ভয় (স্মৃতিৰেখা ভূঞা)


তুমিতো নাজানা সাহসৰ দৌৰ কিমান ;
নীল আন্ধাৰত চৰাইৰ কাকলি
যখিনীৰ আউলীয়া চুলি।
কুৰুৱা বতাহে জোকাই যায়
শূণ্যত ভাঁহি অহা জোনৰ পোহৰ
খিৰীকিৰে সোমাই কোঠালি উজলায়,
মোৰ বুকুত আচহুৱা ভয় উকমুকায়
কিজানিবা বাগিচাৰ ফুলবোৰ টোপনি যায়;
কালিলৈ সুখৰ দিন নাহে দুনাই ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!