ভূপেন হাজৰিকাদেৱৰ গীতত শৰতৰ অনুভৱ-বন্তি বৰঠাকুৰ বৰুৱা


যুগে যুগে কবি সাহিত্যিক সকলক ঋতু পৰিবৰ্তনৰ মায়াময় আৱেশে মন মতলীয়া কৰি তেওঁলোকৰ সৃষ্টিশীল মনৰ খোৰাক যোগাই আহিছে। যাৰ ফলত কবি হৃদয়ৰ আকূল আহ্বানত যুগে যুগে সৃষ্টি হ’ব ধৰিছে কালজয়ী গীতিকাব্য, কবিতা, গীত আৰু অন্যান্য কথা সাহিত্যৰ। 

চতুৰ্থ শতিকাতে বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম মহাকবি কালিদাসে ‘ঋতুসংহাৰ’ নামৰ গীতিকাব্যখন ৰচনা কৰি নিজৰ কাব্য জীৱনৰ পাতনি মেলিছিল। ইয়াত কবিজনে ক্ৰমে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এই ছয় ঋতুৰ সুন্দৰ বৰ্ণনা ১১৪টা শ্লোকত প্ৰকাশ কৰিছে। ঋতু বৰ্ণনাৰ লগতে প্ৰতিটো ঋতুৰ আগমণত বাহ্যিক জগত তথা মানৱ হৃদয়ত যি পৰিৱৰ্তন দেখা যায় আৰু প্ৰেমিক-প্ৰেমিকাৰ অন্তৰত যি অপূৰ্ব ভাবৰ সৃষ্টি হয়, সেইবোৰেই এই কাব্যৰ বৰ্ণনাৰ বিষয়বস্তু। ঠিক সেইদৰে মধ্যযুগত শংকৰদেৱ বিৰচিত ‘বৰ্ষাবৰ্ণন’ আৰু ‘শৰৎবৰ্ণন’ এই আহ্বানৰে ফলশ্ৰুতি। 

কুৰি শতিকাৰ আটাইতকৈ জনপ্ৰিয় সাহিত্যিক তথা গায়কজন হ’ল ডঃ ভূপেন হাজৰিকা। কেৱল কুৰি শতিকা বুলি ক’লে ভুল হ’ব, কিয়নো তেখেতৰ জনপ্ৰিয়তা বৰ্তমানেও তিলমানো কমি যোৱা দেখা নাই। তেখেতৰ কালজয়ী গীতসমূহে তেখেতক যুগ-যুগান্তৰলৈ অমৰ কৰি ৰাখিব। 

অসমীয়া আধুনিক গীতৰ জগতত সুধাকণ্ঠ ভূপেন হাজৰিকা এক উজ্জ্বল জ্যোতিষ্ক। অসমীয়া গীতি সাহিত্যৰ ভঁৰাললৈ তেখেতে আগবঢ়োৱা অনবদ্য গীতৰ সম্ভাৰ অসমৰ জনজীৱনৰ সুখ-দুখ, হাঁহি-কান্দোনেৰে ভৰপূৰ। অবিভক্ত অসমৰ জনজীৱনৰ সৈতে জড়িত এনে কোনো বিষয় নাই যি তেখেতৰ ৰচনাৰ পৰা বাদ পৰি গৈছে। তেখেতৰ প্ৰতিটো গীতৰ কথা আৰু সুৰে প্ৰতিজন অসমীয়াৰ হৃদয় চুই যায়। অসমীয়াৰ হিয়াৰ আমঠু এইজনা গীতিকাৰে শ্যামলী অসমৰ প্ৰতিটো ঋতুৰ সৌন্দৰ্যক তেওঁৰ সুৰত বন্দী কৰি থৈ গৈছে। অসমৰ বিচিত্ৰ প্ৰকৃতিৰ ভিন্ন পৰিবেশত, ভিন্ন পটভূমিত তেখেতে সৃষ্টি কৰি থৈ গৈছে ভিন্নসুৰী গীত। শৰৎ কাল হেনো ভূপেন হাজৰিকাদেৱৰ অতিকৈ প্ৰিয় আছিল। শৰতৰ কঁহুৱা, নিয়ৰসিক্ত শেৱালিৰ সুৱাস আৰু কপাহ কোমল শৰতৰ শুকুলা ডাৱৰৰ মোহত পৰি তেখেতৰ কাপৰ পৰা সৃষ্টি হৈছিল কেইবাটাও কালজয়ী গীতৰ।  অসমৰ শাৰদীয় বতৰত তেখেতে সৰুৰেপৰা দেখা আৰু শুনা কিছু মনোমোহা প্ৰতীকক তেখেতে গীতৰ মাজেৰে বন্দী কৰি ৰখাৰ প্ৰয়াস কৰিছিল এনেদৰে—

শৰতৰ শেৱালিৰ নতুন নিয়ৰে

শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

মুকুতিৰ গীত গায় শৰালিজাকে॥

নিয়ৰ বিন্দু হ’ল জীৱন দাপোণ

তাতেই দেখোঁ মই আশাৰ সপোন। 

ক্ষুদ্ৰতে বিশালক যদি বিচাৰাঁ

দেখিবা বিন্দুতে সিন্ধু থাকে। 

শৰতৰ সৰাপাত কিয় বুটলিম? 

ৰিক্ত ৰিক্ত মন কিয় আদৰিম? 

বন্ধ বন্ধ সীমা কিমান সহিম? 

মুগ্ধ মুগ্ধ মই আকাশ দেখি

স্নিগ্ধ স্নিগ্ধ ফুল, মনেৰে লেখি

মুক্ত মুক্ত কঁহুৱাৰ নাচোনে

হহুঁৱায় নিৰাশাৰ ফাঁকে ফাঁকে। । 

১৯৬৯ চনত হাজৰিকাদেৱে শৰতক লৈ আন এক অতুলনীয় গীত ৰচনা কৰে — 

এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

মোৰো বনহংসই বাট হেৰুৱায়

মই আছোঁ শাৰদীয় খিৰিকীমুখত

বুকুৱে বিচৰাজনলৈ বাট চাই। 

………….

এই গীতটোত শাৰদীয় বতৰৰ নান্দনিক অনুভৱখিনি হৃদয়স্পৰ্শীকৈ প্ৰকাশ কৰিছে। কালিদাসৰ ‘মেঘদূত’ নামৰ গীতিকাব্যখনিত বিৰহী যক্ষই আকাশত বাৰিষাৰ মেঘ দেখা দিয়াৰ লগে লগে অদম্য বাসনাত ব্যাকুল হৈ জড়চেতনৰ কথা পাহৰি মেঘখণ্ডক প্ৰিয়তমাৰ ওচৰলৈ বাতৰি নিবলৈ অনুৰোধ কৰাৰ দৰে হাজৰিকা দেৱেও মনৰ আকুলতাখিনি প্ৰকাশ কৰিছে এনেদৰে —

মই এক যক্ষ মহানগৰীৰ

মিছলীয়া মৰমত কাৰাৰুদ্ধ

সোঁৱৰণি শ্ৰাৱণতে আবদ্ধ

নিয়ন চাকিয়ে আজি চকু টিপিয়ায়

শৰৎ সন্ধা মহানগৰী সজায় 

তাৰে মাদকতা সানি আজি লিখিছোঁ চিঠি

চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়। 

ভূপেন হাজৰিকাদেৱে ১৯৭৩ চনত “আৰোপ” নামৰ এখন হিন্দী চিনেমাৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। শ্বিলঙত এদিন এটা সৰু খাচী গৰখীয়া ল’ৰাই গুণগুণোৱা এটি মিঠা সুৰৰ ওপৰত ভেটি কৰি ভূপেনদাই “নেইনো মে দৰ্পন দৰ্পন মে কই” গীতটি সৃষ্টি কৰে। কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ দ্বৈত কণ্ঠৰ এই গীতটোৱে সেই সময়ত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। সেই গীতটিৰ একে সুৰতে তেখেতে অসমীয়াত ৰচনা কৰা গীতটোত প্ৰকাশ পোৱা শৰতৰ অনুভৱ অনন্য—

তোমাৰ উশাহ কঁহুৱা কোমল

শেৱালি কোমল হাঁহি

হাঁহিয়ে হৃদয় হৰিলে শুনাই

এটি কিবা মিঠা বাঁহী। 

শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহী। । 

হঠাৎ আজি গালোঁ মই

মৰমসনা গীত

তাকে শুনি চেনেহীৰে

উখল মাখল চিত

বালিত নাচে আমাক জোকাই

এটি সৰু বালিমাহী। । 

ৰুণুক জুনুক সৰাপাতত

নিয়ৰ সৰি পৰে

গালে মুখে নিয়ৰ সানি

ধেমালিখন কৰে; 

শেৱালিৰে বিছনাতে আমি দুয়ো শুলোঁ; 

শুই শুই মেঘৰ আঁৰৰ

শৰালি গণিলোঁ

এহাল হাঁহে আদৰিলে

হঠাৎ নামি আহি। । 

আন এটি গীতত তেখেতে শৰৎ কালটোক নিজৰ প্ৰেয়সীৰ ৰূপত কল্পনা কৰি তেখেতৰ অনুভৱ এনে ধৰণে ব্যক্ত কৰিছে —

শাৰদীৰাণী তোমাৰ হেনো নাম

তুমি মোৰ নিচেই আপোন

সদ্যস্নাতা ৰূপহী মোৰ

পুৱতি নিশাৰ সপোন। । 

শুভ্ৰনীলা ওৰণিখনি

কুঁৱলী সূতাৰে বোৱা

পাতল ৰিহাখনি, 

থৰ লগা বিলখনি

তোমাৰ শুৱনি দাপোন। । 

কপাহ মেঘৰ অহা যোৱা

সেউজী ঘাঁহৰ হিমানী

সোণালী ৰ’দ, শৰালিৰে জাক

তুমিয়েই আনিলা কিজানি, 

শেৱালি কোমল হাঁহিটি মাৰি 

কৰাহি সাজোন-কাচোন। । 

১৯৭৮ চনত ৰচনা কৰা উক্ত গীতটিত তেখেতে শৰতক কেৱল ঋতুৰ শাৰীত থ’ব খোজা নাই, তেখেতৰ মনত শৰতে ৰাণী হৈ ধৰা দিছে। কোনোৱে বসন্তক ঋতুৰাজ আখ্যা দিয়াৰ দৰে হাজৰিকাদেৱৰ মনত শৰৎ হৈছে শাৰদী ৰাণী। শৰতৰ অনুভূতিক লৈ ৰচনা কৰা তেখেতৰ আটাইবোৰ সুৱদী গীতৰ ভিতৰত অনেকেই এই গীতটোক শ্ৰেষ্ঠতম গীত হিচাবে আখ্যা দিব খোজে। 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
MONJURI
1 year ago

ৱাঃ বৰ ধুনীয়া লেখা এটা পঢ়িলোঁ।

Copying is Prohibited!