ভোক বিশেষ (সমুদ্ৰ কাজল শইকীয়া)
আজি মই গুছি যামগৈ
মানুহে হাঁহিব বুলি যে তোৰ ইমানেই যতন
সাঁচি সাঁচি থ’লি লৱণু মাখন
নিজৰ ল’ৰাটোক এনেকৈ গৰুৰ পঘাৰে বান্ধি
কি খন যশ পালি এথোন
আজি মই গুছি যামগৈ
তোৰ ঘৰ এৰি
আজিয়েই গুছি যামগৈ
যশোদা নে যশোমতী কি জানো নাম তোৰ
মা বুলি নামাতোঁ আৰু দেই
সাত শতৰুকো মানুহে এনেকৈ নামাৰক
তই মোক মাৰিলি যেনেকৈ
আজি মই গুছি যামগৈ
তোৰ ঘৰ এৰি
আজিয়েই গুছি যামগৈ
আনৰ ল’ৰাক মাকে কোলাত তুলি লয়
খাবলৈ দিয়ে দৈ চিৰা আখৈ
তই যে কৱ কাণখোৱা আহিব মোৰ কাণ খাব
কাণখোৱায়ো কান্দিব মোৰ দুখৰ কথা কৈ।
(সংকলন- কাণখোৱাৰ ঘৰ)
ভোকত পেট কলমলায়
অলপমান মাখন খাইছিলোঁ বুলিয়েই ইমানকৈ মাৰিলি
তই এইজনী কেনেকুৱা মাক, তোৰ ঘৰত আৰু নেথাকোঁ বুলি
ল’ৰাটো ঘৰৰ পৰা ওলাই গৈছিল কেনিবা বাট বুলি
ল’ৰাটোক বিচাৰি তেনেই বাউলি মাকজনীয়ে যেনিয়ে তেনিয়ে মেলিলে ঢাপলি
গোটেই দিনটো ল’ৰাটো আছিল দুৱাৰৰ চুকত লুকাই
গোধূলি বিচাৰি পাই মাকে কোঁচত তুলি লৈ চুমা এটা খাই
ক’লেঃ কিয়নো এনেখন কৰ অ’ পুতাই
কাণখোৱাই সোধে, কিহলৈনো মথিলা মাখন, কোনেও খাবলৈকে নাপায়
খোৱা বস্তু অথলে যায়, ভোকত পেট কলমলায়
(সংকলন- কাণখোৱাৰ ঘৰ)