ভাইৰাছ-হেমন্ত কাকতি

বৰ্তমান চাৰিওফালে সৰ্বত্ৰ চৰ্চা লাভ কৰা শব্দটো হ’ল ক’ৰ’না ভাইৰাচ! এই ভাইৰাচৰ বিষয়ে জনাৰ আগতে ভাইৰাচ নো কি আৰু ইহঁতৰ চৰিত্ৰ বা গঠন সম্পৰ্কে গুগুলৰ জৰিয়তে লেখাটো পাঠকৰ বাবে যুগুত কৰা হ’ল―

ভাইৰাচ হ’ল এটা সুক্ষ্মাতিসুক্ষ্ম ক্ষুদ্ৰাতিক্ষুদ্ৰ অনাকাক্ষিত সোঁচৰা ‘কণিকা’, যাৰ নিজৰ ‘জীৱন’ নাই, কিন্তু যি কোনো জীৱিত শৰীৰ পালেই তাৰ কোষত গৈ ই নিজৰ বংশ বৃদ্ধি কৰিব ধৰে৷ বৈজ্ঞানিক সকলে ভাইৰাচৰ ‘ডেফিনিচন’ বা সূত্ৰ হিচাবে কৈছে যে ই এবিধ এনে বিষাক্ত ‘বস্তু’ যে ই প্ৰায় জীৱন প্ৰাপ্তিৰ সংগমত অৱস্থিত বস্তু (Organism at the edge of life). ১৭শতিকাতে বিজ্ঞানী সকলে এই ভাইৰাচ বোলা এবিধ বস্তু যে আছে তাৰ প্ৰমাণ পাইছিল৷ ১৮৯২ চনত প্ৰায় পাঁচ হেজাৰ ভাইৰাচ পৃথিৱীত আবিস্কাৰ হৈছিল৷ বৰ্তমান প্ৰায় কেবা মিলিয়ন ভাইৰাচৰ সন্ধান পোৱা হৈছে৷ মাইক্ৰ’ বায়’লোজীত এই ভাইৰাচৰ বিষয়ে কৰা অধ্যায়নক virology বুলি জনা যায়৷

আমাৰ জীৱকোষত যেনেকৈ কোষ আৰু তাৰ ভিতৰত চাইট’প্লাজম, মিট’জেন আৰু ক্ৰম’জম বা নিউক্লিয়েই এচিদসমূহ বা অন্যান্য ডি এন এ আদি থাকে এই নিৰ্জীৱ ভাইৰাছত কোনো স্বয়ং সম্পুৰ্ণ কোষ (full fledged cell) নেথাকে৷ ইহত কেৱল নিউক্লিয়েই এচিদ আৰু প্ৰটিন বা চৰ্বিৰ পাতল প্ৰলেপৰে গঠিত এক পদাৰ্থ৷ তাক ‘ভাইৰিয়ন’ বুলি জনা যায়৷ এইবোৰ জীৱদেহত নোসোমোৱালৈকে নিষ্ক্ৰিয় হৈ থাকে৷ ৰাসায়নিক বিক্ৰিয়াত অংশ লোৱাৰ দৰে ইহঁত জীৱদেহত প্ৰবেশ কৰিলেই জীৱকোষৰ ভিতৰত তৎক্ষণাৎ বা কিছু পলমকৈ নিজৰ বংশবৃদ্ধি প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ে৷ বিভিন্ন জীৱজন্তুৰ দেহত বিভিন্ন ভাইৰাছৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ ধৰণৰ হয়৷

আধুনিক বিজ্ঞান, জেনেটিক ইঞ্জিনীয়েৰিং বা জীনিয় বিজ্ঞানৰ পৰা আমি জানো যে জীৱৰ জীৱন প্ৰক্ৰিয়াৰ সকলো চাৰিত্ৰিক কাহিনী লিখা থাকে জীৱকোষৰ ডি এন এত৷ কিছুমান মাৰাত্মক ভাইৰাচে জীৱকোষৰ ভিতৰত থকা spike protein ৰ জৰিয়তে নিজৰ বিৱৰ্তন প্ৰক্ৰিয়া (Mutation) আৰম্ভ কৰি এই নিউক্লিয়েই এচিদবোৰৰ গাঁঠনি সলনি কৰি দিব পাৰে৷ গতিকে এই ভাইৰাচেও নিজৰ ডুপ্লিকেট বা মিউটেচন হৈ নিজতকৈ অন্য চৰিত্ৰৰ অজস্ৰ ভাইৰাচৰ জন্ম দিয়ে৷ এই ভাইৰাচ বোৰৰো DNA বা RNA ৰ একোডাল বা ততোধিক শৃংখল থাকে য’ত ইহঁতৰ জেনেটিক কোড লিখা থাকে৷ সাধাৰণ ভাইৰাচবোৰ ইমানেই সৰু হয় যে সাধাৰণ অপটিকেল মাইক্ৰ’স্কোপেদি ইহঁতক মনিব নোৱাৰি৷ ইলেকট্ৰন মাইক্ৰ’স্কোপ অহাৰ পিচতহে ইহঁতৰ আকাৰৰ ছবিখন (morphology) স্পষ্ট হৈছে৷ সচৰাচৰ পোৱা বেক্টেৰিয়াতকৈ এইবোৰ প্ৰায় এশগুন মান সৰু৷ সম্ভৱতঃ পৃথিৱীত জীৱন সৃষ্টি হোৱাৰ সময়ৰ পৰাই এই ভাইৰাচ সমূহৰ সৃষ্টিও হৈছিল বুলি বিজ্ঞানী সকলে মত পোষণ কৰে৷ যিহেতু ইহঁতৰ নিজৰ কোনো পাচন প্ৰক্ৰিয়া (metabolism) নাই গতিকে ইহঁত বংশবৃদ্ধিৰ বাবে অন্য host cell বা আলহী জীৱকোষৰ ওপৰত সদায় নিৰ্ভৰশীল৷

ইহঁত বিভিন্ন উদ্ভিদৰ পৰা উদ্ভিদলৈ বা জীৱজন্তুৰ পৰা অইন জীৱজন্তুলৈ কীট পতংগই দি বা খাদ্য শৃংখলেদি দি বিয়পে৷

ভাইৰেল সংক্ৰমণ হোৱাৰ লগে লগে আলহী জীৱদেহৰ পৰা immune response আৰম্ভ হয় আৰু সাধাৰণতে এই ভাইৰাচবোৰ নিজে নিজে ধ্বংস হৈ যায়৷ এই ইমিউন চিষ্টেমৰ ৰেচপন্সৰ বাবে আমাৰ শৰীৰৰ উত্তাপ (তাপমান) বৃদ্ধি হয় যাক আমি জ্বৰ বুলি কওঁ৷ বিভিন্ন ভেকচিনৰ জৰিয়তেও কৃত্ৰিমভাবে জীৱদেহৰ ইমিউনিটি ৰেচপন্স বঢ়াব পাৰি৷

এই ভাইৰাছবোৰক মূলতঃ দুই শ্ৰেণীত ভগাব পাৰি৷ RNA genome আৰু DNA genome. অধিক সংখ্যক ভাইৰাচেই হ’ল RNA genome চৰিত্ৰৰ৷ ইহতৰ আয়তন প্ৰায় ২০ নেনোমিটাৰৰ পৰা ৩০০ নেনোমিটাৰৰ হয়৷ এই ভাইৰাচবোৰ মানৱদেহত এনেই থকালৈ একো অসুবিধা নাই, কিন্তু সাংঘাটিক সমস্যাটো হ’ল ইহতে জীৱদেহত মিউটেচন প্ৰক্ৰিয়াৰে আৰম্ভ কৰা বংশবৃদ্ধি৷

বিভিন্ন mechanism বা প্ৰক্ৰিয়াৰে এই ভাইৰাচবোৰৰ জেনেটিক পৰিবৰ্তন হয় যাক বিজ্ঞানীসকলে antigenic drift বা antigenic shift বুলি কয় য’ত ইহতৰ RNA বা DNA ত থকা খাৰৰ(base) আমুল পৰিৱৰ্তন হ’ব পাৰে৷ প্ৰায়ভাগ মিউটেচন ‘নীৰৱে'(silently) হয়, ইহঁতে আলহী প্ৰটিনক পৰিৱৰ্তন নকৰে, কিন্তু কিছুমান ভাইৰাচে জীনিয় বিৱৰ্তনৰ জৰিয়তে নতুন এটা ৰূপলৈ পৰিৱৰ্তন হৈ এন্টিভাইৰেল ড্ৰাগচৰ প্ৰতি resistance গঢ়ি তোলে৷ সেই অৱস্থাত এণ্টিভাইৰেল মেডিচিন বনোৱাটো প্ৰায় দুঃসাধ্য হৈ পৰে৷

জীৱবিজ্ঞানত মিউটেচন প্ৰক্ৰিয়াৰ ফলত হোৱা বৃদ্ধিক অসাধাৰণ (abnormal) বুলি ধৰা হয়৷ জীৱকোষৰ ভিতৰত থকা জিন বা নিউক্লিউটাইদৰ ‘চিকুৱেন্স’ বদলাই দিব পৰা ক্ষমতা থকা এই প্ৰক্ৰিয়াই জীৱকোষত সচৰাচৰ চলি থকা “মাইট’চিচ”, “মিওচিচ” বা “ডি এন এ ৰেপ্লিকেচন” আদি প্ৰক্ৰিয়াক ঋনাত্মক ধৰণে ক্ৰিয়া কৰে৷

এতিয়া বৰ্তমান চলি থকা ন’ভেল ক’ৰ’ণা ভাইৰাচ মানৱদেহৰ বাবে কিয় ইমান মাৰাত্মক সেই বিষয়ে অলপ আলোচনা কৰোঁ৷

নতুন অধ্যয়ন মতে ভাইৰাচে যিটো প্ৰটিন জীৱকোষৰ লগত লাগি ধৰিবলৈ ব্যৱহাৰ কৰে তাত বহুত খলা-বমা বা জোং (ridge) থাকে, যিটোৱে বহুত শক্তিশালীভাৱে এই ভাইৰাচটোক জীৱকোষৰ লগত লাগি ধৰাত সহায় কৰে৷ ফলত সংক্ৰমণ সোনকালে হয় আৰু বিয়পেও সোনকালে৷ এই প্ৰটিনক “spike protein” নাম দিয়া হৈছে৷ এবাৰ কোষৰ দৰ্জাত থিতাপি লোৱাৰ পিচত ই লাহে লাহে জীৱকোষৰ প্ৰচ্ছেদ (cell membrane) ভেদ কৰি নিজৰ জিন’মটোক মানৱদেহৰ ডি এন এৰ লগত সংলগ্ন কৰি লয়৷

সকলো ক’ৰ’ণা ভাইৰাচে মানৱদেহৰ কোষত “ষ্পাইক প্ৰটিন”ৰ দ্বাৰা সংলগ্ন হয় যদিও কৰ’ণা পৰিয়ালৰ বেলেগ বেলেগ কৰ’ণা ভাইৰাচৰ spike protein ৰ আকাৰ বেলেগ বেলেগ৷ যোৱা ফেব্ৰুৱাৰী মাহত টেক্সাচ ইউনিভাৰচিটিৰ কিছু গৱেষকে ন’ভেল কৰ’ণা ভাইৰাচৰ আণৱিক গঠনৰ মেপিং কৰি উলিয়াইছে৷ তেওঁলোকে পাইছে যে SARS-CoV আৰু SARS-CoV-2 দুয়োটা ভাইৰাচেই মানৱ দেহত সংলগ্ন হয় যদিও SARS-CoV-2 বা ন’ভেল কৰ’ণা ভাইৰাচৰ spike proteinৰ গঠন বহুত বেছি মজবুট হৈ উঠিছে৷ মানৱকোষত থকা ACE2 receptorৰ লগত প্ৰায় চুম্বকৰ দৰে লাগি থাকিব পৰা এই spike protein জীৱবিজ্ঞানী সকলৰ মূৰৰ কামোৰণি হৈ পৰিছে৷ এই প্ৰটিনৰ বিষয়ে বিষদভাবে জানিবলৈ বিজ্ঞানীসকলে লাগি আছে৷ যেনেকৈ মবা’ইল ফোনক বিকল কৰাৰ বাবে “জেমাৰ” লগোৱা হয়, তেনেকৈ এই ভাইৰাচক বিকল কৰিবলৈ হলে এই spike proteinৰ বিষয়ে খৰচী মাৰি জনাটো অতীৱ প্ৰয়োজন৷ ইয়াৰ পিচতে তেওঁলোকে নিশ্চিত হৈছে বাদুলী জাতীয় জীৱৰ পৰা অহা কৰ’ণা ভাইৰাচ মানৱদেহত কিয় বিয়পিছে৷ তেওঁলোকৰ মতে এবিধ অশ্ব বাদুলীৰ পৰা অহা ভাইৰাচো ACE2 receptor ৰ লগত লাগি ধৰে, কিন্তু অতি দুৰ্বলভাবে৷ হয়টো কেবাটাও মিউটেচন হৈ এই ধাৰণ ক্ষমতাৰ বৃদ্ধি ঘটিছে৷ যাৰ ফলত মানৱজাতিক এই ভাইৰাচে বিস্তৰ ক্ষতি কৰা আৰম্ভ কৰিছে৷

মিউটেচনৰ ফলত বাৰে বাৰে নিজৰ জেনেটিক কোড সলনি কৰি থকা বাবেই এই কৰ’ণা ভাইৰাচৰ বাবে ভেকচিন বনোৱাটো সম্ভৱপৰ হৈ উঠা নাই৷ অন্য ভাইৰেল ভেকচিনৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হৈ আছে বুলি জনা যায়৷ উদাহৰণ স্বৰূপে যিকোনো ফ্লু জাতীয় ৰোগৰ বাবে প্ৰস্তুত কৰা ভেকচিন অহা বছৰ অলাগতিয়াল হৈ উঠাৰ সম্ভাৱনা প্ৰচুৰ, কাৰণ এই ভাইৰাচবোৰৰ চৰিত্ৰ সঘনাই সলনি হৈ যায়৷

চীনৰ ৱুহান অঞ্চলত হোৱা ক’ভিদ ১৯ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা ক’ভিদ ১৯ ত দুটা বৈসাদৃশ্য ধৰা পৰা বুলি কিছু বিজ্ঞানীয়ে দাবী কৰিছে৷ মূলতঃ S-type আৰু L-type দুটা ভাগ (strain) ৰ ভাইৰাচ বুলি ক’ব খোজে৷ কিছু ভাৰতীয় জীৱবিজ্ঞানীয়ে ভাৰততো এই ভাইৰাছৰ চাৰিত্ৰিক কিছু বৈসাদৃশ্য লক্ষ্য কৰা বুলি দাবি কৰিছে৷

ইয়াৰ পৰা এটাই ধাৰণা কৰিব পাৰি যে মিউটেচনৰ ফলত কৰ’ণাই কিছু নতুন ৰূপ ধাৰণ কৰাটো সঁচা হ’ব পাৰে৷ বিজ্ঞানীসকলে ইয়াৰ ধনাত্মক আৰু ঋনাত্মক দিশ দুয়োটাই দেখা পাইছে৷ ধনাত্মক হ’ল মিউটেচনৰ ফলত এই ভাইৰাচটো সোনকালে ইয়াৰ মাৰাত্মকতা হ্ৰাস হৈ বিকল পৰ্য্যন্ত হ’ব পাৰে৷ ঋণাত্মক দিশটো হ’ল এই ভাইৰাচৰ প্ৰতিষেধক আবিস্কাৰ কৰাটো আৰু দুঃসাধ্য হৈ পৰিব পাৰে৷

কৰ’ণা ভাইৰাচৰ RNA ত প্ৰায় ৩০০০০ কোড লিখা থাকে, য’ত মানৱদেহৰ হ’ল প্ৰায় ৬০ বিলিয়ন৷ কৰ’ণাৰ ৩০,০০০ RNA code বিশ্লেষণৰ (sequencing) বাবে ভাৰতীয় কম্পিউটাৰ এলগৰিথিম যথেষ্ঠ নিৰ্ভৰযোগ্য৷ বিভিন্ন ঠাইত বিয়পা এই ভাইৰাচৰ কোড চিকুৱেন্সৰ সঠিক বিশ্লেষণ কৰি সম্ভাব্য আৰোগ্যৰ দিশত কাম কৰিব লাগিব৷ কিন্তু এই ভাইৰাচে যে মানৱ সভ্যতাক নগুৰ নাগতি কৰাই নহয়, শ’ল ঠেকত পেলাব পাৰে সেয়া অতিশয় গুৰুত্বপূৰ্ণ বিষয়৷

সকলোৱে সতৰ্ক হওঁক আৰু ভালে থাকক৷ এই যুঁজত আমি জিকিব লাগিব৷

০০০০০

তথ্যসূত্ৰসমূহ : Sources:

১)https://www.livescience.com/coronavirus-mutations.html

২) https://theprint.in/science/how-the-novel-coronavirus-is-mutating-and-if-you-should-be-concerned/391860/

৩) https://en.m.wikipedia.org/wiki/Virus

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

সহজকৈ সুন্দৰ ভাবে বুজাই দিলে দাদা।

Copying is Prohibited!