ভেকুলী বিয়া (নয়নমণি হালৈ)
যোৱা শনিবাৰৰ এটা অলস দুপৰীয়া। মায়ে আহি ক’লে ‘মামণি মাহীয়েৰহঁতৰ ছোৱালী ৰিণীৰ আজি বিয়া’। উচপ খাই উঠিলোঁ : ‘কি ৰিণীৰ বিয়াৰ কথা ক’বলৈ আহিছ অ’, তাই ক্লাছ ছিক্স নে ছেভেনতহে পঢ়ে।’ মায়ে পোন্দোৱাকৈ চাই একো উত্তৰ নিদিয়াকৈ গুচি গ’ল। কেইটামান মুহূৰ্ত পিছতে মোৰ ভুল ভাগিল। এৰা, এইখনো অসমীয়া সমাজৰ এখন এৰাব নোৱাৰা বিয়া। ‘কইনা’ ক্লাছ ছিক্স বা ছেভেনত পঢ়ি থাকোঁতেই হোৱা বিয়া। আজিৰ পৰা দুটা দশক আগতে আমাৰ চুবুৰিটোত এনে বিয়াৰ একোটা খবৰে অলস দুপৰীয়াবোৰ হঠাৎ চঞ্চল কৰি তুলিছিল। আমাৰ লগতে দৌৰি-ঢাপলি ফুৰা, কু-কু-ভা-ভা খেলৰ লগৰীয়া একোজনী হঠাৎ যেন ‘ডাঙৰ’ হৈছিল। এই ‘ডাঙৰ’ হোৱা বিয়াখন পিছে বৰ সাংঘাতিক বিয়া আছিল।
‘ডাঙৰ হোৱা’ খবৰটো জনা মাত্ৰকে মাক বা চুবুৰীয়া বুঢ়ী আইতাকে ছোৱালীজনীক আছুতীয়া কোঠা এটাত বন্ধ কৰি থয়, যাতে ছোৱালীজনীয়ে সূৰ্য-চন্দ্ৰ, গৰু-ছাগলী আৰু পুৰুষ মানুহ চাব নোৱাৰে। তাৰপিছত যেন নিয়মৰ নামত ছোৱালীজনীৰ ওপৰত আৰম্ভ হৈ যায় ‘অত্যাচাৰ’। পিছদিনা বা এসপ্তাহলৈ ছোৱালীজনীৰ ‘লঘোন’ (ব্ৰত!)। এই সময়ত আহাৰ কেৱল ফল-মূল। ছোৱালীজনীয়ে লগত লৈ থাকিব লাগিব এটা ‘কনাই’ । এই ‘কনাই’টো এটা ডালিম বা ডিমৰু আৰু তামোল তিনিটাৰ লগত ছিগা চুলি, এৱাসূতা, খৰিকা পাঁচডাল আৰু এখন গামোছাৰে তৈয়াৰ কৰা হয়। যাতে অপ-দেৱতাই চুব নোৱাৰে তাৰবাবে লগত এখন দা বা কটাৰী ৰখা হয়। এনে সময়তে এবেলাৰ বাবে আগমন ঘটে ‘দৈবজ্ঞ’ বা ‘গণক’ৰ। ‘ডাঙৰ হোৱা’ৰ সময়টো জানি লৈ (অদ্ভুত!) তেওঁ গণনা কৰিব ছোৱালীজনীয়ে কি যোগ পালে, সধৱা যোগ পালে নে বিধৱা যোগ পালে .. ইত্যাদি । যদি সধৱা যোগ পাইছেতো ভালেই, কিন্তু যদি বিধৱা যোগ পাইছে তেতিয়া সেই যোগ নাশ কৰাৰ বাবে (দুষ্ট গ্ৰহ আঁতৰ কৰাৰ বাবে) পদুমৰ পাতত ভাত খোৱা, পদুমৰ চকা চোবাই খোৱা, সন্ধ্যা নিমখেৰে আলুসিদ্ধ ভাত খোৱা আদি কিমান যে নিয়ম! এনে নিয়ম কেতিয়াবা এমাহ পৰ্যন্ত ধৰি চলে।
চাৰিদিনৰ দিনা বা এসপ্তাহৰ দিনা ছোৱালীজনীক মানে কইনাজনীক ‘ধুওৱা’ হয়। সেইদিনা নিয়মৰ প্ৰকোপ আৰু বেছি। দৰা নোহোৱা সেইদিনাৰ বিয়াখনত ‘প্ৰতীকী দৰা’ হিচাপে এটা কলপুলি পোতা হয়। এই কলপুলি মৰি যোৱা মানে হেনো খুব অমঙ্গল, সেয়ে এইটোক বৰ যত্নেৰে ৰখা হয়। তিৰোতাবোৰে ছোৱালীজনীক নি কলৰ গুড়িত সাতকলহৰ পানীৰে ধুৱায়, জাত-জাত বিয়ানাম গায়, কনাই, দুনৰি আদি সজায়। আকৌ ‘প্ৰতীকী দৰা’ কলপুলিটোকো কইনাৰ দৰেই ধুওৱা হয়, মাহ-হালধি ঘঁহা হয় আৰু কইনাৰ হতুৱাই মালা পিন্ধোৱা হয় । সেইদিনাই সমাজক মাতি আনি ভোজ-ভাত খুওৱাটোও নিয়ম।
যোৱা বছৰ মই আৰু মোৰ এজন সাংবাদিক বন্ধুৱে গুৱাহাটীৰ সমীপৱৰ্তী এঠাইত ‘ভেকুলী বিয়া’ চাবলৈ গৈছিলোঁ। তাত ধৰি-বান্ধি থোৱা দুটা ভেকুলীক ধুৱাবলৈ পানী তুলিবলৈ যোৱা, বিয়ানাম গোৱা, ভেকুলী দুটাক ‘লগুণ-গাঁথনি’ দিয়া.., এইবোৰ দেখি হাঁহিত ৰ’ব পৰা নাছিলোঁ। ‘ভেকুলী বিয়া’ পতা মুনিহ-তিৰোতাবোৰক মোৰ ভেকুলীতকৈ অবোধ আৰু নিৰ্বোধ যেন ভাব হৈছিল।
বয়ঃসন্ধিৰ কালছোৱাত নাৰীৰ শৰীৰলৈ অহা এটা প্ৰাকৃতিক পৰিৱৰ্তনক আমি যে ‘উত্সৱ’ৰ ৰূপ দিওঁ, সেই উত্সৱো জানো আন এখন ভেকুলী বিয়া নহয়! ভেকুলীৰ লগুণ-গাঁথনি দিয়া আৰু কলপুলিক ‘দৰা’ পতাৰ মাজত জানো কিবা পাৰ্থক্য আছে! এনে ‘তোলনী বিয়া’ একোখন জানো ভেকুলী বিয়াৰ দৰেই অৰ্থহীন আৰু ল’ৰামতীয়া কাৰবাৰ নহয়! কিন্তু আচৰিত কথা এনে বিয়াৰ নামতো দেখোন এতিয়া একাংশ অভিভাৱকে নিৰ্লজ্জভাৱে ‘ধন’ৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। এনে ‘ভেকুলী বিয়া’ একোখনতো দেখোন বহু মানুহক নিমন্ত্ৰণ কৰি ‘চাহাবী খানা’ পাতি নিজৰ প্ৰতিপত্তি অহংকাৰ কৰাত মত্ত হৈছে। আৰু দুখীয়া মানুহবোৰ? এনে ‘ভেকুলী বিয়া’ৰ নামত তেওঁলোকৰ মুৰত জানো চিন্তাৰ পাহাৰ এখন খহি নপৰে!
শেষত আৰু এটা কথা, এই যে কণমানি ছোৱালী এজনী ডাঙৰ হ’ল, সেই খবৰটো ৰাইজক ঢোল পিটি জনোৱাটো জানো এটা লজ্জাৰ কথা নহয়! ‘মই মোৰ ছোৱালীৰ এইবোৰ নিয়ম নকৰো যা’ – এনেকৈ কোৱা মাক বা দেউতাক সঁচাকৈ নাইনে কোনো!!
মইটো সেইবুলিয়েই ভাবো।