ভোক -নীলাক্ষি গোস্বামী
এলানি ভোকৰ বোবা চিঞৰ পদপথৰ পৰা সন্তৰ্পণে আগুৱাই আহিছে
অ’ত ত’ত থকা দৃষ্টিবোৰ চিঞৰটোত লাগি ধৰিল
হুমুনিয়াহে ভিৰ কৰিলে আলিবাট
ক্ৰমান্বয়ে..
উকা হ’ল আৱেগৰ চৌপাশ
কজলা ভোকে দেহ জ্বলায়
তাল-ফাল লগাব জানে
আঁৰ-বেৰ নোহোৱাকৈ
শৰীৰ ভাঙি ওলাই আহিব খোজে৷
দীনতাত অহৰহ উদযাপিত টলবল ভোক
মানুহ ভেদে সলনি হয় ভোকৰ ৰং
আনবিধ ভোকে প্ৰতিবাদ নকৰে
পদলেহন কৰে প্ৰাচুৰ্যৰ পোহাৰত
ছেহ্! স্বাৰ্থপৰ ভোক!
জিভাৰ উচ্চতা অনুসৰি ভোকবোৰ বাঢ়ে গোপনে
সহজ সত্য চকুপানীবোৰ সমগোত্ৰীয়
বন্ধ কুঠৰীত আৱদ্ধ ভংগুৰ বিবেক
হেৰুৱালোঁ বাটৰ আঁত
আশ্ৰয়হাৰা বিশ্বাসবোৰক কিদৰে পেলাম শাঁত