ভাপত দিয়া চিতল মাছ- (মনীষা বৰা হালৈ)
বগা সৰিয়হ তিয়াই থব। ভালকৈ ধুই কেঁচা জলকীয়া দি পিচি ল’ব। এতিয়া এটা বাতিত সৰিয়হ পিচা, নিমখ আৰু হালধি, মিঠাতেল অকণমান আৰু পানী দি ভালকৈ মাছ কেইটুকুৰা দি সানি ল’ব। কেৰাহীত পানী দি বাতিটো বহাই দিব। ঢাকোন মাৰি দিব কম জুইত ২০ মিনিট ৰাখিব। মাছ সিজিলে নমাই আকৌ কেঁচা মিঠাতেল অলপ ওপৰত দি দিব।