।
বিগ্ৰহৰ পৰা আৰম্ভ কৰি দেৱাল-স্তম্ভ
সকলোতে বিচাৰি ফুৰিলোঁ ভগৱানৰ অস্তিত্ব ।
পূজাৰীয়ে ক’লে- ভগৱান তোমাৰ হৃদয়তে আছে ।
ভাবিলোঁ- যদি ভগৱান হৃদয়তে থাকে,
কোটি টকীয়া মন্দিৰৰ জানো কিবা প্ৰয়োজন আছে!
মন্দিৰতে লগ পালো এক বৃদ্ধ পুৰুষক
গম পালোঁ – তেখেত বৃদ্ধাশ্ৰমৰ আবাসী।
বহু কথা ক’লে তেখেতে ,বহু কথা শুনিলোঁ মই
তাৰ পিছতো যে বহু কথা ৰৈ গ’ল নোকোৱাকৈ।
তেখেতসকলৰো যে কিমান কথা থাকে ক’বলৈ!
মই ক’লো-আপোনাক লগ কৰিবলৈ আকৌ আহিম মই।
এটা নিষ্পাপ হাঁহি তেখেতৰ মুখত জিলিকি উঠিল,
কৰ’বাত হৃদয়ৰ ভগৱান জনক দেখা যেন লাগিল।।