ভগৱান – গীতাৰ্থী গোস্বামী
“চাওঁ, দাঙি দে । ভৰিখন অকনমান বেঁকাকৈ দাঙি দে । ৰ ৰ । চেঙাতেল অকণ ঢালি দিলে য’নি মৰিব।” এখন হাতেৰে লক্ষীৰ ভৰিখন ধৰি আনখন হাতত পাণৰ ঠাৰিডাল চাকিটোত গৰম কৰি মাকে এটোপ মিঠাতেল তাইৰ ঘাঁ লগা ভৰিখনত দি দিলে।
“আইঔ ব’টি ঔ, মৰিলোঁ ঔ।” চিঞৰত গগণ ফালিলে লক্ষীয়ে। দুদিনৰ লঘোনীয়া পেট। বানত সৰ্বশ্ৰান্ত সিহঁত। পানীত খোজ কাঢ়োঁতে ফলা বাঁহে তাইৰ ভৰি কাটিলে। খোজ পেলাব নোৱাৰা হ’ল। টিনৰ ছালিতে বাস কৰা মাক আৰু তাইৰ পেটত দুদিনে খুদকন এটাও পৰা নাই। ইমান ভয়ানক বান জীৱনত প্ৰথম দেখিছে তাই। দুজনীয়া সিহঁতৰ সংসাৰত টানে আপদে সহায় কৰোঁতা কোনো নাই।
চাৰিওফালে সাগৰ। কলৰ ভূৰত উঠি মাকে ইফাল সিফাল কৰিছে। খোৱা পানীকণো নোহোৱা হৈছে। দুদিনে শুবও পৰা নাই। সাপ, বেং, কেঁচু, কুমতিৰে সহবাস কৰিছে সিহঁতে। তাইৰ ভৰিৰ ঘাঁডোখৰে এতিয়া আৰু বিপদত পেলাইছে। সাহায্য বুটলিবলৈ যাব পৰা নাই। মাকে নৰীয়া দেহাৰে ইমান দূৰ ভূৰ চলাব নোৱাৰে। কোনোবাই সিহঁতক উদ্ধাৰ কৰিবহি বুলি আশা পালি পালি অফলা পানীৰ শেষ বিন্দুটোলৈকে চাই চাই পাৰ কৰিছে দুটা দিন।
পানীৰ মাজতে গছৰ পৰা পাণ দুখিলামান ছিঙি আনি, বটলৰ তলিতে লাগি থকা মিঠাতেল অকণ লগাই মাকে তাইৰ ঘাঁ লগা ভৰিখনৰ চিকিৎসা কৰিছে।
লক্ষীৰ পিতাক নাই। তাই সৰু থাকোঁতেই নোহোৱা হ’ল। ক’ত গ’ল, কি হ’ল কোনেও নাজানে। মাকে আৰ ঘৰে, তাৰ ঘৰে, ইখন-সিখন কৰি তাইক ডাঙৰ কৰিছে।
সিহঁতৰ এজনী গৰু আছিল। গাখীৰ অলপ বেচিব পাৰিছিল। পানী অহাৰ পাছত গৰুজনী পোৱালীটোৰে সৈতে হেৰাই গ’ল। ৰাতিয়েই মূধচ চুৱা পানীৰ মাজত কথমপি নিজৰ প্ৰাণ বচোৱা লক্ষী আৰু তাইৰ মাকে সেই সময়ত গৰুৰ বিচাৰ ল’ব নোৱাৰিলে। পিছদিনা মাকে আগতেই সাজু কৰি ৰখা কলৰ ভূৰত উঠি চাৰিওফালে “কাজলী, কাজলী” বুলি চিঞৰি লক্ষীয়ে গৰু বিচাৰিলে। এঠাইত কম পানী দেখি ভূৰৰ পৰা নামি যাওঁতে ভৰিখন বাঁহে ফালিলে। কান্দি কাটি তাই অৱশ হ’ল। পানীৰ ৰুদ্ৰমূৰ্তিৰ আগত নিজকে তাইৰ বৰ অসহায় যেন লাগিল। উটি অহা মেটেকা, গছ-বন আদিৰ মাজে মাজে কাজলীক দেখে বুলি চকুৰ পলক নেপেলোৱাকৈ তাই চাই ৰ’ল। সেউজীয়াবোৰো কালসৰ্প যেন লগা হৈছে। কোনোফালে ভাল লগা একোৱেই নাই।
হঠাতে দূৰত ৰিণিকি ৰিণিকি নাও এখন লক্ষীৰ চকুত পৰিল।
“মা, কোনোবা আহিছে। আমাক উদ্ধাৰ কৰিব। আমিও সাহায্য ল’ব পাৰিম। আমি খাবলৈ পাম মা। চাউল এমুঠি, চিৰা এমুঠি …….” কৈ কৈ তাই মাকলৈ চালে। টিনৰ ছালিখনতে চাদৰ এখন পাৰি শুই আছে মাক। মাত-বোল নাই। আগৰাতিৰ পৰা মাকৰ গাত জ্বৰ। তাই মাকক চুই চালে। জ্বৰটো বাঢ়ি আহিছে। কোনোমতে মথাউৰিত উঠিব পাৰিলেই, কিবা এবিধ খাদ্য পেটত পৰিলেই মাকে ভাল পাব।
নাওখন আগুৱাই আহিল। গাঁৱৰে হৰ কাইটিৰ নাও।
“তহঁত মাৰ-জীয়েৰক উদ্ধাৰ কৰোঁতা কোনো নোলাল নেকি ঔ? আহ আহ। মোৰ নাৱতে উঠ। তহঁতক পাৰত থৈ আহোঁ।” হৰ কাইটিয়ে চিঞৰিলে।
লক্ষীয়ে মাকক জোকাৰি জগাই দিলে। কোনোমতে উঠি কাপোৰ এখনেৰে লাগতীয়াল বস্তুবোৰ টোপোলা বান্ধি সিহঁত নাৱত উঠিল।
গোটেই গাঁৱৰ ৰাইজ মথাউৰিত আছেহি। ৰাইজৰ মাজতে অলপ ঠাই উলিয়াই লক্ষীয়ে মাকক শুবলৈ দিলে। ভৰিখনে তাইক ত্ৰিভূৱন দেখুৱাইছে। খোজটো পেলালেই চিৰিংকৈ মাৰে। আমন-জিমনকৈ বহি থাকিল তাই।
অলপ পাছতে এখন গাড়ী সিহঁতৰ ফালে আগুৱাই আহিল। সাহায্যৰ দল। সকলো মানুহ গাড়ীখনৰ ফালে ঢপলিয়াই গ’ল। খাদ্য লাগে, খাদ্য। এটা ভৰিত গাৰ সমস্ত ভৰ দি দুপিয়াই দুপিয়াই লক্ষীও গাড়ীখনৰ ফালে আগুৱাই গ’ল। কেইজনমান ডেকাই কাৰ্টুন খুলি বিভিন্ন খোৱা বস্তু মানুহৰ মাজত বিলাই দিলে। মানুহৰ হেতা-ওপৰা লাগিল। কিছুমানে একেটা বস্তুকে দুই তিনিবাৰ ল’লে। কিছুমানে এবাৰো নাপালে। মানুহবোৰৰ মাজত লক্ষী থিয় হ’লগৈ। ল’ৰাকেইজনে বিস্কুটৰ পেকেট, চিৰা, গুৰ আদি বিলাই আছে। ওচৰ চাপি কিবা এটা হাত পাতি ল’ব খোজোতেই কোনোবাই প্ৰচণ্ড জোৰেৰে তাইক ঠেলা মাৰি দিলে। কৰ্ফাল খাই তাই দূৰত হামখুৰি খাই পৰিল। ভৰিৰ ঘাঁডোখৰৰ পৰা তেজ ওলাবলৈ ধৰিলে। তাইৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। চকুৰে ধোঁৱা-কোৱা দেখিলে। পেটৰ ভোক আৰু ভৰিৰ বিষত তাই জুৰুলা হৈ পৰিল। তেজ ওলোৱা ভৰিখন হাতেৰে চেপি ধৰি তাই কান্দিবলৈ ধৰিলে। কোনেও তাইলৈ চোৱা নাই। সকলোৰে নিজৰ নিজৰ পেটলৈ চিন্তা।
এসময়ত এজন যুৱক গাড়ীৰ পৰা নামি তাইৰ ফালে আগুৱাই আহিল। তেওঁৰ হাতত এটা পানীৰ বটল আৰু কিছু ঔষধ। ল’ৰাজনে তাইৰ তেজ ওলোৱা ভৰিখন ধুৱাই, মলম লগাই বান্ধি দিলে। অলপ পাছতে তিনিপেকেট বিস্কুট আৰু এটোপোলা চিৰা লৈ আহি যুৱকজনে তাইৰ হাতত গুজি দি মিচিকিয়াই হাঁহিলে।
লক্ষীয়ে ভগৱানক দেখা নাই। দেখা নাই তাইৰ দেউতাককো। এইমাত্ৰ যিজন পুৰুষক তাই দেখিলে তেওঁ ভগৱানেই হয়। তাইৰ নিঃকিন জীৱনত জোনাক ছটিয়াবলৈ যেন আকাশৰ পৰা নামি আহিল জোনবাই! মুখত হাঁহিটো লৈয়ে ল’ৰাজন গাড়ীত বহিলগৈ। গাড়ীখন উভতি গ’ল। মানুহবোৰে একান্তমনে খাদ্য খোৱাত লাগিল। লক্ষীয়ে ভেবা লাগি গাড়ীখনলৈ চাই ৰ’ল। গাড়ীখনে দি গ’ল তাইক জীয়াই থকাৰ এমুঠি মন্ত্ৰ। এমুঠি খাদ্যবস্তুতকৈও শৰীৰৰ বাবে, মনৰ বাবে বেছি প্ৰয়োজনীয় জীৱনদায়িনী সহৃদয়তা।
গাড়ীখনলৈ চাই তাই মনে মনে সেৱা জনালে। গাড়ীখনে পেটত সুমুৱাই লৈ গৈছিল লক্ষীৰ ভগৱানক।।।।।।
☆ ★ ☆
সম্পাদকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।