ভূমিপুত্ৰ, আত্মজাহ, পুত্তলিকা দাহ, গঁড় হত্যা ইত্যাদি (প্ৰতিম প্ৰতাপ বৰুৱা)

আত্মজাহ – ভূমিৰ ওপৰত স্থানীয় ভূমিপুত্ৰৰ অধিকাৰৰ ন্যায্যতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। প্ৰকৃততে এটা সময়ত অসমত ভূমিপুত্ৰসকল ভূমিহীন নাছিল, তেওঁলোকক ভূমিহীন কৰা হ’ল। বা ক’ব পাৰি পৰিস্থিতি, অৱস্থা বা কিছুমান আঁচনি আৰু নীতিয়ে তেওঁলোকক ভূমিহীন হ’বলৈ বাধ্য কৰিলে। ভূমিপুত্ৰসকলক উচ্ছেদ কৰাৰ পিছত বা ভূমিপুত্ৰসকলক ভূমিহীন কৰাৰ পিছত সেই মাটিবোৰ আজি কাৰ কাৰ নামত আবন্টিত হ’ল সেই তালিকাখন দীঘলীয়া আৰু কেনেকৈ কাৰ কাৰ নামত এই আৱন্টন হ’ল সেই প্ৰক্ৰিয়াটো ত্ৰুটীমুক্ত অথবা চক্ৰান্তমূলক হয়নে নহয় সেইটো অনুসন্ধানৰ বিষয় হ’ব পাৰে। কিন্তু কৃষকৰ আৰু মাটিৰ ন্যায্য অধিকাৰসমূহৰ বাবে গঢ়ি উঠা আন্দোলন এটা এনেকৈ ৰাজনীতিৰ দলাদলিৰ মাজত সোমাই পৰাটো দুৰ্ভাগ্যজনক। তাতোকৈ দুৰ্ভাগ্যজনক এই আন্দোলনটো মষিমূৰ কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাখিনি। অসমত এনে এটা অন্দোলনৰ সৃষ্টি হ’ল, তাৰ বাবে দায়ী চৰকাৰ আৰু চৰকাৰী নীতি। আন্দোলনটো গুৱাহাটীকেন্দ্ৰিক হৈ পৰাটোও দুৰ্ভাগ্যজনক। (বেছিভাগ মানুহক মাত্ৰ গুৱাহাটীতে কিয় মাটি লাগে? গুৱাহাটীত ভূমিহীন প্ৰতিজন ভূমিপুত্ৰই প্ৰকৃততে ভূমিপুত্ৰ আৰু ভূমিহীন হয়নে? গুৱাহাটীৰ পাহাৰ আৰু জলাশয়বোৰত বেদখল হ’বলৈ দিয়াটো বা সেইবোৰত স্থায়ীভাবে মাটিৰ পট্টা দিয়াটো প্ৰকৃতিৰ ইক’-ছিষ্টেমটোৰ বিৰুদ্ধে অত্যাচাৰ নহয়নে?) কিন্তু আন্দোলনটোত এজন মানুহে আত্মজাহ দিলে – তাৰ বাবে চৰকাৰৰ লগতে বেছিকৈ দায়ী আন্দোলনৰ নেতৃবৰ্গ। প্ৰয়াত প্ৰণৱ বড়োৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈও আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সম্পূৰ্ণ সমবেদনা জনায়ো আমি ক’ম যে এয়া প্ৰতিবাদ নহয়, এয়া অন্ধ আবেগৰ ধ্বংসাত্মক বহি:প্ৰকাশহে। আৰু এনে অন্ধ আবেগে সমস্যাৰ সমাধান নিদিয়ে। যুক্তি আৰু তথ্যৰ ওপৰত কমকৈ নিৰ্ভৰ কৰি মাত্ৰ অন্ধ আবেগেৰে পৰিচালিত গণ-আন্দোলন একোটাৰ পৰিণতি কি হয় সেয়া আমি অসমবাসীয়ে আগতেও দেখিছোঁ। এখন দৈনিক কাকতত প্ৰকাশিত তথ্য মতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৃত্যু বাহিনীও আছে। (প্ৰয়াত প্ৰণৱ বড়ো এই মৃত্যু বাহিনীৰ সদস্য আছিল বুলি বাতৰিটোত প্ৰকাশ।) কৃষকৰ স্বাৰ্থৰক্ষা আৰু মাটিৰ অধিকাৰৰ বাবে কৰা, গণতান্ত্ৰিক বুলি দাবী কৰা এই আন্দোলনটোত “মৃত্যু বাহিনী” কিয় গঠন কৰা হ’ল আৰু এই “মৃত্যু বাহিনী”ৰ কাম আৰু উদ্দেশ্য কি? – এই প্ৰশ্নটোৰ উত্তৰ আন্দোলনটোৰ নেতৃবৰ্গই আন্দোলনকাৰী সাধাৰণ জনতাৰ লগতে আন্দোলনটোক বাহিৰৰ পৰা নীতিগতভাৱে সমৰ্থন জনোৱা বা বিৰোধিতা কৰা সকলোকে পতিয়ন নিয়াব পৰাকৈ যুক্তিপূৰ্ণভাবে দিয়া উচিত।

 

 

শাসকে (চৰকাৰে) গ্ৰহণ বা অৱলম্বন কৰা এটা প্ৰণালী বা ব্যৱস্থা বা সিদ্ধান্ত (বা প্ৰণালীসমূহ, সিদ্ধান্তসমূহ) অশুদ্ধ বুলি পতিয়ন গৈ তাক সলনি কৰিবলৈ শাসকৰ বিৰুদ্ধে এটা আবেগিক, জংগী আন্দোলন গঢ়ি তুলি সময়-ধন-জন-জীৱনৰ হানি কৰিব পাৰি অথবা নিজে নিৰ্দিষ্ট পদ্ধতিৰে শাসক হৈ পৰি (নিজে চৰকাৰ গঠন কৰি) সেই অশুদ্ধ বুলি ভবা প্ৰণালীটো বা ব্যৱস্থাটো বা সিদ্ধান্তটো (বা প্ৰণালীসমূহ, সিদ্ধান্তসমূহ) প্ৰচলিত সাংবিধানিক নিয়মসমূহ উলংঘা নকৰাকৈ আৰু প্ৰচলিত নিয়মসমূহে দিয়া সুবিধাসমূহ গ্ৰহণ কৰি দক্ষতাৰে তথা সততা, স্বচ্ছতা আৰু সদিচ্ছাৰে সলনি কৰি শুদ্ধ ব্যৱস্থাটো বা শুদ্ধ প্ৰণালীটো প্ৰতিষ্ঠা কৰিব পাৰি। পিছৰটো পন্থা আগৰটোতকৈ কঠিন আৰু আবেগবৰ্জিত যদিও বাস্তৱমুখী আৰু ফলপ্ৰসূ বুলি আমাৰ ধাৰণা হয়। আমি অখিল গগৈক এই পিছৰ কঠিন পন্থাটো অৱলম্বন কৰিবলৈ আহ্বান জনাইছোঁ।

 

পুত্তলিকা দাহ – এটা বিষয় লৈ ৰাজপথত গণ-প্ৰতিবাদ সাব্যস্ত কৰোঁতে প্ৰতিবাদৰ নামত কেতিয়াবা কোনোবা নেতা, মন্ত্ৰী, আনকি কোনোবা সংস্থাৰ নামত মূৰ্ত্তি এটা সাজি সেই মূৰ্ত্তিটো চিতাত তুলি লৈ শ্মশান যাত্ৰা কৰি পিছত সেই পুত্তলিকাটো দাহ কিয় কৰা হয় সেইটো বুজি পাবলৈ আমি অসুবিধা পাওঁ। যিজনৰ পুত্তলিকা দাহ কৰা হ’ল বুলি দাবী কৰা হয় সেইজনক অন্দোলনকাৰীসকলে প্ৰতীকী অৰ্থত হ’লেও মৃত বুলি ঘোষণা কৰিলে। এতিয়া এবাৰ মৃত বুলি নিজেই ঘোষণা কৰি পিছত সেই একেজন মানুহৰ ওচৰলৈকে আলোচনাৰ বাবেই হওক বা অন্য কিবা কাৰণতেই হওক, আন্দোলনকাৰীসকল কেনেকৈ যাব পাৰে ? কাৰণ যুক্তিমতে আন্দোলনকাৰীসকলৰ চকুত তেওঁ যিহেতু ইতিমধ্যেই মৃত, গতিকে মৃত মানুহজনৰ লগত আলোচনা কৰাটো বা মৃত মানুহ এজনৰ পৰা কিবা দাবী কৰাটো কেনেকৈ সম্ভৱ ?

গঁড় হত্যা – অসমতযে এজন বনমন্ত্ৰী আৰু এটা বনবিভাগ আছে সেই কথাটো কেতিয়াবা বিশ্বাস কৰিবলৈকে টান লাগে। (আচলতে অসমৰ বৰ্তমান চৰকাৰখনৰ সীমাহীন দুৰ্নীতি, অকৰ্মণ্যতা আৰু অযোগ্যতাই ইমানেই সীমা চেৰাইছে যে এনে অদক্ষ চৰকাৰ এখনো যে ক্ষমতাত বৰ্ত্তি থাকিব পাৰে আৰু পুনৰ নিৰ্বাচিত হোৱাৰ আশা কৰিব পাৰে সেইটোহে আচৰিত কথা হৈ পৰিছে।) অসম চৰকাৰৰ ৱেবচাইটৰ তথ্য মতেই ২০১২ চনত অসমৰ গোটেইকেইখন অৰণ্য মিলাই গঁড়ৰ সংখ্যা আছিল মাত্ৰ ২৫০৫ টা। এই সংখ্যাটো শুদ্ধ বুলি ধৰি ল’লেও বৰ্তমান যিটো হাৰত এই প্ৰাণীবিধ হত্যা কৰা হৈ আছে তালৈ চাই এদিন এই সংখ্যাটো যে শূন্যলৈ ৰূপান্তৰিত হ’ব সেয়া নিশ্চিত। মাত্ৰ চাৰিখন অভয়াৰণ্যত থকা মাত্ৰ ২৫০৫ টা গঁড়ৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰা অকৰ্মণ্য বন- বিভাগ এটা অসমৰ বাদে পৃথিৱীৰ আন কোনোবা ঠাইত পোৱা যাবনে নাযায় সন্দেহ। অসমৰ হাতত সমগ্ৰ পৃথিৱীৰ বাবে কি কি আপুৰুগীয়া সম্পদ আছে সেইটো আমাৰ চৰকাৰ চলোৱা নেতাসকলে সঁচাকৈয়ে উপলব্ধি কৰেনে নকৰে তাতো আমাৰ সন্দেহ আছে। “মাত্ৰ কেইহাজাৰমান” উগ্ৰপন্থীক নিৰ্মূল কৰিবলৈ লাখৰ ঘৰত সেনা-আৰক্ষী-চোৰাংচোৱা-উপদেষ্টা নিয়োগ কৰিব পৰা চৰকাৰখনে কেইখনমান নিৰ্দিষ্ট অৰণ্যত মাত্ৰ ২৫০৫ টা গঁড় চোৰাং-চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি, উপযুক্ত সঁজুলি আৰু সৎ বিষয়া-কৰ্মচাৰীৰে এখন বিজ্ঞানসন্মত আঁচনি তৈয়াৰ কৰি তাক সফলতাৰে, ফলপ্ৰসূভাবে ৰূপায়ণ কৰিব নোৱাৰাটো লজ্জাজনক। তাতোকৈও লজ্জাজনক চোৰাং-চিকাৰীৰ ওচৰত হাৰ মানি নিৰপৰাধ গঁড়কেইটাৰ খড়্গকেইটাকে কাটি পেলাবলৈ আঁচনি কৰাটো। ধিক !

 

One thought on “ভূমিপুত্ৰ, আত্মজাহ, পুত্তলিকা দাহ, গঁড় হত্যা ইত্যাদি (প্ৰতিম প্ৰতাপ বৰুৱা)

  • April 25, 2015 at 10:19 am
    Permalink

    অসমৰ গড় সমুহ মৰাৰ পাচত জি খড়গ পায় বনবিভাগে তাক কি কৰে বন বিভগে সংৰক্ষণ কৰে নে বিক্ৰী কৰে , যদি সংৰক্ষণ কৰে ক’ত কৰে জনাবনে মোৰ সন্দেহ হয় এইবোৰৰ উচিত সংৰক্ষণ নাই হোৱা ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!