ভদীয়া কীৰ্ত্তন – ধ্ৰুৱজ্যোতি বৰা
শুনা সভাসদ এবে আহ্মাৰ বচন।
অসমীয়া জাতি ভৈলা অকালে পতন।।
শ্ৰাৱন মাসত চলৈ শিৱৰ ভৱন।
গাৱে শোভে ফকতীয়া গেৰুৱা বসন।।
আইটেম গীতে ছিদ্ৰ কৰৈ কৰ্ণৰ পৰ্দাৰ।
তাহাৰ শৱদে ভাগে নিদ্ৰা দেৱতাৰ।।
সুৰা ধূম্ৰ আৰু ভাঙ্গ প্ৰসাদ দেৱৰ।
পান কৰি নৃত্য গীত কৰন্ত প্ৰচুৰ।।
হে সদাশিৱ তযু ভকতৰ যশ।
কহিতে নপাৰৈ সৰে ভকতিৰ ৰস।।
থাকোতে সুন্দৰ আতি অসমীয়া ৰীতি।
ব’লবোম বিলাস কৰি যান্ত অধোগতি।।
শুনিয়োক খিলঞ্জীয়া অসমীয়া ডেকা।
ভদীয়া ভকতি কৰা যদি পূণ্য চাহা ।।
শ্ৰাৱন মাসৰ পাছে আসৈ ভাদ মাস।
পিন্ধৈ ফটা জিন্স নলাগয় পীতবাস ।।
শিৰে মেৰাই বান্ধিয়োক গামোচাৰ বস্ত্ৰ।
আঠখেলীয়া চলিয়োক কৰি মহা কষ্ট ।।
ঢেকীয়াখোৱা পাশে আছে অন্য এক থান ।
মইনাপৰীয়া থানে চলিয়োক ডেকাগন ।।
তৈল পুৰ কৰি লৈয়া বাজাজ পালচাৰ।
তেবেসে বাচিব শুনা আপোন কালচাৰ ।।
সুগন্ধি ৰজনী ফালি মুখত ভৰাই ।
বায়ুবেগে চলি যান্ত ধুলিক উৰাই।।
পাছে বসি যাই আতি সুন্দৰী প্ৰেয়সী ।
কেশ মেলি যাই মুখে মৃদু মৃদু হাসি ।।
মাগয় আশীষ পৰি জ্বলাই ধূপ চাকি ।
উদঙীয়া ম’হ আমি লগায় কোনে নাকি ।।
বঙ্কীম নয়নে চেল্ফী মাৰৈ সাৱধানে ।
গৃহক লাগিয়া পুনু উঠিলাহা যানে ।।
পথৰ কাষত পেখি আলোকিত ধাবা ।
বমি হওক তথাপিতো দবাই দবাই খাবা ।।
কেবিনত বসিলন্ত সঙ্গত লাহৰি ।
ফুৰ্টিপানী কৰা পান লগত গাহৰি ।।
ভদীয়া ভকতি কৰা কৃষ্ণ চিন্তি মনে।
ৰাম হৰি ৰাম হৰি ধ্ৰুৱজ্যোতি ভনে ।।