ভেস্পাৰ শব্দৰ জোৰ ( হিৰণ্য ডেকা )

আমাৰ ঘৰত এখন ছেকেণ্ড হেণ্ড এল এম এল ভেস্পা আছিল৷ প্ৰথম ভেস্পাখন আমাৰ ঘৰলৈ আহোতে মই তৃতীয় শ্ৰেণী মানত পঢ়ো৷ দীঘল পদূলিটোৰে দেউতাই গাওঁৰে অতুলদাৰ ভেস্পাখন চলাই আহিছে, অতুলদা পিছপিনে বহি আহিছে৷ পিছত চাহ-পানী খাই অতুলদা গ’ল, আমি ইমান মন কৰা নাই৷ পিছদিনা ৰাতিপুৱা উঠি দেখি ভেস্পাখন চোতালৰ এচুকত, ভাবিলো কিবা কাৰণত অতুলদাই নিয়া নাই, ৰাতিলৈ মানে নিব চাগে৷ আবেলি স্কুলৰ পৰা আহি কিবাকিবি খেলি আছিলো, চোতালত স্কুটাৰখন নাই, গম পালো আমি ভবাটোৱেই হয়৷ গধূলি সময়ত দেউতা আকৌ ভেস্পাখনত উঠি অফিছৰ পৰা আহি হাজিৰ৷ এনেকুৱাকৈ আৰু দুদিনমান যাওঁতেহে বুজিলো এতিয়া সেইখন আমাৰ হ’ল৷

কথাটো বুজাৰ পিছত আমাৰ কি ফূৰ্ত্তি, ভেস্পাখনৰ ওচৰৰ পৰা আমাক অতঁৰাই অনাটো মাৰ বাবে এটা ডাঙৰ কাম হ’ল৷ তাৰ পিছত কিমান বছৰ যে সেইখন আমাৰ একমাত্ৰ সংঙ্গী হ’ল৷ বৃত্তি পৰীক্ষা দিবলৈ যাব লাগে, ভেস্পাতহে যাম৷ পেহীৰ ঘৰলৈ যাম, ভেস্পা নহ’লে নেযাও৷ আমাৰ কোবত মা আৰু দেউতা অকলে ভেস্পাত উঠা খুব কমেই হৈছিল চাগৈ৷ তথাপিতো হঠাত কেতিয়াবা সেই সুযোগ নোলোৱা নহয়৷
এবাৰ দেউতা অফিছ যোৱাৰ সময়ত খবৰ আহিল, কিবা এটা বিশেষ কামত আইতাই দুয়োকে মাতি পঠিয়াইছে, এতিয়াই যাব লাগে৷ আইতাৰ ঘৰলৈ দুমাইল মান বাট, তিনিখন মান গাওঁ পাৰ হৈ যাব লাগে৷ ৰাস্তাৰ দুয়োকাষৰ প্ৰায়বোৰ মানুহেই চিনাকী৷ আমাক স্কুললৈ দৌৰাদৌৰিকৈ পঠিয়াই দি মাক পিছফালে বহুৱাই দেউতাই ভেস্পা ষ্টাৰ্ট দিলে৷ মায়ে এহাতেৰে পিছফালৰ হেণ্ডেলডালত যোৰকৈ খামুছি ধৰি আনখন হাতেৰে আইতালৈ বুলি লোৱা গাখীৰৰ বটল, এখন এৰী চাদৰ, ঘৰৰ কলডিল আদি এসোপা বস্তুৰে ভৰ্ত্তি বেগটো কোনোমতে থিতাপি লগাইছে৷
“অ হ’লনে? ” বুলি সোধা প্ৰশ্নটোৰ উত্তৰলৈ বাট নেচাই দেউতাই এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলেই৷ গাওঁৰ মাজৰ ৰাস্তা, খলা –বমা, নতুনকৈ দিয়া শিলগুটিৰে ভৰা৷ যিমানেই আগবাঢ়িছে সিমানেই ভেস্পাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাতবোৰ বেছিকৈ ওলাইছে৷ দেউতাই কিবা কিবি কৈ আছে, কি কৈছে মায়ে ভালকৈ শুনা নাই৷ মায়ে কিবা কৈছে যদি দেউতায়ো সেইটো সঠিককৈ শুনা নাই৷ মুঠতে কিবা এটা অনুমানত দুয়ো গৈ আছে৷ গাওঁৰ ৰাস্তা ইমানেই বেয়া আৰু দেউতাই ইমানেই লাহে লাহে চলোৱা অভ্যাস আছে যে কেতিয়াবা আকৌ চাইকেল চলাই যোৱা কোনোবা এজনক যদি দেউতাই লগ পাই “অ’ শৰ্মা, অলপ ঘৰৰ পৰা আহো ” বুলি কৈ আগবাঢ়ে, দহমিনিট মান পিছত আকৌ সেই একেজন চাইকেল চলাই অহা শৰ্মাই দেউতাক অভাৰটেক কৰি, “ডেকা দা, আহি থাকক পিছে ” বুলি পাৰ হৈ যোৱা নজিৰ আছে৷
প্ৰথম গাওঁখন পাৰ হোৱাৰ পিছতেই, এখন কাঠৰ দলং আছে৷ প্ৰায়েই দলংখন বাৰিষাৰ পানীয়ে উটুৱাই নিয়ে আৰু মুল দলংখনৰ কাষেদি ৰাইজে নিজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং বনায় লয়৷ সেই বাঁহৰ কামিৰে বনোৱা দলংখনৰ ওপৰেদি মটৰ চাইকেল আৰু স্কুটাৰ চলাই যোৱা মানা, আৰোহীবিলাক ইপাৰে নামি খোজাকাঢ়ি পাৰ হৈ সিপাৰে আকৌ স্কুটাৰত উঠে৷ সেইমৰ্মে মা নামিল, দেউতাই ভেস্পাখন ঠেলি নি পাৰ কৰিলে৷
দুটামান কিকৰ পিছত ভেস্পা ষ্টাৰ্ট হ’ল৷ “অ’ হ’লনে? ” মায়ে উত্তৰ দিলে নে নাই, দিলে যদি শুনিলেনে নাই এইবোৰলৈ বাট নেচাই দেউতাই নিজৰ অনুমান মতে এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলে৷ আকৌ আগৰ দেউতাই কিবা কিবি কৈ গৈছে৷ শিলগুটিৰ ৰাস্তা, ফটফটীয়া ভেস্পাৰ আৱাজত একো কথাই ভালকৈ শুনা নাপয়৷ মাজে মাজে আকৌ মাৰ কিবা কথাত দেউতাই অনুমানতে হা না কৈ গ’ল৷ ৰাস্তাৰে পাৰ হৈ যাওঁতে বহুকেইজন শৰ্মা, নাথ, বৰুৱাক পাছ পেলাই থৈ গ’ল, কোনোবাই আকৌ দেউতাক পাছ পেলাই থৈ গ’ল৷ দেউতাই তেওঁলোকৰ কাৰোবাক ডিঙিটো ভাঁজ কৰি ইঙ্গিত দিলে, কাৰোবাক আকৌ খবৰ সুধিলে৷
আইতাহতৰ গাওঁ পোৱাৰ আগৰ পথাৰ খনত আকৌ এইবাৰ ওখ পুল এটা আধা ভঙা হৈ পৰি আছে৷ অঘোষিত নিয়ম মতে সেইখনো ভেস্পা ঠেলি ঠেলি পাৰ হ’ব লাগিব৷ দেউতাই ভেস্পা ৰখালে, ঠেলিবলৈ জোৰ দিবলৈ পিছফালৰ হেণ্ডেলডালত ধৰিবলৈ ওভটি চাওতেহে দেখিলে, মা ওচৰত কিয় দূৰ দূৰলৈ কোনো দেখা দেখি নাই৷ দেউতাৰ বুকুখন ধিপিংকৈ মাৰিলে, “ মানুহজনী ক’ত ৰৈ আহিল৷ মনেশ্বৰৰ ঘৰৰ আগৰ দ গাতটোত পৰিলে নেকি বাৰু? নে ল’ প্ৰেছাৰে পালে? দলং পাৰ হৈ তো ঠিকেই কথা পাতি আছিল৷ হে প্ৰভু, বচাবা আৰু৷ ”
দেউতাই ভেস্পাখন ঘূৰাই ষ্টাৰ্ট দি মাক বিচাৰি ওভতি আহে মানে মায়ে ইতিমধ্যে প্ৰথম গাওঁৰ কাঠৰ দলংখনৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহি আছে৷ অফিছ, স্কুলৰ সময়ত মানুহজনক বা ল’ৰাটোক আগবঢ়াই দিবলৈ পদূলিলৈ ওলাই অহা কিমান শৰ্মানী, মাষ্টৰণী বাইদেঊ, বৰুৱানীৰ “বাইদেউ ঘৰলৈ যায় হ’বলা৷ আপোনালোকৰ মানুহজনক যে অলপ আগতে অকলে যোৱা দেখিলো? ” জাতীয় একেধৰণৰ প্ৰশ্নই মাক বৰ লাজত পেলাইছিল সেইটো আমি বহু বছৰ পিছতহে উদ্ধাৰ কৰিছিলো৷ হয়তো, এতিয়া শৰ্মানীক নো কেনেকৈ কয়, ভেস্পাৰ খনৰ শব্দৰ কোবত মায়ে দেউতাক “ মই উঠাই নাই “ বুলি কোৱা কথাষাৰ যে মানুহ জনে শুনাই নাপলে আৰু মানুহ্জনীক নোতোলাকৈয়েই গুছি গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments