ভুডু –(উদ্দীপ তালুকদাৰ)

ইংৰাজী ভয়ৰ ছবিত প্ৰায়েই ভুডু এবিধ ক’লা যাদু হিচাপে দেখুওৱা হয়। কিন্তু ভুডু দৰাচলতে এটা ধৰ্মহে। আফ্ৰিকাৰপৰা দাস হিচাপে ধৰি অনা লোকসকলক যেতিয়া খ্ৰীষ্টিয়ান ধৰ্মৰ বাহিৰে আন ধৰ্মআলন কৰাৰপৰা নিষেধ কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ ধৰ্মৰ ৰীতি নীতিবোৰ গোপনে পালন কৰিছিল। ভুডু পুতলা. যিটোত পিনেৰে খুচি মানুহক কষ্ট দিয়া দেখুওৱা হয়, সেইটো আচলতে সেই বিশেষ ব্যক্তিজনৰ উন্নতিৰ বাবেহে কৰা হয়।আফ্ৰিকাৰ পুৰণি ধৰ্মসমূহক অসভ্য বুলি জাহিৰ কৰাৰ বাবেই ভুডুৰ বিষয়ে মানুহৰ মাজত এনে ধাৰণা বিয়পোৱা হৈছিল।

কিন্তু পিনেৰে খুচি আনৰ দেহত আঘাট কৰাৰ ধাৰণা আছিল ইউৰোপীয় ক’লা যাদুৰহে। ভুডু অৱলম্বন কৰাসকলে চৰকাৰী ৰোষত নপৰিবলৈ নিজৰ পূজাৰ বেদীখন গীৰ্জাৰ বেদীৰ দৰে সজাই লৈছিল আৰু নিজৰ উপাস্যসকলক খ্ৰীষ্ট ধৰ্মৰ দেৱদূত আদিৰদৰে কৰি লৈছিল, যাতে বাহিৰৰপৰ পট্‌কৈ ধৰিব নোৱাৰি। ৱিকিপিডিয়া খুচৰি ফুৰোঁতে কথাখিনি পালোঁ। অকবৰ ৰাইজকো ভাগ দিয়াৰ মন গ’ল। নিজৰ কৃষ্ট সংস্কৃতি জীয়াই ৰাখিবলৈ আফ্ৰিকা আৰু আমেৰিকাৰ মূল অভিবাসী সকলে কিমান কষ্ট কৰিছিল, ভাবিলে মন ভৰি আহে। সভ্যতাৰ বীৰদৰ্পী খোজে কিমান সৰু সৰু জাতি উপজাতি ভৰিৰে মোহাৰি গ’ল সেইটো দেখি মাজে মাজে ভাৱ হয় কিনো প্ৰয়োজন আছিল সভ্য হোৱাৰ!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!