ভোক -কৌশিক জ্যোতি বৰা
“যা এইখিনিৰ পৰা …গ’লিনে..একে ঢকাই চেপেটা হ’বি৷ বাপেৰকতো খালিয়ে, এতিয়া মোৰ মূৰটো খাবলে’ জীয়াই আছ…” -ৰমলাই বাখৰক পিঠিত এটা ঢকা মাৰি জোৰেৰে গতা মাৰি দিলে৷ বাখৰ গৈ বাৰাণ্ডাৰ খুঁটাটোত আচাৰ খাই ছিটিকি পৰিলগৈ চোতালত৷
আজি তিনিদিন ৰমলা কামলৈ যাব পৰা নাই৷ পুৰণা কঁকালৰ বিষটোৱে তাইক জলাকলা খুৱাইছে৷ ইফালে কালিৰ পৰা পেটত খূদকণ এটাও পৰা নাই৷ নিমখকণৰ বাদে ঘৰত একোৱেই নাই৷ বাখৰে ভাত লাগে, ভোক লাগিছে বুলি পুৱাৰে পৰা আমনি কৰি আছে৷ ভোকত থাকিব নোৱাৰি সি বাতিয়ে বাতিয়ে পানীকে খাইছে৷ বিষ আৰু ভোকৰ জ্বালাত তায়ো পাগলৰ দৰে হৈছে৷ ৰমলাই কোনোমতে কঁকালটো পোনাই বাহিৰলৈ চাই দেখিলে ল’ৰাটো চিট খাই পৰি আছে৷ তাই প্ৰথমে লাহেকৈ বাখৰক মাতিলে…তাৰপিছত ডাঙৰকৈ…. আৰু ডাঙৰকৈ….বাখৰৰ কোনো সাৰ-সুৰ নাই….এইবাৰ ৰমলাই বাখৰ বাখৰ বুলি চিঞৰিবলৈ ধৰিলে ….৷ ৷