ভিক্ষাৰী (ৰাজীৱ ৰঞ্জন)

ৰাজীৱ ৰঞ্জন

 
অকলে খোজকাঢ়ে সি
কোনো নাই নিজৰ বুলিবলৈ
কোনো নাই তাক নিজৰ বুলি দাবী কৰিবলৈ
হাঁহিত চকুলো লুকুৱাই
অকলে খোজকাঢ়ে সি
পৃথিৱীক আপোন কৰি।
জীৱনক ভাল পাই সি
মানুহক ভাল পাই সি
মানৱতাৰ হত্যা দেখি থমকি ৰয় সি
জীয়াই থকাৰ যুজঁত
হাৰি যোৱাৰ দুখত
সকলো হেৰুওৱাৰ ক্ষোভত
অকলে খোজকাঢ়ে সি
পৃথিৱীক আপোন কৰি।
দৃষ্টিত দেখে সি পুতৌ,
কেতিয়াবা ঘৃণা আৰু কেতিয়াবা বিদ্ৰুপ
সি নাজানে, নুবুজে সিহঁতৰ জীৱন
সিহঁতে নুবুজে তাৰ হৃদয়, সি জানে
মৰিবলৈ সি নোৱাৰে, সাহ নাই তাৰ
মৰহা তাৰ দুচকুৰ সপোনক ভাল পায় সি
সেই সপোনৰ ৰঙৰ খাতিৰত
অকলে খোজকাঢ়ে সি
পৃথিৱীক আপোন কৰি।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!