ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই (ৰিদিপ কুমাৰ নাথ)
ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই (ৰিদিপ কুমাৰ নাথ)
ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই
ৰ’দেৰে ভিজা পিঠিৰ টোপালবোৰ
বৰ্ষা সিক্ত জাপিৰ কণিকাবোৰ
নুশুকালে যদিও অভিমান নাই
ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই
এমুঠি সপোন নাঙলৰ মুঠিত
ফুলি উঠা সপোনবোৰেইতো আঁকে ৰামধেনু
গোট মৰা ৰং গলাবলৈ পানীৰ প্ৰেমিক যদিও
ৰামধেনু মচা পানীৰ প্ৰতি আকৰ্ষণ নাই
ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই
উত্তাপৰ প্ৰেমিক মই
জেকা আশাবোৰ শুকুৱাৰ জোখেৰে ;
ৰামধেনু মচা পানীৰ প্ৰতি আকৰ্ষণ নাই
সেই পানী মচিবলৈ উত্তাপৰ প্ৰয়োজন যদিও
দেই যোৱা উত্তাপৰ প্ৰতি হাবিয়াস নাই
ভিজা দেহাৰে ভিজা চকু মই বিচৰা নাই