ভিক্ষাৰী … ( প্ৰাণজিত বৰুৱা )

bhikhari_Pranjit Baruah

হাতত এটা জোলোঙা,
মুখত এমোকোৰা হাঁহি,
পেটত অলপ ভোক লৈ,
মাজে মাজে ওলাইহি আহি…

কোনোজনৰ শৰীৰত খুট,
কোনোজনৰ বয়সৰ দুখ,
এপোৱা চাউল, একুৰি টকাই
জীৱনৰ অনাবিল সুখ …!

উৱলী যোৱা চোলা,
ফটা চিতা ধুতি,
বস্তাৰেই হেনো কটাই দিয়ে,
বহুতো শীতৰ ৰাতি…

তেওঁলোকৰ জীৱনৰ বহুতো কাহিনী ,
বহুত বেদনা,
সময়ে মানুহে প্ৰকৃতি ঈশ্বৰ
সকলোৱে কৰে হেনো তেওঁলোককে চলনা…

তেওঁলোকৰ বাবে নাই ঘৰ,
তেওঁলোকৰ বাবে নাই ঈশ্বৰ ,
তেওঁলোকৰ বাবে নাই ক’তো আদৰ,
তেওঁলোকৰ জীৱনটোৱেই যাযাবৰ,

মানুহৰ নামত এইয়া কিছুমান জীৱৰেই কাহিনী ,
সময়ে পৰিস্থিতিয়ে যাক লৈ গ’ল
নিবিচৰা জীৱন এটালৈ টানি,
আৰু লগতে
যাৰ বুকুত বুভুক্ষা ৰুগীয়া দুৰ্ভগীয়া
আদিৰ দৰে
কিছুমান বিশেষণ হে দিলে মাথোঁ সানি….

হয়
এওঁলোকেই সেই হাতে হাতে পাত্ৰ
লোৱা পথচাৰী,
মন্দিৰৰ সন্মুখত , ৰেল ষ্টেচনত বহি ৰোৱা,
দুচকু হেৰুৱাইও টোকাৰীত জীৱনৰ সুৰ তুলি ভালপোৱা
এওঁলোকেই সেই হতভগীয়া ভিক্ষাৰী

এওঁলোকেই সেই অভিশপ্ত জীৱনৰ সংগ্ৰামী নৰ নাৰী

হাতত এটা জোলোঙা,
মুখত এমোকোৰা হাঁহি,
পেটত অলপ ভোক লৈ,
যি ৰাতিপুৱা দুপৰীয়া অথবা সন্ধিয়া এটাত
ওলাইহি আহি…!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!