ভয় – ৰিতুপৰ্ণ ডেকা
নিখিলৰ জ্বৰ। পাপৰিয়ে অলপ বেছিকৈ জ্বলা দিয়া কুকুৰা মাংস ৰান্ধি আনিছে। টিফিনটো নিখিলৰ হাতত গুজি দিয়েই পাপৰিয়ে হাতেৰে কপালখন চুই চালে। জ্বৰ বাঢ়িছে। নিখিলৰ ওচৰত পাপৰি বেছি সময় থাকিব নোৱাৰে। ভাড়াঘৰৰ মালিক বৰ কাঢ়া। এনেকৈ জ্বৰৰ গাৰে অকলে থাকিব নিখিল! ভয় হয় পাপৰিৰ।যদিহে কিবা হয় !
: একো নহয় দিয়া । জ্বৰৰ টেবলেট খাইছো । সেইবাবে গৰম বেছি লাগিছে , ঘাম ওলাইছে। কাইলৈ মা আহিব । সকলো ঠিক হৈ যাব।
কথাখিনি কৈয়েই নিখিলে মিহিকৈ হাঁহিলে। সেই হাঁহিটো পাপৰিৰ বৰ প্ৰিয়। ফেচবুকত তাই কেতিয়াওঁ দেখা নাছিল নিখিলৰ সেই হাঁহিটো , দেখা নাছিল নিখিল নামৰ একাউন্টতোৰ আঁৰত থকা সহজ সৰল ল’ৰাজন। নিখিলে গল্প লিখা নাছিল , লিখা নাছিল কবিতা। কেৱল কাজিয়া কৰিছিল । তাকো এটা এনে বিষয়ক লৈ , যিটোৰ পৰা অধিকাংশ মানুহে দূৰৈত অৱস্থান কৰে। নিখিল আছিল ৰাজনৈতিক ভাৱে যথেষ্ট সক্ৰিয় । কলেজৰ নিৰ্বাচনত ওচৰৰ পৰা পাপৰিয়ে নিখিলক দেখিছিল । দেখিছিল মিঠা হাঁহিটো আৰু সহজ সৰল ল’ৰা এজন । নিখিলৰ প্ৰতি সৃষ্টি হৈছিল অন্য এক আকৰ্ষণ । পাপৰিৰ সেই একেই আকৰ্ষণ ক্লাছ ৮ত অনুভৱৰ বাবে সৃষ্টি হৈছিল । কিন্তু অনুভৱ ! সঁচাই অনুভৱে ভাল পাইছিল জানো পাপৰিক ! ভাল পাইছিল যদি কিয় ৰাজহুৱা কৰিছিল গোপন মূহুৰ্তৰ ভিডিঅ’ !
পাপৰিৰ দেউতাকৰ ট্ৰেনস্ফাৰ হৈছিল । বঙাইগাওঁৰ পৰা গুৱাহাটী । যদি দুদিন পিছত ট্ৰেন্সফাৰ হ’লহেঁতেন তেন্তে হয়তো পাপৰিৰ ফ’টোত এডাল বগা মালাহে ওলমি থাকিলহেঁতেন। সেইবোৰ অতীত । স্মৰণ কৰিব নিবিচাৰে তাই। নিখিলে সকলো জানে । কেৱল নিখিলেই নহয় , বহুতে জানে পাপৰিৰ জীৱনৰ ক’লা অধ্যায় । সেই ঘটনাৰ বাবেই বহুতে পাপৰিক অন্য দৃষ্টিৰে চায় । সুবিধা উঠাব বিচাৰে । কিন্তু নিখিলে ! হাত দুখনত বাদে আজিলৈ নিখিলে পাপৰিৰ আন অংশ স্পৰ্শয়ে কৰা নাই । নিখিলৰ যে বাসনা নাই তেনে নহয় ।কিন্তু আকৌ এজন অনুভৱ বুলি পাপৰিৰ আগত নিজকে যেন নিখিলে পৰিচয় কৰাব নিবিচাৰে । কথাবোৰ পাপৰিয়ে বুজি পায় । সেইবাবে পাপৰিয়ে নিখিলক ভাল পায় । বহুত ভাল পায় ।
সেই সমসংখ্যক ভালপোৱা নিখিলে মাকেলৈ পোহি ৰাখিছিল । মাকৰ মূখলৈ চালে যেন নিখিলে বিচাৰি পাইছিল আন এক মাদকতা । সেই মূখখন চাবলৈ নিখিল ৰৈ আছিল । পিছদিনা মাক আহিব । পাপৰিয়ে অনা কুকুৰা মাংস অলপ ৰাখি থৈছিল। মাকৰ প্ৰিয় , বাহি মাংসৰ তৃপ্তি হেনো খোৱাজনে হে বুজে। মাকে প্ৰায়েই কৈছিল নিখিলক ।
পিছৰ দিনা পিছে মাক নাহিল । আহিল যদি মাথোঁ এটা বেয়া খৱৰ । মাক আৰু নাই । বন্ধ সমৰ্থকে দলিওৱা শিলগুটি মূৰত লাগি মাক মৰি থাকিল । মূল কাৰণ ভয় । মাক যথেষ্ট ভয়াতুৰ আছিল । নব্বৈৰ দশকত যেতিয়া গিৰীয়েক আৰু ডাঙৰ ল’ৰাক আৰ্মীয়ে চোতালত বিনা অপৰাধত কোবাই কোবাই মাৰি পেলাইছিল , তেতিয়াৰ পৰাই মাক যথেষ্ট ভয়াতুৰ হৈ পৰিল । একেলগে গিৰীয়েক আৰু সন্তানক হেৰুৱাইছিল । পেটত থকা সন্তানটোকো গুৰিয়াছিল । তিনিজন কাপুৰুষে গোটেই ৰাতি ধৰ্ষণ কৰিছিল । কিন্তু ভগৱানৰ কৃপাত যেন মাক বাছিল , লগতে বাছিল গৰ্ভৰ সন্তান।জন্ম হ’ল নিখিল । মোমায়েক ভাল আছিল , সেইবাবেই চাগে সমাজৰ পৰা এঘৰীয়া হৈয়ো নিখিলক ডাঙৰ কৰিছিল ।
মোমায়েকৰ মৃত্যুৰ দুটা বছৰ পিছত মাকক হেৰুৱালে । নিখিল যেন অকলশৰীয়া হৈ পৰিল । নিখিলো যেন ক্ৰমাৎ ভয়াতুৰ হৈ পৰিছে ।
কান্দিছে নিখিলে । আগত বগা কাপোৰেৰে ঢাকি থোৱা আছে মাকক । কাষত পাপৰি । মামীয়েকে দূৰৈৰ পৰা চাই আছিল । বিশেষকৈ চকু পাপৰিত ।…।
****
মাকৰ সকাম গ’ল । নিখিলে গাওঁৰ ঘৰৰ চোতালত চাইকেলখন মচি আছে । মামীয়েকে তাৰ ওচৰত আহিল । লাহে লাহে ওলাই আহিল আন কেইজন মান সম্পৰ্কীয় লগত অখিল। অখিলে মোবাইলটো খুচৰি আছিল । অখিল , মোমায়েকৰ ল’ৰা। অৰ্থাৎ তাৰ ভায়েক । বয়সত ডাঙৰ । মামীয়েকে তাক স্পষ্টকৈ সুধিলে পাপৰি কি হৈ তোৰ ?নিখিল যেন তেনে এক প্ৰশ্নৰ বাবে প্ৰস্তুত নাছিল । তথাপি পৰিৱেশ সহজ কৰিবলৈ ক’লে : বান্ধৱী…।
: ছোৱালী এজনীয়ে ইমান দিন এনেকৈ বন্ধুৰ ঘৰত থাকে জানো ! মাক দেউতাক নাই তাইৰ ? মামীয়েকে কৰ্কশ সুৰত ক’লে ।
: আছে…।
: তেন্তে ! একো নকয় ঘৰত ?
নিখিলে বুজিলে , কথাবোৰ বহলাই থাকি লাভ নাই । সি স্পষ্টকৈ কৈ দিলে সিহঁতৰ প্ৰেমৰ কথা । ভালপোৱাৰ কথা ।
কথাখিনি শুনিয়েই অখিলে হাঁহিব ধৰিলে । ম’বাইলৰ ডিচপ্লেখন নিখিলৰ পিনে দেখুৱাই দিলে। পাপৰিৰ নগ্ন ভিডিঅ’ ম’বাইলত বাজি উঠিল । নিখিল অস্থিৰ হৈ পৰিল । অখিলৰ পৰা মোবাইলটো কাঢ়ি আনিলে। স্পষ্টকৈ নিখিলে কৈ পেলালে ,এইটো তাইৰ পুৰণি এম.এম. এছ । এইবোৰ অতীত !
: কিন্তু কিছুমান চেকা এবাৰ লাগিলে আঁতৰাব নোৱাৰি । কিছুমান চেকা লাগিলে মানুহে পৃথিৱী এৰাই শ্ৰেষ্ঠ । মাৰেৰ তেনে চেকা আছিল। জীয়াই থাকিল । জীয়াই থকা বাবেই ভাঙিল মোৰ সংসাৰ ।
মামীয়েকে সেমেকা চকুৰে ক’লে ।
মোমায়েকক যেতিয়া এঘৰীয়া কৰা হৈছিল তেতিয়া অখিলক লৈ মামীয়েকে মাকৰ ঘৰলৈ গুচি গৈছিল। মামীয়েকৰো ভয় আছিল। ভয় বদনামলৈ । সকলো সহ্য কৰিব পাৰে , বদনাম নোৱাৰে। ধৰ্ষিতা এগৰাকীক আশ্ৰয় দিয়া হেতু বদনামত ডুবিছিল ঘৰখন। সেইবাবেই ত্যাগ কৰিছিল স্বামীক । এতিয়া যেন আকৌ সদৃশ ঘটনা । এবাৰ মাকে ঘৰ বদনামী কৰিলে , এইবাৰ পুতেকে কৰিব ! তেনেকুৱা হ’ব দিব নোৱাৰি ।
নিখিলৰ মাকৰ মৃত্যুলৈ ভয় আছিল । প্ৰতিবাদ দমনৰ নামত গিৰীয়েকক হত্যা কৰা হৈছিল আৰু প্ৰতিবাদীৰ হাতত মৃত্যু হৈছিল নিজৰ । মামীয়েকৰ আকৌ ভয় আছিল বদনামলৈ । সকলোৰে ভয় থাকে । ভয়ৰ কাৰণবোৰহে পৃথক হয় । নিখিলেওঁ ভয় খাইছিল । সমাজৰ কিছুমান ভুলত নিখিলে মাক দেউতাক , ককায়েকক হেৰুৱাইছিল আৰু মামীয়েকে সমাজৰ ভয়তে হেৰুৱাইছিল এখন সুন্দৰ সংসাৰ । সেই একেই সমাজৰ ভয়তে নিখিল শংকিত হৈ পৰিছিল । পাপৰিৰ কথাবোৰ ভাবি নিখিল আতংকিত হৈ পৰিছিল । আগলৈ যে সকলো ধূঁৱলী ।
মামীয়েকক কিবা এটা কব বিচাৰিছিল নিখিলে । এনেতে ভাহি আহিল এটা ভয়ানক চিঞৰ । সকলো দৌৰি গ’ল । পাপৰীয়ে আত্মহত্যা কৰিছে । নিখিলহঁতৰ কথাবোৰ তাই শুনি আছিল । সেইবোৰ শুনি তাই ভয় খাইছিল । নিখিলৰ ভৱিষ্যতক লৈ তাই শংকিত হৈছিল । পাপৰিয়ে পিছে এইবাৰ ভয়ক জয়ী কৰিব নোৱাৰিলে । তাই হাৰি থাকিল । সকলো যেন শেষ হৈ গৈছিল নিখিলৰ । সপোন , আশা , প্ৰেৰণা সকলো । মাক , মোমায়েক আৰু এইবাৰ পাপৰি…। সকলোকে হেৰুৱালে ! কিয় ?
****
যিখন সমাজৰ ভয়ত নিখিলে সকলো হেৰুৱালে , সেই সমাজে এতিয়া নিখিলক ভয় কৰে । দীঘল জোটলগা চুলি , মলিয়ন কাপোৰেৰে বলিয়া নিখিল ঘূৰি ফুৰে । পুৰণি ব্লেড আৰু চুৰিখন তাৰ সাৰথি । কাৰোবাক অকলে পালেই মাৰিবলৈ খেদি আহে…। নিখিলৰ পৰা এতিয়া সকলোয়ে আঁতৰি থাকে । কাৰণ এটাই , ভয় …।
**