ভালপোৱাৰ পাতৰ বাগিছা (কিশোৰ বৰো)

আগ্নেয়াস্ত্ৰৰ নলী

অথবা সংকীৰ্ণতাৰ নিৰ্বোধ দুহাতেৰে

মোৰ দোলায়মান চোতালখনত সৰে

তেজাল চকুপানী থোকে-থোকে

চোতালখন আত্মীয়তাৰ শোকেৰে ভৰে

 

তেজৰ বানে ধুই নিয়া

মোৰ নিমাখিত ছনপৰা মাটি

এডোঙা তেজৰ ওপৰত ৰুই দিছোঁ

প্রগলভ অনুৰাগৰ এডাল শিপা

 

কলিজাৰ অভ্যন্তৰেৰে শিপাডাল বাঢ়ি আহে

শিপাৰ পৰা আন হৃদয়লৈ

সেউজীয়াৰ এখন দলং

তলত পৰি থাকিল কৃত্ৰিম এখন নৈ

দলঙৰ ওপৰেৰে প্রতিজনৰ মনত মেলিছে নকুঁহিপাত

 

নাঙলৰ ফাল যেন ফৰকাল ৰাতিপুৱাৰ মাতত

সাৰ পাই পলাল

ঘোপমৰা অমাবশ্যাৰ ৰাতি

 

প্রতিটো বুকুৱে বুকুৱে গজিছে

ভালপোৱাৰ পাতৰ বাগিছা।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!