ভাৰতত দবাখেল/ শতৰঞ্জ ( Chess) খেলৰ নৱ জাগৰণ

লেখক- দেৱজিৎ শৰ্মা

দবাখেলত, ভাৰতবৰ্ষৰ এক নম্বৰ খেলুৱৈ কোন? বহুতে হয়তো কব বৰ্তমানৰ বিশ্ব চেম্পিয়ন গুকেশ ডি? ওঁহো নহয়, তেওঁ ২ নং। ৰমেশবাবু প্ৰজ্ঞানন্ধা? বিশ্বনাথন আনন্দ? ওঁহো তেওঁলোক ৪ আৰু ৩ নম্বৰ হে। ভাৰতৰ বৰ্তমানৰ ১ নম্বৰ খেলুৱৈ অৰ্জুন ইৰিয়াগাছী। তেওঁৰ ইল’ ৰেটিং ২৮০১, বিশ্বৰ চতুৰ্থ নম্বৰ খেলুৱৈ। ইল’ ৰেটিঙ হল বিশ্ব দবা সংস্থাই দিয়া খেলুৱৈৰ মান্যতাৰ মাপ। ভাৰতত এতিয়া ইমান প্ৰতিভাশালী যুৱ দবাখেলুৱৈ আছে যে বিশ্ব বিজয়ী গুকেশ ডি ইল’ ৰেটিং হিছাপত ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈহে।

২০১০ চনলৈকে মাত্ৰ ২০জন গ্ৰেণ্ডমাষ্টাৰ থকা আমাৰ দেশত এতিয়া গ্ৰেণ্ডমাষ্টাৰৰ সংখ্যা ৮৪ জন। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰহে ইয়াতকৈ বেছি সংখ্যক গ্ৰেণ্ডমাষ্টাৰ আছে। বিশ্বৰ প্ৰথম ১০০ খেলুৱৈৰ ৯জন ভাৰতীয়।

ভাৰতত দবাখেলৰ নৱজাগৰণৰ বাবে প্ৰধান কৃতিত্বৰ দাবীদাৰ নিসন্দেহ বিশ্বনাথন আনন্দ। ১৯৮৮ চনত তেওঁ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ আগতে আমাৰ দেশত পেছাদাৰী দবাখল মুষ্টিমেয় একশ্ৰেণীৰ মাজতহে প্ৰচলিত আছিল। প্ৰথম আনন্দে ৰাছিয়াত খেলিব যাওঁতে হেনো তাৰ মানুহে তেওঁক ইতিকিং কৰি কৈছিল“ইণ্ডিয়াৰ পৰা আহিছা। তোমাক ইয়াত আমাৰ বাছৰ ড্ৰাইভাৰেও হৰুৱাব।” বিশ্বনাথন আনন্দ ২০০৭ চনত বিশ্ব চেম্পিয়ন হোৱাৰ পাছত ভাৰতত দবাখেলৰ দৃশ্যপটেই সলনি হৈ গল। বৰ্তমান ভাৰত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে বিশ্ব চেছ অলিম্পিয়াড চেম্পিয়ন, গুকেশ ডি বিশ্ব চেম্পিয়ন। গুকেশ ডি আৰু অৰ্জুন ইৰিগিয়াছী চেছ অলিম্পায়াডত একক গল্ড মেদেলিষ্ট।

বৰ্তমান ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈ সকল—

  1. অৰ্জুন ইৰিগিয়াছী— ২৮০১ ইল’ ৰেটিঙেৰে বৰ্তমান ভাৰতৰ ১ নম্বৰ আৰু বিশ্বৰ ৪ নম্বৰ খেলুৱৈ। ২৮০০ ৰেটিঙ দবা খেলৰ পাৰ্গতাৰ শ্ৰেষ্ঠ মাাপ। ইতিহাসত এতিয়ালৈকে বিশ্বৰ মাত্ৰ ১৫জন আৰু ভাৰতৰ ২জন খেলুৱৈহে ( প্ৰথমজন আনন্দ) ২৮০০ ৰেটিঙ পাইছে। বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল
  2. গুকেশ ডি— বৰ্তমানৰ বিশ্ব ছেম্পিয়ন ১৮ বছৰীয়া গুকেশ ডি ইতিহাসৰ সৰ্ব কনিষ্টতম বিশ্ব দবা চেম্পিয়ন। ২৭৮৩ ইল’ৰে তেওঁ ভাৰতৰ ২নং আৰু বিশ্বৰ ৫নং খেলুৱৈ। তেওঁৰ সৰ্বোছ ইল ৰেটিঙ আছিল ২৭৯৪। ১৮ বছৰত গুকেশ ১৮ নং বিশ্ব ছেম্পিয়ন আৰু ভাৰতৰ দ্বিতীয়জন বিশ্ব ছেম্পিয়ন। গুকেশ বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল।
  3. বিশ্বনাথন আনন্দ- বৰ্তমানৰ তৃতীয় নম্বৰ, কিংবন্দী আনন্দৰ কথা ইয়াত লিখাৰ নিশ্ছয় প্ৰয়োজন নাই
  4. ৰমেশবাবু প্ৰজ্ঞানন্দা -২৭৩৭ ইলৰে তেওঁ ভাৰতৰ চতুৰ্থ খেলুৱৈ। । বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল। ২০২৩ চনত তেওঁ বিশ্বকাপ ফাইনেলত ইতিহাসৰে এজন সৰ্বশ্ৰেষ্ট মেগনাছ কাৰ্লছেনৰ লগত হাৰিছিল। মেগনাছ কাৰ্লছনক ধ্ৰুপদী দবাত এবাৰ হলেও হৰুৱা বিশ্বৰ খুব কম খেলুৱৈৰ এজন প্ৰজ্ঞানন্দা।

ভাৰতৰ আন প্ৰতিভাশালী যুৱ খেলুৱৈ কেইজনমান হল

বিদিত গুজৰাঠী ( বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল ), নিহাল চাৰিন, ৰৌনাক চিধৱানী আৰু অৰৱিন্দ চিথাম্বৰম আদি

 

মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈসকল হল গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পী, মাত্ৰ ১৯ বছৰীয়া ভাৰতৰ ২ নং আৰু বিশ্বৰ ১২ নং দিব্যা দেশমুখ, ছেছ অলিম্পিয়াদৰ একক সোনৰ পদক বিজেতা (বিশ্ব অলিম্পিয়াদৰ মহিলা ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল ), গ্ৰেণ্ডমাষ্টাৰ ড্ৰোনাভলী হাৰিকা ( বিশ্ব অলিম্পিয়াদ মহিলা ছেম্পিয়ন দলৰ অন্যতম সদস্য আছিল), ৰমেশবাবু বৈশালী ( বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন মহিলা দলৰ অন্যতম সদস্য আছিল। প্ৰজ্ঞানন্দাৰ বায়েক আৰু প্ৰথম গ্ৰেণ্ডমাষ্টাৰ বায়েক আৰু ভায়েক জুৰী। ) আৰু ভাণ্টিকা আগৰৱাল (বিশ্ব অলিম্পিয়াদ ছেম্পিয়ন মহিলা দলৰ অন্যতম সদস্য আছিল )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!