ভোজ (উৎপলা কৌৰ)
গাঁৱৰ আটাইতকৈ ধনী মানুহজন ঢুকাল। মিনতিৰ ঘৰলৈ পুৱাই খবৰ আহিল, তাই গৈ মৃতকৰ ঘৰত ইটো-সিটো কৰি দিব লাগে ।
ছমাহ আগতে তেখেতৰ বৃদ্ধা মাক ঢুকাওঁতেও তায়েই দিনটো কাম-বন কৰি দিছিলগৈ ।
তাই পূৱাই যায়, গধুলি ঘুৰে ।
গোটা, ৰঙা, চন-চনীয়া আপেলটোত কামোৰ এটা মাৰি পুতুকণ,
: অ’ মা মানুহ মৰিলে ইমান খোৱা বস্তু কিয় দিয়ে?
:অ’ মা তই কালিও আনিবিনে কল-আপেল?
: ৰহ ! দিগদাৰি দি নাথাক, মোৰ কাম আছে..
কথাকেইটা কৈ তাই ভাজি থকা কেঁচাবুটখিনি লৰাই-লৰাই মেকুৰী পোৱালিটোৰ দৰে তাইৰ গাত গা ঘঁহাই থকা আঠবছৰীয়া পুতুকণলৈ মৰমেৰে চালে। তাক দিনটো আইতাকৰ লগত থৈ তাই অকণমান আগতে ঘৰ সোমাইছেহে ! মৰমেৰে তাক সাৱটি ধৰিলে তাই । নাকটো তাৰ চুলিত গুজি দি দীঘলকৈ উশাহ ল’লে।
সি চল পাই আকৌ তাইক সুধিলে,
: অ মা,
: ও
:মানুহজন যে মৰিল, শেষৰ দিনা মাছ-মাংসৰে ভাত খুৱাব ন’ ?
: ….
মনে মনে তাই তেৰদিন কেতিয়া হ’ব গণিলে ।
পুতুকণে মাংসৰে ভাত খাই বৰ ভাল পায় !