ভোগালী আৰু টুচু পৰৱ (বৰুৱা দুলাল)
বৰুৱা দুলাল
(অসমীয়া সমাজৰ দৰে চাহ জনজাতিসকলৰো উত্সৱ তিনিটা—কৰম পৰৱ, টুচু পৰৱ, আৰু সঁহৰাই পৰৱ । আমাৰ মাঘ বিহু বুলি ক’লেই মনলৈ আহে উদং পথাৰৰ মাজত নৰাৰে সজা সেই ভেলাঘৰটোৰ কথা । ভেলাঘৰটোৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত খৰিৰ মেজিটো, যাৰ উত্তাপে যৱনিকা পেলায় শীতৰ এই ঠেঁটুৱৈ ধৰা জাৰ । এই মাঘ বিহুক চাহ জনজাতিসকলে টুচু পৰৱ হিচাবে পালন কৰে । ৰীতি-নীতিৰ ফালৰ পৰা মাঘ বিহু আৰু টুচু পৰৱ প্ৰায় একেই।)
ভোগালী আৰু টুচু পৰৱ
সংস্কৃতি এটা জাতিৰ চিনাকী । কৃষ্টি-সংস্কৃতিৰ অবিহনে এটা জাতিৰ আচল পৰিচয় পাব নোৱাৰি । বিশ্বৰ প্ৰতিটো জনগোষ্ঠীৰে সামগ্ৰিক জাতীয় জীৱন পৰম্পৰাগত কলা-কৃষ্টি-সংস্কৃতিৰে সংপৃক্ত হৈ থাকে । ইয়াৰ প্ৰভাৱ জীৱনৰ ছন্দে ছন্দে, সিৰাই সিৰাই প্ৰতিটো জনগোষ্ঠীৰেই জনজীৱনক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে য’লৈকে নাযাওক, য’তেই নাথাকক কিয় সেই কৃষ্টিৰ প্ৰভাৱ সদায়ে থাকিব । সেইবোৰ এৰি দিব নোৱাৰে আৰু এনে কৰাটো উচিত নহয় । এই কৃষ্টি-সংস্কৃতি এৰি দিলে জন-জীৱনৰ ছন্দই হেৰাই যাব । কাৰণ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে, তেজৰ অণু-পৰমাণুৰ স’তে এইবোৰ বিজড়িত হৈ আছে । লোক-কলা বা লোক-সংস্কৃতিৰ উপাদানসমূহৰ এক বিশ্বজনীন আবেদনো আছে । সেইবোৰৰ মাজেদি মানৱীয় মূল্যবোধৰ চিৰন্তন ভাব-অনুভূতি, হৰ্ষ-বিষাদ, আশা-আকাংক্ষা আদিৰ বৰ্হিপ্ৰকাশ ঘটে । সময়ৰ পৰিৱৰ্তন আৰু যান্ত্ৰিক যুগৰ প্ৰভাৱত কোনোবাই অৱহেলা কৰিলেও কিন্তু ইয়াৰ মূল্য নকমে। উত্সৱ মানে হাঁহি, আনন্দ, সম্প্ৰীতি আৰু মৰম-চেনেহৰ প্ৰকাশ । অসমীয়া সমাজৰ বিহু তিনিটাৰ দৰে অসমত বসবাস কৰা আন আন জনজাতিসকলৰো বিহুসদৃশ উত্সৱ বা পৰৱ আছে । অসমীয়া সমাজৰ দৰে চাহ জনজাতিসকলোৰো বিহুসদৃশ উত্সৱ বা পৰৱ আছে । অসমীয়া সমাজৰ দৰে চাহ জনজাতিসকলৰো উত্সৱ তিনিটা—কৰম পৰৱ, টুচু পৰৱ, আৰু সঁহৰাই পৰৱ । আমাৰ মাঘ বিহু বুলি ক’লেই মনলৈ আহে উদং পথাৰৰ মাজত নৰাৰে সজা সেই ভেলাঘৰটোৰ কথা । ভেলাঘৰটোৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত খৰিৰ মেজিটো, যাৰ উত্তাপে যৱনিকা পেলায় শীতৰ এই ঠেঁটুৱৈ ধৰা জাৰ । এই মাঘ বিহুক চাহ জনজাতিসকলে টুচু পৰৱ হিচাবে পালন কৰে । ৰীতি-নীতিৰ ফালৰ পৰা মাঘ বিহু আৰু টুচু পৰৱ প্ৰায় একেই। সাধাৰণতে দুয়োটাতে ভেলাঘৰ সাজি ভোজ ভাত খোৱা, ৰাতি আনৰ বাৰী তহিলং কৰা, বাঁহ-কাঠ-জেওৰা চুৰি কৰি ভেলাঘৰৰ জুইত জাপি দিয়া । তদুপৰি পিঠা-চিৰা-দৈ-গুড় আদি খোৱা কিছু সাদৃশ্য থকাৰ বাবে দুয়োটাৰ সম্পৰ্ক অতি নিবিড় । অৱশ্যে মাঘবিহু আৰু টুচু পৰৱৰ মাজত পাৰ্থক্যও নথকা নহয় ।টুচু পৰৱত কিছুমান স্বকীয় সামাজিক ৰীতি-নীতি আছে । চাহ জনজাতিসকলে স্বকীয় পৰম্পৰাগত ৰীতি-নীতিৰে টুচু পৰৱ পালন কৰে । এই নিয়মৰ বাবে ই পৃথক । প্ৰবাদমতে টুচু প্ৰকৃততে এগৰাকী মহাসতী আছিল । তেওঁ নিজৰ স্বামীৰ চিতাত একেলগে শুই জীৱন ত্যাগ কৰিছিল । সেই দিনটো আছিল মাঘ মাহৰ মকৰ সংক্ৰান্তি । তেতিয়াৰ পৰাই সেই মহাসতীক টুচু গীতৰ মাজেদি টুচুমাৰ গুণানুকীৰ্তন কৰা টুচু পৰৱ নামেৰে চাহ জনজাতিসকলে এই পৰৱ পালন কৰি আহিছে । আখ্যান মতে টুচুদেৱীৰ জীৱনকাল ঘাত-প্ৰতিঘাতেৰে ভৰা আছিল । মৃন্ময় প্ৰতিমাক ধুনীয়াকৈ সজাই পৰাই ৰং-বিৰঙৰ চিকমিকাই থকা পাতল কাগজৰে গোসাঁইৰ থাপনাৰ দৰে থাপনা কৰি টুচুদেৱীৰ আৰাধানা কৰা হয় । টুচুদেৱীৰ প্ৰতিমা আৰু থাপনাখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত চাহ জনজাতি মহিলা আৰু জীয়ৰীৰ নিপুণ হাতৰ চানেকিত কলাসুলভ মনৰ পৰিচয় নিহিত হৈ থাকে । এই শিল্পীসুলভ মনৰ মাজত থকা সাধাৰণ শ্ৰেণীটোৰ সৃষ্টিৰ প্ৰতিভাখিনি দেখিলেও অবাক হ’বলগীয়া হয় ।
টুচু পৰৱ পুহ মাহৰ অন্তিম দিনাৰ পৰা আৰম্ভ হয় বাবে ইয়াক পৌষ পৰৱ বুলিও কোৱা হয় । মাঘ বিহুৰ দৰে টুচু পৰৱ এক ভোগৰ পৰৱ । ধনী-দুখীয়া সকলোৱে কম-বেছি পৰিমাণে সেই উছৱত যোগদান কৰে । ভোগালী বিহুত যেনেকৈ আমাৰ পিঠা, চিৰা-দৈ আদি যোগাৰ কৰা হয়, তেনেদৰে চাহ জনজাতিসকলেও পানী পিঠা বনোৱাৰ দৰে এবিধ উন্ধি পিঠা বনায় । এই পিঠা টুচু পৰৱৰ মূল খাদ্য । উৰুকা ৰাতি সকলোৱে সমিলমিলে ভেলাঘৰ সাজি ভোজ-ভাত আয়োজন কৰে । মহিলাসকলে এই উপলক্ষে টুচু গীত আৰু নৃত্য পৰিৱেশন কৰা দেখা যায় । এই পৰৱৰ আৰম্ভণিৰ দিনটোক ‘টুচু জাগৰণ’ আৰু শেষৰ দিনটোক ‘টুচু ভাসান’ বুলি কোৱা হয় । ভাসানৰ দিনা গীত গাই, নৃত্য কৰি মানুহৰ ঘৰে ঘৰে, পদুলিয়ে পদুলিয়ে ফুৰোৱাৰ নিয়ম । সেই দিনাই সন্ধিয়াৰ পৰত টুচুদেৱীক নদীত উটুৱাই দিয়া হয় । চাহ জনজাতিসকলৰ এক পৰম্পৰা আছে যে সেই দিনা জলদেৱতাক সাক্ষী হিচাবে ৰাখি তিৰোতাসকলে সখী বান্ধে । ভাসানস্থলীত সখী পতাকে “ফুল পতা” বুলি কোৱা হয় ।
ভোগালীয়ে যেনেকৈ আমাৰ মাজত কঢ়িয়াই আনে ভোগ, আনন্দ আৰু উল্লাস, তেনেদৰে চাহ জনজাতিসকলৰ মাজত টুচু পৰৱো আনন্দৰে ভৰা । নৃত্য-গীত আদিৰে মুখৰিত কৰা টুচু পৰৱটোৱে চাহ জনজাতিৰ ধনী-দুখীয়া নিৰ্বিশেষে সকলোলৈ সমানে আনন্দ কঢ়িয়াই আনে । কিন্তু আজিৰ কৰ্মব্যস্ত জীৱন আৰু যান্ত্ৰিক সমাজ ব্যৱস্থাৰ গ্ৰাসত পৰি ভোগালীৰ দৰে টুচু পৰৱেও মাদকতা হেৰুৱাইছে।