ভেলেণ্টাইন- (দীপজ্যোতি গগৈ)

“ঐ যতিনে হাত কাটি দিলে, সোনকালে ব’ল”, ৰাজীৱৰ মাতত একে দৌৰে হোষ্টেলৰ ফাৰ্ষ্ট ফ্লৰত থকা যতিনৰ ৰূমলৈ দৌৰি গ’লো৷

যতিন দাস, মোৰ অভিন্ন বন্ধু৷

যতিনক আগুৰি ৰূমটোত পাঁচটামান ল’ৰা৷ মই বিছনাত শুই থকা যতিনলৈ চালো৷
“সিৰ কটা নাই হাৰামিয়ে, চিন্তা কৰিব নেলাগে” , চিগাৰেট এটা জ্বলাই ছিনিয়ৰ পৰাণ দাই কৈ উঠিল৷

মই যতিনক ধৰি জোকাৰি দিলো, তাৰ হাতখনত কেইবাটাও ব্লেডেৰে কটা চিন দেখিলো৷ তেজ বিৰিঙি থকাখিনিত ডেটল দি দি কপাহ লগাই প্ৰদীপে মোহাৰি আছে৷

“তই পাগল হ’লি নেকি বে! এজনী ছোৱালীৰ কাৰণে এইবোৰ ফাল্টু কাম কৰিছ যে! তোৰ মাথাত ঘিউ বোলা কিবা আছে নে নাই?” মই তালৈ চাই তীব্ৰ খঙত কঁপি উঠিলো৷

হঠাৎ হুকহুকাই যতিনে কান্দি দিলে৷ তাৰ দুচকোৰে ধাৰাসাৰ অশ্ৰু বাগৰিবলৈ ধৰিলে, মুহূৰ্ততে ৰূমটোৰ পৰিৱেশ বিষণ্ণ হৈ উঠিল৷

“তই কেলে ভাগি পৰিছ অ’, আমিবোৰ আছো নহয়৷ বৰমাই যদি এইবোৰ গম পায়, কি অৱস্থা হ’ব ভাবচোন!”

মোৰ কথা শুনি সি কিছুসময় মোৰ মুখলৈ চালে, আৰু পিছমুহূৰ্ততে মোক সাবটি ধৰিলে৷

কেইদিনমান আগতে প্ৰণামীৰ সৈতে তাৰ বিচ্ছেদ হ’ল৷ কোনো কাৰণ নোহোৱাকৈয়ে প্ৰণামী গোস্বামীয়ে যতিনৰ লগত সম্পৰ্ক শেষ কৰি দিলে৷ তাৰ পিছৰপৰাই যতিন একেবাৰে ভাগি পৰিছিল৷ প্ৰণামীক হাজাৰবাৰ বুজাইছিল, কিন্তু প্ৰণামী যেন এচপৰা শিল! যতিনৰ চকুপানীয়ে তাইৰ হৃদয় গ’লাব নোৱাৰিলে৷

“পৰাগো মেডিকেলত আছে নহয়, অমিতে ফোন কৰিছিল অলপ আগতে, জণ্ডিচ বহুত কমিচে বোলে৷ ভাত নিবৰ সময় হৈছে, কোন কোন যাৱ ওলাই ল ।”, ৰাজীৱে সকলোলৈ চাই কৈ উঠিল৷

“ময়ো যাম তঁহতৰ লগত৷”
যতিনৰ মাতত গোটেইকেইটা আচৰিত হৈ গ’লো৷

কিছুসময়ৰ পিছতে আমি মেডিকেলত উপস্থিত হ’লো৷ পৰাগক ৱাৰ্ডত ভাতখিনি দি চিগাৰেট এটা খাবলৈ বাহিৰলৈ ওলাই আহিলো৷ মোৰ পিছে পিছে যতিনো ওলাই আহিল৷
এনেতে আউটডৰৰ গেটৰ সন্মুখতে প্ৰণামীক লগ পাই গ’লো৷

“ছেঃ, , এইজনীক এতিয়াহে দেখিব পালো, কোনোমতে যতিনতো সুস্থিৰ হৈছিলহে!”

কথাখিনি ভাবি থাকোতেই প্ৰণামী আমাৰ ফালে আগুৱাই আহিল৷

“দাদা ভালনে? পৰাগদাক চাব আহিছিল নেকি? মই মেডিচিন নিবলৈ ওলাই আহিছিলো, আমাৰ দেউতাও এডমিট হৈ আছে নহয়, ষ্ট্ৰক হোৱাৰ কথা কাকো জনাবলৈ নহ’ল৷ ডাক্টৰে কৈছে ইয়াৰ পিছত আৰু এটা ষ্ট্ৰক হ’লেই সকলো শেষ বোলে৷”

প্ৰণামীয়ে যতিনলৈ চাই উচুপি উঠিল৷

মই দেখিলো বেণ্ডেজ মৰা হাতখন যতিনে পিছফালে নি লুকুৱাই লৈছে৷
“তুমি ধৈৰ্য ধৰা, ভগৱান আছে নহয়৷ দেউতা সোনকালে ভাল হৈ উঠিব৷ হ’ব আমি গৈ থাকো, তুমিও যোৱাগৈ৷”

যতিনৰ গহীন মাতষাৰত মই একো অস্বাভিৱকতা নেদেখিলো!

প্ৰণামীৰপৰা বিদায় লৈ আমি দুইটাই খোজ ল’লো৷
“আজি বোলে ভেলেণ্টাইন ডে’৷ যোৱাবছৰ এই দিনটো তাইৰ লগতে কটাইছিলো৷ ব’ল, পৰাগলৈ ফুল এপাহকে কিনি আনো, ৱাৰ্ডত থকা নাৰ্চজনীক বোলে তাৰ ভাল লাগিছে।”

কৈয়ে যতিনে হাঁহি উঠিল৷ মই ক্ৰমাৎ পোহৰ হৈ অহা যতিনৰ মুখলৈ চাই জোৰেৰে হাঁহি উঠিলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments