ভুল নুবুজিবা.. মালবিকা ( ৰূপাংকৰ চৌধুৰী )
সন্ধিয়া অফিচৰ পৰা উভতি আহি ঘৰ পালোঁ। ফাগুনী বতাহে ধূলিময় কৰি তুলিছে চৌদিশৰ পৰিৱেশ। কলিং বেল বজাবলৈ হাতখন আগবঢ়াই ৰৈ গ’লোঁ। দুৱাৰৰ সিপাৰে যেন ৰৈ আছে এক অস্বস্তিকৰ পৰিস্থিতি। যাৰ সন্মুখীন হ’বৰ জোখাৰে মানসিক শক্তি আজি মোৰ নাই। নাই। দুৱাৰৰ সিপিনে কোনো অচিনাকি পৰিৱেশ নাই। বিগত ১ ঘন্টা মানৰ পৰা যি ধুমুহাৰ মই মুখামুখি হৈছোঁ তাৰ বাবেই এই পৰিস্থিতি। মালবিকাৰ লগত মই কেনেদৰে মুখামুখি হ’ম?
মালবিকা মোৰ লগৰী। জীৱন লগৰী। বিশ্ববিদ্যালয়ৰ দিনৰে পৰা অলেখ সপোন ৰচি এক সুখৰ সংসাৰৰ আশা সমুখত ৰাখি দুয়ো বিবাহপাশত আৱদ্ধ হৈছিলোঁ- অগ্নিক সাক্ষী কৰি। সকলো ঠিকেই গৈ আছিল। সপোনবোৰৰ লগত আৰু নতুন নতুন সপোন যোগ হৈ গৈ আছিল। দিন বাগৰি বছৰ গ’ল। আমাৰ মাজলৈ আহিল ধৃতি। ধৃতি আমাৰ একমাত্ৰ সন্তান। তাৰেই কিছুদিন পিছৰ পৰা যেন আৰম্ভ হ’ল খেলি-মেলি।
মালবিকা তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰী আছিল। স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত মই কোম্পানীৰ চাকৰিত যোগদান কৰিলোঁ। মালবিকা ব্যস্ত হ’ল গৱেষণাৰ কামত। ধৃতি্ক আমাৰ মাজলৈ আদৰি অনাৰ খাতিৰত গৱেষণাৰ ইচ্ছা জলাঞ্জলি দিলে মালবিকাই। তাৰ লগতেই যেন ব্যস্ত হৈ পৰিল ধৃতিৰ ডাঙৰ-দীঘল কৰাত। নিজৰ বাবেই অলপো সময় উলিয়াবলৈ আহৰি নোপোৱা হ’ল- এসময়ত নিজৰ ৰূপ-লাৱণ্যৰে সকলোকে মোহিত কৰা মালবিকাই।
খামুচিয়া কঁকালৰ মালবিকাৰ গোটেই দেহত চৰ্বিয়ে হেঁচা মাৰি ধৰিলে। দুগাল মঙহেৰে ওলমি পৰিল। প্ৰথম অৱস্থাত কথাটো মই মন কৰা নাছিলোঁ। কিন্তু লাহে লাহে চকুত পৰা হ’ল। অন্তৰংগ মূহুৰ্তত কেতিয়াবা ধেমালিৰে কওঁ- ‘VLCC জইন নকৰা কিয়?’ মালবিকাই মোৰ বুকুৰ মাজত সোমাই মৃদু হাঁহিৰে কয়-‘ ধৃতি ডাঙৰ হওঁক দিয়া। তাৰ পিছত ভাবিম সেইবোৰ। তুমি নকৰা কিয় ‘জিম’ত জইন?’
কিছুমান অসাধাৰণ অহেতুক পৰিস্থিতিৰ আৰম্ভণি অতি সাধাৰণ ভাবে হয়। মালবিকাৰ কথা ৰাখি মই জইন কৰিলোঁ ‘জিম’। মালবিকাই নিজৰ দায়িত্ববোৰ যেন ধৃতিৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিলে। হাতৰ নখ দীঘল কৰি ৰাখি ভালপোৱা মালবিকাই ‘নেইল পলিচ’ লগাবলৈ আহৰি নোপোৱা হ’ল। ক’তনো পাব সময়? দিন যোৱাৰ লগে লগেই ধৃতিৰ ‘হমৱৰ্ক’ৰ বোজা বাঢ়ি আহিব ধৰিলে। নতুনকৈ ‘জিম’ৰ ভুতে পোৱা বাবে মই ঘৰ আহি পোৱাত আগতকৈ দুঘন্টা দেৰি হোৱা হ’ল। মই ঘৰ পোৱাৰ পিছত মৌ-মিহলি নেমু পানী সযতনাই দিছিল- কোনো আপত্তি নকৰাকৈ।
আপত্তিৰ তালিকাখন মোৰহে দিনক দিনে দীঘল হৈ গৈছিল। নিজৰ অযতন দেহাটোৰ বাবে যেন এসময়ৰ ৰূপহী মালবিকা মোৰ চকুত কুন্ধচ হৈ আহিছিল। নিত্য প্ৰয়োজনীয় দৈহিক ক্ষুধা নিবাৰণৰ বাহিৰে মালবিকাৰ মাজত যেন মোক উত্তাল কৰি তুলিবলৈ কোনো বিশেষ কাৰণ বিচাৰি নোপোৱা হ’লোঁ মই। মালবিকাৰ বাবে মোৰ সময়ৰ পৰিমাণ দিনে-দিনে কমি আহিছিল। দিনটোৰ ভাগৰে আগুৰি ধৰা বাবে শোৱাপাটীত পৰাৰ পিছতে মালবিকাই নাকেৰে ঘেৰ ঘেৰ শব্দ কৰি শুই যায়। মই ব্যস্ত হৈ যাও এক বেলেগ দুনীয়াত- ফেচবুক।
ফেচবুকত বিচাৰি পাওঁ এক নতুন লগৰী- অনামিকা। এঞ্জেল অনামিকা! People You May Know ত আহি থাকে বাৰে-বাৰে। লক্ষ্য কৰিলোঁ Mutual Friends ৫০তকৈ বেছি। কোন হ’ব পাৰে এই অপ্সৰা!
দুদিনমান নিজকে নিলগাই ৰাখিলোঁ বন্ধুত্বৰ প্ৰস্তাৱ পঠোৱাৰ পৰা। কিন্তু সেইদিনা নিউজফিডত পালোঁ মোৰ বাল্যবন্ধু অৰ্ণৱৰো এঞ্জেল অনামিকা বান্ধৱী হ’ল। পঠিয়াই দিলোঁ প্ৰস্তাৱ বন্ধুত্বৰ। অপ্সৰাজনীয়ে যেন তাৰ বাবেই অপেক্ষা কৰি আছিল। ৫ মিনিটৰ ভিতৰতে যোগাত্মক সঁহাৰি জনালে মোৰ বন্ধুত্বক।
– হাই হেন্ডচাম? কি খবৰ?
– হাই এঞ্জেল। ধন্যবাদ মোৰ প্ৰস্তাৱক সঁহাৰি জনোৱাৰ বাবে।
– ইউ আৰ ৱেলকাম চুইট হাৰ্ট!
এঞ্জেলৰ বাৰ্তাত ‘চুইট-হাৰ্ট’ সম্বোধন দেখি মুহূৰ্তৰ বাবে যেন মোৰ হাৰ্ট-বিট স্তব্ধ হৈ গ’ল। নিজৰ ওপৰতে খং উঠিল। ইমান দিনে কি কৰি আছিলোঁ মই! মালবিকাক সদায় কাষত দেখি নিজকে আদবয়সৰ যেন অনুভৱ হৈছিল। নিজকে সংযত কৰি বাৰ্তালাপ আগুৱাই লৈ গ’লোঁ।
– ক’ত থাকা তুমি মিচ অনামিকা?
– ডাউন টাউনৰ পিছপিনে। কিয়? তুমি লগ কৰিবা নেকি মোক, মাই কিউট বেবী!
কিউট বেবী! সেই ৰাতিখন ড্ৰেচিং আইনাৰ সন্মুখত নিজকে এবাৰ চালোঁ। ডিম লাইটৰ পোহৰত মালবিকালৈকো চকু কৰিলোঁ। বিচনালৈ আহি লেপটপটো পুনৰ কোলাত তুলি বাৰ্তা নিক্ষেপ কৰিলো অপ্সৰা অনামিকাক-
– কাইলৈ সন্ধিয়া ঠিক ছয়টা বজাত লগ কৰিম গনেশগুৰি ফ্লাই অভাৰৰ তলত। অকে?
– অকে। তোমাৰ ফোন নাম্বাৰটো দিয়া। মই থিক ৫ বজাত তোমাক ফোন কৰিম।
– ২১২১৩২৪৪৪৪
পিছদিনা পুৱাই উঠি ঘৰতে অলপ ফ্ৰী-হেণ্ড কৰি ল’লো। সন্ধিয়া ‘জিম’ যোৱা নহ’বই যেতিয়া! মালবিকা তেতিয়া ব্যস্ত পাকঘৰত ধৃতিৰ বাবে টিফিন সাজু কৰাত। ধৃতিক স্কুলৰ বাছত উঠাই আহি মালবিকাই মোক ক’লে-
– তোমাৰ মুখখন বহুত ‘ৰাফ’ হৈ গৈছে। অলপ ‘ফেচিয়েল’ কৰি দিওঁ ৰ’বা।
– ধেই! নালাগে দিয়া। তুমি খানা সাজু কৰা। মই গা ধুই আহোঁ।
– তুমি ক’লেই মানিম নে। চুপচাপ বহি থাকা।
মালবিকা ব্যস্ত হৈ পৰিল মোৰ গাল দুখন চাফ কৰাত। বহুত দিনৰ মুৰত। ইমানখিনি যতন নিজৰ লোৱাহেঁতেন! মই চাগে সন্ধিয়া গণেশগুৰিত এঞ্জেলক লগ নধৰিলোঁহেঁতেন।
পিছৰ বেলাত মন বহা নাই মোৰ অফিচত। কেতিয়া অফিচৰ পৰা ওলাই যাব পাৰোঁ তাৰেই সুযোগ বিচাৰি আছোঁ। এঞ্জেলৰ ফোন আহিছিল। নামৰ দৰেই মিঠা এঞ্জেলৰ মৌ-সনা মাত। চিগাৰেট এটা জ্বলাই বিকে টাৱাৰৰ কাষত মই ৰৈ আছোঁ। ঠিক ছয় বজাত বাজি উঠিল মোৰ ফোনটোত ৰিংটোন। আশাকৰা মতেই অনামিকা আনটো মুৰত-
– হাই দিয়েৰ! জু-ৰোডৰ পিনে যোৱা চিটিবাছ ষ্টপেজলৈ আহি যোৱা।
সন্মোহিত হৈ মই বাইকখন পাৰ্কিঙৰ পৰা উলিয়াই আগবাঢ়িলো। নতুনকৈ যেন চেঙেলীয়া হ’লোঁ। নিৰ্দিষ্ট ঠাইত এঞ্জেলক লগ পালোঁ। এঞ্জেল ধুনীয়া। ভবাতকৈ বেছি কম বয়সীয়া। ভবাতকৈ বেছি স্মাৰ্ট।
– ব’লা বিয়েৰ খুৱাবা মোক।
– বিয়েৰ খাবা?
– কিয় তুমি নোখোৱা নেকি?
– খাওঁ। কমকৈ।
– কমকৈয়ে খাবা ব’লা।
অনামিকাই কোৱামতেই এক নিৰ্দিষ্ট বাৰত সোমালোঁ। ভিৰ কম আছিল। আমি কোণৰ পিনে বহি বিয়েৰৰ অৰ্ডাৰ দিলোঁ। কথা পাতিলোঁ। বয়সৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। যেন তাইৰ কলেজীয়া বন্ধুহে মই। ময়ো সমানে কথাত মচগুল। কথাৰ মাজে-মাজে বিয়েৰত চুমুক। কথাৰ মাজে-মাজে মোৰ গাত হাউলি পৰে অপ্সৰা অনামিকা। লাহে লাহে বাৰত ভিৰ বাঢ়ি আহিল। চিগাৰেটৰ ধোঁৱা আৰু বিয়েৰ, হুইস্কি, ভডকা আৰু স্ক’টচৰ গোন্ধ মিহলি গোটেই পৰিৱেশটোত কিবা এক অদ্ভুত মাদকতা। মই যেন বিচাৰি পালোঁ যৌৱনৰ সেই এৰি অহা দিনবোৰ। নিশা ন বাজি গ’ল। এঞ্জেলে নিচাগ্ৰস্ত মাতেৰে ক’লে-
– ব’লা মোক থৈ আহিবা হোষ্টেল।
– ব’লা।
ঢলং পলংকৈ দুয়ো ওলাই আহিলোঁ। ঠিক ডাউন টাউনৰ কাষ পাওঁতেই এঞ্জেলে ক’লে-
– অলপ ৰোৱা। চিগাৰেট এটা জ্বলোৱা। ময়ো দুই টান মাৰিম।
– অ’কে।
– নট অ’কে মিষ্টাৰ। টকা টেন থাউজেণ্ড উলিওৱা।
– টেন থাউজেণ্ড? কিয়?
– আৰে! কি বুৰ্বকৰ দৰে কথা সোধা? এঞ্জেলৰ লগত নিবিড় ভাবে তিনিঘন্টা কটালা তাৰেই ফীজ।
– কিন্তু মইতো?
– কিন্তু মইতো একোৱে কৰা নাই! তাকেই ক’ব খুজিছা? ঠিক আছে। সেয়া মোৰ বন্ধু আহি পালে। তুমি বাৰত মোৰ লগত পাৰ কৰা প্ৰতিটো ক্ষণ তাৰ মোবাইলত আবদ্ধ হৈ আছে। কাইলৈ তোমাৰ পত্নীক দেখুৱাম। তাৰ পিছত কি কৰা, কৰি থাকিবা। ঘৰৰ ঠিকনাটো তুমি নিজেই কৈছা বাৰত নিচাৰ মাজত।
দেখিলোঁ যুৱক এজন বাইকত আহি আমাৰ কাষতে ৰ’ল। বাৰত আমাৰ কাষৰ টেবুলত বহা মনত আছে এই যুৱকজন।
-তোমাৰ একাউন্ট নাম্বাৰ দিয়া। এতিয়া ইমান পইছা মোৰ লগত নাই আৰু এটিএম ও নাই লগত। কাইলৈ তোমাৰ একাউণ্টত দি দিম।
– ঠিক আছে। কিন্তু কালি মানে কালি। নহ’লে বুজিছাই চাগে কি কৰিব পাৰোঁ?
বিয়েৰৰ নিচা কেতিয়াবাই ফাটি গ’ল। মালবিকা আৰু ধৃতিৰ মুখ সন্মুখত ভাঁহি আহিল। বাইক ঘৰ অভিমুখে দৌৰালোঁ।
এতিয়া ৰৈ আছোঁ। যেন কলিং বেলৰ চুইচ টিপিবলৈ শক্তি নোহোৱা হৈ গ’ল মোৰ। দুৱাৰ খোল খালে। মালবিকাই খুলিলে।
– আৰে! তুমি? কি কৰি আছা ইয়াত? ব’লা ভিতৰলৈ।
– অ।
– চাওঁ মুখখন মেলাচোন। এয়া। তাকেই। ধীৰাজ আহিছিল অলপ আগতে। তোমাৰ খুৰাৰ ল’ৰা ধীৰাজ। সি ক’লে দাদাক আজি বাৰ এখনত সোমোৱা দেখিছোঁ।
– আৰু কি ক’লে সি?
– আৰু কিবা-কিবি ক’বলৈ মুখ মেলোতে মইয়ে ক’লো তাক ওলোটাই।
– কি ক’লা তুমি?
– মই ক’লো- ‘ৰক্ষা ধীৰাজ। মোৰ মানুহজন তেতিয়াহ’লে একেই আছে। মোৰ আকৌ ভয় হয়- কিজানি তেওঁ আন দহজনৰ দৰে বয়সৰ দোহাই দি জীৱনৰ কিছুমান দুষ্টামি পাহৰিয়েই গ’ল।’
– মালবিকা!
– মই নিবিচাৰোঁ যে মোক ভাল পোৱাৰ খাতিৰত তুমি ভাল পোৱা কামবোৰক জলাঞ্জলি দিবা। মই বিচাৰোঁ তুমি সদায় সেই মই প্ৰথম লগ পোৱা মোৰ মনৰ মানুহজনেই হৈ থাকা যেন। মই বিচাৰোঁ তুমি যেন সদায় মোৰ ভাগৰ আনন্দৰ ক্ষণবোৰ উপভোগ কৰা।
– মালবিকা!
– ব’লা ফ্ৰেছ-আপ হৈ লোৱা। আজি তোমাৰ প্ৰিয় পোলাও আৰু খাহীৰ মাংস বনাইছোঁ। ধীৰাজে দি থৈ গৈছিল মাংস।
মই বাকৰূদ্ধ হৈ পৰিলোঁ। মোৰ নিজৰ পত্নী তথা দীৰ্ঘদিনীয়া লগৰীজনীক মই যেন আজি নতুনকৈ আবিষ্কাৰ কৰিছোঁ। ফ্ৰেছ-আপ হ’বলৈ বাথৰূমত সোমালোঁ! পানীৰ টেপ খুলি হুক-হুকাই কান্দিলোঁ কিছুপৰ। শুনিছোঁ কান্দিলে দুখ পাতল হয়। মোৰ নহ’ল দেখোন। মনৰ মাজতে আওৰালো দুবাৰমান- ভুল নুবুজিবা মালবিকা!!