ভাষাৰ সঠিক প্ৰয়োগ – সোমকান্ত শইকীয়া

শ্ৰেণী কোঠাৰ পৰা

“উ” আৰু “ও” ৰ বিভ্ৰাট

আন দিনাৰ দৰেই সদানন্দ চাৰে ৫ম শ্ৰেণীত অসমীয়াৰ পাঠ দান কৰিবলৈ সোমাই গৈ ছাত্ৰ- ছাত্ৰী সকলক বহিবলৈ ইঙ্গিত দিলে৷

তেওঁ নিৰ্দিষ্ট চকীখনত বহি লৈ ছাত্ৰ-ছাত্ৰ সকলক উদ্দেশ্য কৰি ক’লে — “তোমালোকে এটা কথাৰ উত্তৰ দিয়া চোন; আমাৰ যে লিখোঁতে কিছুমান বানান ভুল হয় — ইয়াৰ এটা প্ৰধান কাৰণ কি বাৰু?”

ছাত্ৰ-ছাত্ৰী সকলে নিজৰ ভিতৰতে ফুচফুচ ফাচ ফাচ কৰি কিছু সময় আলোচনা কৰিলে যদিও একো উত্তৰ দিব নোৱৰা দেখি চাৰে নিজেই তাৰ উত্তৰটো দি দিলে—
“বানান ভুল হোৱাৰ এটা প্ৰধান কাৰণ হ’ল আমাৰ ভুল ‘উচ্চাৰণ’৷ ”
“কিন্তু মনত ৰাখিবা —এইটোৱেই ‘একমাত্ৰ’ কাৰণ নহয়’৷”

এই উচ্চাৰণ বিভ্ৰাটৰ পৰাই বহু সময়ত বানান বিভ্ৰাট ঘটে৷ উচ্চাৰণ বিসঙ্গতিৰো আকৌ বহুতো কাৰক থাকিব পাৰে —আজি আমি এই বিষয়ে অলপ আলোচনা কৰিম৷
যিহেতু বিষয়টো ব্যাপক, আমি আজি কেইটামান ভুল উচ্চাৰণ আৰু ভুল বানানৰ বিষয়েহে আলোচনা কৰিম৷

অৰ্ণৱ, তুমি কোৱাঁ চোন অসমীয়া ভাষাত “স“ৰ উচ্চাৰণ কেইটা বাৰু?
-চাৰ, ’হ’ চাৰিটা — দন্ত্য, মূৰ্দ্ধন্য, তালব্য আৰু ক্ষ গুৰিৰ ’হ’৷
অৰ্ণৱৰ কথা শুনি শ্ৰেণীটোৰ বহুতে তলমূৰ কৰি খুক্ খুক্ কৈ হাঁহিবলৈ ধৰিলে৷ তাকে দেখি চাৰে ক’লে —- ৰ’বা, নাহাঁহিবা৷ আমাৰ অসমত অঞ্চলভেদে –আনকি ব্যক্তি ভেদেও বৰ্ণবিলাকৰ উচ্চাৰণত তাৰতম্য আছে৷ সেই তাৰতম্য অনুসৰি কোনো কোনো লোকে – স, শ, ষ আৰু হ — এই আটাইকেইটা বৰ্ণকে ’হ’ বুলি উচ্চাৰণ কৰে; এইটো কোনো বিশেষ অঞ্চলৰ বৈশিষ্ট্য নহয় — ই হ’ল ব্যক্তিগত “বাক্ ত্ৰুটি“ হে৷
কেতিয়াবা একেটা পৰিয়ালৰে এজনে ’হ’ উচ্চাৰণ কৰিলেও বাকী সকল লোকে হয়তো — স, শ, ষ আৰু হ ৰ উচ্চাৰণ শুদ্ধ ভাৱেই কৰে৷ গতিকে ইয়াক আমি ব্যক্তি বিশেষৰ ’অসাৱধানতা’ আৰু ’অমনযোগিতা’ৰ পৰা হোৱা “উচ্চাৰণ বিভ্ৰাট“ বুলি ক’ব পাৰোঁ৷

তদুপৰি, আমাৰ অসমীয়া জাতিটো না না জাতি -জনজাতি লৈ গঠিত হৈছে; গতিকে, স্বাভাৱিকতে কথিত ৰূপত এই সকলো জনগোষ্ঠীৰে প্ৰভাৱ আমাৰ ভাষাত পৰাটো এটা স্বাভাৱিক পৰিঘটনা বুলি ধৰি ল’ব লাগিব৷

কিন্তু এই আঞ্চলিক ভাষাবোৰ আন এটা অঞ্চলৰ লোকে যাতে কেতিয়াও ইতিকিং বা উপলুঙাৰ সুৰত বা ভাৱেৰে ব্যৱহাৰ নকৰে — সেই সম্পৰ্কে আমি সচেতন হোৱা প্ৰয়োজন৷ নহ’লে আমাৰ মাজত ভুল বুজা- বুজিৰ সৃষ্টি হৈ ঐক্য বিনষ্ট হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিব পাৰে৷

এতিয়া আমি স, শ, ষ আৰু হ –এই বৰ্ণ কেইটাৰ উচ্চাৰণ সম্পৰ্কে চমুকৈ উনুকিয়াইহে যাম৷
আমাৰ অসমীয়া ভাষাটো বহুতো প্ৰাচীন আৰু অসংখ্য প্ৰান্তীয় ভাষাৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে৷ প্ৰাচীন ভাষাবিলাকৰ ভিতৰত সংস্কৃত ভাষাৰ পৰা অহা শব্দই বেছি৷ সংস্কৃত ভাষাত দন্ত্য স, মূৰ্দ্ধন্য ষ আৰু তালব্য শ ৰ উচ্চাৰণৰ বাবে স্পষ্ট নীতি নিৰ্দেশনা আছে যদিও আমাৰ বৰ্তমান প্ৰচলিত মান্য অসমীয়া ভাষাত সেইবিলাক সম্পূৰ্ণ ৰূপত মানি চলা সম্ভৱ নহয়৷ সেই বাবে আটাইকেইটা স/শ/ষ ৰ উচ্চাৰণ প্ৰায় একে ধৰণেৰে কৰা হয়৷ সংস্কৃতমূলীয় ’তৎসম’ আৰু ’তদ্ভৱ’ শব্দবোৰৰ ক্ষেত্ৰত বানান লিখোঁতে সংস্কৃতৰ ’বানান বিধি’ মানি চলা হয়৷
কিন্তু ’হ’ ৰ উচ্চাৰণ সম্পূৰ্ণ পৃথক — কোনো কোনোৱে ভুল কৰিহে স/শ/ষ ৰ উচ্চাৰণ ’হ’ ৰ নিচিনাকৈ ক’ৰে৷ এই বাক্ বিভ্ৰাটৰ কাৰণেই ’বানান বিভ্ৰাট’ ঘটা দেখা যায়৷

এই বিষয়ে বহল ভাৱে আলোচনা কৰাৰ অৱকাশ আছে, কিন্তু আজি আমি আন এটা উচ্চাৰণ বিভ্ৰাট আৰু তাৰ পৰা উদ্ভৱ হোৱা বানান বিভ্ৰাট সম্পৰ্কেহে আলোচনা কৰিম৷
আমি তোমালোকৰ দৰে স্কুলত পঢ়ি থকা বয়সতে এটা বাক্য শুনিবলৈ পাইছিলোঁ — বাক্যটো হ’ল —
“মুৰ কুলা কুটটুতে কুলা পুক এটা সুমালে; কুব মাৰি দিলু উলাই পৰিল৷ “
এই বাক্যটোতো যি উচ্চাৰণ বিভ্ৰাট ঘটিছে –সেয়াও কোনো অঞ্চলৰ বা জনগোষ্ঠীৰ সমূহীয়া বিভ্ৰাট নহয় —— ব্যক্তিগত বিভ্ৰাট হে৷

  • তোমলোকে এতিয়া মই ব’ৰ্ডত লিখি দিয়া এই বাক্যটো নিজৰ নিজৰ বহীত শুদ্ধ ৰূপত লিখা চোন৷
    ১০ মিনিটমানৰ পিছত এজন এজনকৈ ছাত্ৰ ছাত্ৰী বিলাকে নিজৰ নিজৰ বহীখন লৈ চাৰক দেখুৱালেহি ॥
    সদানন্দ চাৰে এখন এখনকৈ বহীবোৰ চাই দেখিলে — কেইবাজনো ছাত্ৰ- ছাত্ৰীয়ে সম্পূৰ্ণ শুদ্ধ ৰূপত লিখিব পৰা নাই৷ চাৰে বাক্যটোৰ শুদ্ধ ৰূপটো ব’ৰ্ডত লিখি দি সকলোকে লিখি ল’বলৈ বহীবোৰ ঘূৰাই নিবলৈ ক’লে ॥
    শুদ্ধ ৰূপটো হ’ল —
    “মোৰ ক’লা কোটটোতে ক’লা পোক এটা সোমালে; কোব মাৰি দিলোঁ, ওলাই পৰিল৷ “
    এই বাক্যটোত কওঁতাই কি ভুল কৰিছিল ক’ব পাৰিবানে? অনল, তুমি কোৱা চোন৷
  • চাৰ, ইয়াত ’ও’ উচ্চাৰণটো ’উ’ হিচাপে ভুলকৈ কৰিছিল৷
  • হৈছে৷ আৰু কিবা আছেনে, কবিতা?
  • চাৰ নাই৷
  • আছে, ভালকৈ মন কৰাঁ —- য’ত স্বৰবৰ্ণ ’অ’ৰ উচ্চাৰণটো “অ’ “ হিচাপে, উৰ্ধকমাযুক্ত হৈ দীৰ্ঘ উচ্চাৰণ হৈছে — সেইটোও “উ“ হিচাপে উচ্চাৰণ কৰিছে৷
    যেনে —
    ’ক’লা’টো ’কুলা’ বুলি কৈছে ॥
    এনেকৈ বহুতে “ও“ উচ্চাৰণটোক “উ“ আৰু “উ“ উচ্চাৰণটোক “ও“ হিচাপে কৰে৷
    কেইটামান উদাহৰণ দিলে কথাটো তোমালোকৰ বুজিবলৈ সহজ হ’ব ॥
    ক)
    ’ও’ উচ্চাৰণৰ ’উ’ হিচাপে কৰা উচ্চাৰণ —
    শুদ্ধ ভুল

তোমাৰ তুমাৰ
কোন কুন
তোমালোক তুমালুক
সোমালোঁ সুমালু
দোমাহী দুমাহী
নোমল নুমল
ইত্যাদি, ইত্যাদি৷
এনেকুৱা ’ও-কাৰ’ যুক্ত শব্দবোৰ ’উ-কাৰ’ শব্দৰ দৰে উচ্চাৰণ কৰা শুনা যায়৷
কিছুলোকে কওঁতে ভুলকৈ ক’লেও, লিখোঁতে কিন্তু শুদ্ধ ৰূপটোকে লিখা দেখা যায়৷ কিন্তু বহুতে কওঁতে যেনেকৈ উচ্চাৰণ কৰে লিখোঁতেও তেনেকৈয়ে লিখেও — তেতিয়াই ভুলটো চকুত পৰে৷
খ)
আন হাতে, ’উ’ৰ উচ্চাৰণটো বহুতে ’ও’ উচ্চাৰণ কৰে আৰু লিখোঁতেও তেনেকৈয়ে লিখে ॥
ভুল শুদ্ধ


তোমি তুমি
চোৰ কৰিলে চুৰ কৰিলে
দোখীয়া দুখীয়া
পোনৰ পুনৰ
পোৰণি কাপুৰ পুৰণি কাপোৰ
ইত্যাদি, ইত্যাদি৷
কিছুমান ধাতুৰ ব্যৱহাৰত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰূপ হোৱা দেখা যায়৷

ব্যাখ্যা: : : চোৰে চুৰ কৰে — ইয়াত চুৰি কাৰ্য যিজনে কৰে তাক ’চোৰ’ বুলি কোৱা হৈছে; অৰ্থাৎ, দুয়োটা শব্দৰে মূল একে যদিও –এটাত ’ও’ৰ উচ্চাৰণ আৰু আনটোত ’উ’ৰ উচ্চাৰণ হৈছে৷
তেনেকৈ, তলৰ ও আৰু উ উচ্চাৰণৰ পাৰ্থক্য বিলাক মন কৰাঁ —–
ও- কাৰ যুক্ত উ- কাৰ যুক্ত


তেওঁ সোমাই গ’ল তেওঁ সুমুৱাই থ’লে৷
তেওঁ শোৱা নাই তেওঁ শুলে বা শুইছে বা
শুৱাইছে৷
তেওঁ খোৱা নাই তেওঁ খুৱাইছে
তুমি গা ধোৱাঁ তেওঁ গা ধুলে বা
ধুৱাইছে
ওপৰৰ বাক্যকেইটাৰ ক্ষেত্ৰত বহুতে
সুমুৱাইছে / শোলে বা শোইছে / খুৱাইছে / ধোলে বা ধোৱাইছে —- আদি ভুল প্ৰয়োগ কৰা সততে আমি শুনিবলৈ / দেখিবলৈ পাওঁ ॥ আমাৰ দৰে সাধাৰণ লোকৰ ক্ষেত্ৰতে নহয়, বহুতো শিক্ষিত বা লিখা-পঢ়াৰ লগত জড়িত লোকেও ভুল কৰা দেখিবলৈ পাওঁ৷

দৈনন্দিন জীৱনত শুদ্ধ উচ্চাৰণৰ প্ৰতি অমনোযোগী হোৱাৰ বাবেই লিখিত ৰূপতো ভুল বোৰ হ’বলৈ সুবিধা পায়৷
মনত ৰাখিবা — “ভাষাৰ শুদ্ধ উচ্চাৰণেহে শুদ্ধ বানানৰ ভেটি গঢ়ি তুলিব পাৰে৷ “
আজিলৈ সামৰোঁ!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!