ভিক্ষা  (জয় চক্ৰৱৰ্তী)

বিশাল আকাশক উদাৰতা ভিক্ষা মাগিছিলোঁ আজি,
আকাশে নিদিলে মোক তাৰ উদাৰতা…!!
মিচিকিয়া হাঁহি মাৰি মাথোঁ ক’লে –
“আগতে নিজৰ মনক বিশাল কৰা”
এতিয়া লজ্জাৰে উভতিছোঁ মই,
আকাশক দিবলৈ মোৰ উত্তৰ নাছিল!! 

ধৰিত্ৰীক এখুদমান সেউজীয়া ভিক্ষা মাগিছিলোঁ আজি, 
ধৰিত্ৰীয়ে নিদিলে মোক অলপো সেউজীয়া…!!
খঙতেই ক’লে মোক – 
“আগতে মোৰ কাঢ়ি নিয়া সেউজীয়াবোৰ ওভোতাই দিয়া” 
এতিয়া লজ্জাৰে উভতিছোঁ মই, 
ধৰিত্ৰীক দিবলৈ মোৰ কোনো প্ৰতিশ্ৰুতি নাছিল!! 


লুইতৰ কাষলে’ গৈ জীৱনৰ গতি ভিক্ষা মাগিছিলোঁ আজি,
লুইতেও নিদিলে মোক তাৰ গতিশীলতা…!!
কৰযোৰে ওলাটাই মোক লুইতে ক’লে –
“আগতে মোক বন্ধনমুক্ত কৰা”
এতিয়া লজ্জাৰে উভতিছোঁ মই,
বৰ–লুইতক বন্ধনমুক্ত কৰিবলৈ মোৰ শক্তি নাছিল!! 

পাহাৰৰ কাষলে’ গৈ অলপ সাহস ভিক্ষা মাগিছিলোঁ আজি,
পাহাৰে নিদিলে মোক তাৰ সাহৰ অংশ…!!
কেৰাহিকৈ চাই ক’লে মাথোঁ –
“আগতে অলপ সত্যাশ্রয়ী হোৱা”
এতিয়া লজ্জাৰে উভতিছোঁ মই,
পাহাৰক ক’বলৈ মোৰ একোৱেই নাছিল!! 

লাজ–অপমানত নতশিৰ মই,
ধৰা, আকাশ, পাহাৰ, বৰ–লুইতে আজি কৰিছে উপহাস…
অপাত্ৰত দানৰ হেনো একো কাম নাই …
তথাপিও আশাবাদী মই 
হে আকাশ, 
হে পৃথিৱী, 
হে পাহাৰ,
হে লুইত… এদিন তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিম… 
সিদিনা কেনেকৈ ওভোতাবা মোক উকা হাতেৰে ??? 

Leave a Reply

Your email address will not be published. Required fields are marked *