ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ভ্ৰান্তি –হিৰন্ময়ী গগৈ কোঁৱৰ

 

ভ্ৰান্তি:

শ্বপিং মলটোত সোমাব খোজোঁতেই মানুহগৰাকীয়ে ফুটপাথৰ কাষত মেলি থোৱা ধুনীয়া সতেজ ঢেঁকীয়াখিনি দেখি ৰৈ গ’ল। বেপাৰীজনৰ ওচৰলৈ গৈ বিশটকাৰ ঢেঁকীয়ামুঠিৰ দাম লৈ কেৰজেৰ কৰি থাকিল। বহুদিন এনেকুৱা ঢেঁকীয়া খোৱা নাই! অলপ পিছতেই এইখিনিও নাথাকিব।
প্ৰায় গ্ৰাহকেই এনেকুৱা কৰে। পাৰিলে এনেয়ে নিব যেন! তথাপি বেপাৰীজনে দুটকামান কমাই দিলে।
ঢেঁকীয়ামুঠি হাতত অনা বেগটোত ভৰাই তেওঁ শ্বপিং মলৰ ভিতৰলৈ সোমাই গ’ল।
বেগটো নিৰ্দিষ্ট ঠাইত থৈ তেওঁ ইউনিফৰ্মৰ চোলাটো পিন্ধি ল’লে আৰু হাতত ঝাড়ুটো লৈ ওপৰলৈ উঠি গ’ল.
*********
দুৰ্ঘটনা :

মোৰ সুন্দৰী প্ৰেয়সীৰ সৈতে গোপনে মিলা-মিচা কৰা ল’ৰাজনক ধৰা পেলালোঁ।
অসহ্যকৰ!
শীতল মস্তিষ্কৰে এদিন দুৰ্ঘটনাৰ নাম দি মোৰ প্ৰেয়সীৰ সন্মুখতে তাক মৃত্যুৰ শীতল কোলাত শুৱাই দিলোঁ।
দুৰ্ঘটনা এটা সঁচাকৈয়ে ঘটিল।
ভবা নাছিলো গোপন প্ৰেমিকৰ দুখত মোৰ প্ৰেয়সীয়ে নিজকে শেষ কৰি পেলাব।
পাগল হৈ পৰিলোঁ মই।
কান্দি কান্দি মোৰ প্ৰেয়সীয়ে ফোন কৰিলে যে তাইৰ যমজ ভগ্নীয়ে আত্মহত্যা কৰিলে।
********

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!