মই অসমীয়া ৱিকিপেডিয়াত কিয় লিখোঁ -এক ব্যক্তিগত চিন্তন! (অভিজিত কলিতা)
মই অসমীয়া ৱিকিপেডিয়াত কিয় লিখোঁ-
এক ব্যক্তিগত চিন্তন
অভিজিত কলিতা
চাৰি বছৰমানৰ আগৰ কথা। মই অসমীয়া ৱিকিপেডিয়া বুলি বস্তু এটা আছে বুলি জনা নাছিলোঁ, বিভিন্ন উপায়েৰে কম্পিউটাৰত অসমীয়া লিখিবলৈ চেষ্টা কৰি থাকোঁতে অসমীয়া ৱিকিপেডিয়াত অসমীয়া লিখাৰ সহায় বুলি শিতান এটা পালোঁ গুগলৰ যোগে। বৰ কামত আহিল। লাহে লাহে তেতিয়া তাত থকা প্ৰবন্ধবিলাকত চকু ফুৰালোঁ। সেই সময়ৰ মাত্ৰ দুই তিনিজন ৱিকিপেডিয়ানে অশেষ পৰিশ্ৰমেৰে সৰু সৰু প্ৰবন্ধ লিখি অসমীয়া ৱিকিপেডিয়া গঢ়ি তুলিবলৈ চেষ্টা কৰি আছিল। কামটো দেখি বৰ ভাল লাগিল, কিন্তু কিমান প্ৰয়োজনীয় সেইটো কথা অনুভৱ কৰিব নোৱাৰিলোঁ। মোৰ ধাৰণা আছিল, ইংৰাজী ৱিকিত লিখিব লাগে, যিমান পাৰি, কাৰণ তেতিয়াহে অসমৰ কথাবোৰ ৰাইজে বাহিৰত জানিব পাৰিব। গতিকে যি পাৰোঁ সহায় কৰোঁ বুলি ৱিকিৰ সদস্য হৈ ললোঁ। লগে লগে ৱিকিপেডিয়াই মোক আদৰণি জনালে, আৰু সকলোৱে উৎসাহ জনাই ৱিকিত কেনেদৰে কাম কৰিব লাগে শিকাই দিলে। সম্পাদনা আৰম্ভ কৰিলোঁ, চেগা চোৰোকাকৈ। মাজতে কিছুদিন বাদ দিলোঁ, ৱিকিপেডিয়াৰ কঠোৰ স্বত্বাধিকাৰ নীতিৰ বাবে মোৰ কেইবাটাও মিডিয়া ফাইল তেওঁলোকে আঁতৰাই দিলে। চেগা-চোৰোকাকৈ সম্পাদনা চলি থাকিল। কিন্তু আজি এটা কথা কৈ মোৰ ভাল লাগে, দিনটোত এশাৰী হলেও ৱিকিপেডিয়াত লিখিব নোৱাৰিলে কিবা ডাঙৰ কাম থাকি যোৱা যেন লাগে।
আমি প্ৰায়ে আলোচনা কৰি থাকোঁ, দুখ কৰোঁ, অসমীয়া আৰু অসমৰ বিষয়ে বাহিৰৰ মানুহৰ ভুল ধাৰণাক লৈ। হয়, বিশ্বত নেলাগে সৰ্বভাৰতীয় ক্ষেত্ৰতে আমাৰ স্থিতি একেবাৰে দুখজনক। তাৰ বাবে কোন জগৰীয়া, কিয় এনে হ’ল সেইবিলাক চিন্তা-চৰ্চাৰে অনেক সময় খৰছ কৰিব পাৰি কিন্তু তাৰ পৰা একো সুফল ওলোৱাৰ আশা নাই। এটা কথা উপলব্ধি কৰা উচিত যে, এতিয়াও, মানে, যথেষ্ট অসমীয়াভাষী লোকৰ মাজত এই বিষয়ে সজাগতা অহাৰ পাছতো, এই ক্ষেত্ৰত কোনো বিশেষ ফলপ্ৰসূ পদক্ষেপ লোৱা হোৱা নাই। এই কথা সহজে অনুভৱ কৰিব পাৰি যে, বহুলোকে এই বিষয়তো লৈ আবেগিক, আৰু তেওঁলোকে কষ্ট কৰিবলৈয়ো প্ৰস্তুত। কিন্তু কৰবাত যেন কিবা এটাৰ অভাৱ, সকলোৰে পৰিশ্ৰম, আবেগ, সদিচ্ছা আদি যোগাত্মক শক্তিসমূহ একীভুত কৰি সুনিৰ্দিষ্ট দিশত আগবঢ়াই নিব পৰা হোৱা নাই। এয়া মোৰ ব্যক্তিগত অনুভৱ যদিও মই ভাৱো মোৰ দৰে ভবা বহুলোক আছে বুলি মোৰ বিশ্বাস। অসমৰ আন প্ৰায়বোৰ সমস্যাৰ ক্ষেত্ৰতে হোৱা দৰে ইয়াতো শক্তিশালী নেতৃত্বৰ অভাৱ পৰিলক্ষিত। গতিকে মোৰ প্ৰথম প্ৰশ্ন হ’ল, ব্যক্তিগত পৰ্য্যায়ত, মোৰ চাকৰি, পৰিয়াল আদিৰ প্ৰতি থকা দায়িত্ব পালন কৰিও, মই কিদৰে অলপ হলেও এই ক্ষেত্ৰত সহযোগ কৰিব পাৰোঁ?
মোৰ নূন্যতম জ্ঞানেৰে সমগ্ৰ বিষয়টো বাচ-বিচাৰ কৰাৰ লগতে, এই ক্ষেত্ৰত অগ্ৰণী লোকসকলৰ পৰোক্ষ বা প্ৰত্যক্ষ উপদেশসমূহ গোটাবলৈ চেষ্টা কৰিলোঁ। অনস্বীকাৰ্য্য যে এই বিষয়ত সকলোতকৈ বেছি লাভৱান হলোঁ ফেচবুকৰ পৰা। বিভিন্ন জনৰ লগত মত বিনিময় কৰি সৰ্বশেষত কেইটামান সিদ্ধান্তত উপনীত হ’লোঁগৈ-
১। অসমৰ বিষয়ে অসমীয়াৰ বাদে আন কোনো ভাষাত একো বিশেষ সমল নাই, আৰু আমি আজিলৈকে সৃষ্টি কৰিবৰো চেষ্টা কৰা নাই। গতিকে ৰাইজে আমাৰ বিষয়ে নজনা কথাটোত ভাবিবলে গ’লে আমাৰ নিজৰেই দোষ বেছি।
২। এতিয়া ইণ্টাৰনেটে আমাক এটা সুবিধা দিছে, আমাৰ সম্পদ তথা ঐতিহ্যৰ বিষয়ে বিশ্বক জনাবলৈ। তাকো আমি সদ্ব্যৱহাৰ কৰিবৰ যত্ন কৰা নাই।
৩। বিশ্ববাসীৰ আগত তুলি ধৰিবলৈ আমাৰ অফুৰন্ত সম্পদ আছে, সেই ক্ষেত্ৰতো যেন আছে এক হীনমন্যতা। অসমীয়া লোকবাদ্য সম্পৰ্কে এটা প্ৰকল্পত জড়িত হৈ অলপ অধ্যয়ন কৰাৰ পাছত এই কথাই উপলব্ধি কৰিলোঁ যে অসমৰ লেখীয়া সম্পদশালী সংস্কৃতি বিশ্বতে বিৰল। এনে ধৰণৰ কথা বহুতে কোৱা আগতে শুনিছোঁ যদিও মোৰ নিজৰেই বিশ্বাস হোৱা নাছিল পূৰাকৈ। কিন্তু এতিয়া এই কথা প্ৰমাণ কৰিবলৈ মোৰ হাতত যথেষ্ট তথ্য আহি পৰা আৰু আন আন দেশ জাতিয়ে নিজৰ ঐতিহ্য পৰম্পৰাক সগৌৰৱে ডাঙি ধৰিবলৈ কৰা আপ্ৰাণ চেষ্টা দেখি মোক নিজকে ধিক্কাৰ দিবলৈ মন গ’ল। সি যি কি নহওক আমি ধনেৰে দুখীয়া হ’লেও ঐতিহ্যৰে যে বহুত চহকী সেই আত্মবিশ্বাস আহি পৰিল।
৪। অসমবাসীয়ে বিশ্বৰ আন আন ঠাইত এই ঐতিহ্য, সংস্কৃতি আদি ক্ষেত্ৰখনত কি হৈ আছে তাৰ বিশেষ খবৰ নেৰাখে, তাৰ পৰিবৰ্তে সৰু সৰু কথাতে নিজৰ শক্তি, সময় আৰু সমল ক্ষয় কৰি থাকে। এটা বিশ্বজনীন মানসিকতা আমাৰ আজিৰ অসমীয়া সমাজ ব্যৱস্থাই গঢ়িব পৰা নাই।
৫। তথ্য প্ৰযুক্তিয়ে ভাষাসমূহৰ মাজত ব্যৱধান কমাই আনিছে। গতিকে আজি অসমীয়াত থকা সমলখিনিও ডিজিটেল ৰূপত বিশ্ববাসীৰ মাজলৈ আগবঢ়াই দিলেও কিছু ফল পোৱাৰ সুবিধা আহি পৰিছে।
৬। অসমৰ নতুন প্ৰজন্ম ইংৰাজীমুখী হৈ পৰিছে, ইয়াৰ বাবে তেওঁলোকক বা তেওঁলোকৰ পিতৃ-মাতৃক দোষ দি লাভ নাই, ই আচলতে প্ৰচলিত শিক্ষা ব্যৱস্থাৰে এটা কুফল। অসমীয়াৰ দৰে আৰু বহুতো সৰু ভাষা এই অৰ্থকৰী ভাষাবিলাকৰ বাবে মৃত্যমুখী পথ ল’ব লগা হৈছে। কিন্তু অসমীয়া ভাষা অবিহনে যে আমি সংস্কৃতি, ঐতিহ্য হেৰুৱাই পৰিচয়হীনতাত ভুগিম, সেই কথা উপলব্ধি কৰিবলৈ এতিয়াও বাকী।
৭। জ্যেষ্ঠ অসমীয়া বুদ্ধিজীৱীসকলে তথ্য-প্ৰযুক্তিক এতিয়াও যথোপযুক্ত গুৰুত্ব সহকাৰে লোৱা নাই। কিন্তু এটা কথা নিশ্চিত যে আমি জ্ঞান বিনিময় আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে এক পৰিৱৰ্তনৰ মাজেৰে গতি কৰিছোঁ। বহলাই কবলৈ গ’লে, যিদৰে এদিন আমি হাতেলিখা সাঁচিপতীয়া পুথিৰ পৰা চপা মাধ্যমলৈ গতি কৰিলোঁ, সেইদৰে এতিয়া আমি চপাৰ পৰা বৈদ্যুতিন মাধ্যমলৈ গতি কৰিছোঁ। এই কথা উপলব্ধি কৰা সকলে ইতিমধ্যে ইয়াৰ লগত খাপ খাবলৈ চেষ্টা চলাইছে। ২৪৪ বছৰ একেৰাহে প্ৰকাশ কৰি অহাৰ পাছত এনচাইক্ল’পেডিয়া ব্ৰিটানিকাই তেওঁলোকৰ চপা সংস্কৰণ ২০১০ চনৰ পৰা বন্ধ কৰি কেৱল বৈদ্যুতিন সংস্কৰণত মনোনিৱেশ কৰিছে। কিন্তু আমি এই মাধ্যমটোৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বুজিবলৈ এতিয়াও বহু বাকী।
৮। আন্তৰাষ্ট্ৰীয় নেলাগে ৰাষ্ট্ৰীয় পৰ্য্যায়তে অসমীয়া ভাষা লিপি মৰ্যাদাহীন হৈ পৰা আমাৰ অসচেতনতাৰেই ফল।
এই তালিকাখন অন্তহীন, আৰু কেতিয়াবা এনে ভাৱ হয় যেন আমি সকলোৱে এই তালিকাখন যিমান পাৰি দীঘল কৰিবলৈ চেষ্টা কৰি আছোঁ।
কিন্তু এই সমস্যাৰ সমাধান কি? যিহেতু সকলো কাম বাদ দি এই সমস্যাৰ সমাধান অৰ্থে বিশেষ কিবা কৰাৰ সামৰ্থ্য বা সাহস নাই, গতিকে ব্যক্তিগত ভাবেই ঘৰতে বহি আজৰি সময়ত কিবা এটা কৰিম বুলি ঠিৰাং কৰিলোঁ। কিন্তু ক’ত কৰিম, কি কৰিম, কেনেকৈ কৰিম? সকলোৰে দৰে মইয়ো এইকেইটা সমস্যাৰ সন্মুখীন হ’লোঁ। বহু চালি-জাৰি চাই উপলব্ধি কৰিলোঁ অসমীয়া ৱিকিত কাম কৰাই, মোৰ ক্ষমতা আৰু সময় অনুসৰি মোৰ শ্ৰেষ্ঠ অৱদান হব। ইয়াৰ কাৰণকেইটা হ’ল
ক) ইণ্টাৰনেটত অসমীয়া সমল বঢ়াব লাগে হয়, কিন্তু ক’ত লিখিলে আটাইতকৈ বেছি ফলপ্ৰসূ হব? ইয়াৰ উত্তৰ পালো, ব্লগ, ৱেবচাইট আৰু অসমীয়া ৱিকিপেডিয়া। ফেচবুকত লিখি বৰ বেছি লাভ নাই বুলিয়েই মোৰ ধাৰণা ( অকল অসমীয়া সমল বৃদ্ধিৰ দিশৰ পৰাহে কৈছোঁ), কাৰণ ফেচবুক একধৰণৰ ব্যক্তিগত ডমেইন হোৱাৰ বাবে গুগলে ইয়াৰ ভিতৰৰ বস্তু বিছাৰি নাপায় ( কাৰিকৰী কথাটো নাজানো, মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ, ভুলো হব পাৰে) । যিহেতু ইউনিক’ডমতে বাংলা আৰু অসমীয়া লিপি একেই, আৰু গুগল বা কোনো চাৰ্চ ইঞ্জিন অসমীয়াত উপলব্ধ নহয়, গতিকে আমি অসমীয়া বুলি বঢ়াই যোৱা সমলবোৰ, এই স্বয়ংক্ৰিয় সঁজুলিবোৰে কেনেকৈ বাংলাৰ পৰা পৃথক কৰিব? যদি এই খিনি সমলে অসমীয়াৰ সলনি বাংলা ভাষাকহে প্ৰতিষ্ঠিত কৰে তেতিয়া কি হ’ব? ( Citation needed!!)
ৱিকিত এইটো সমস্যা নাহে কাৰণ, তাত অসমীয়া ৱিকিপেডিয়া বুলি নামতে লিখি থোৱা আছে। গতিকে চাৰ্চ ইঞ্জিনে ইনদেক্সিং কৰোতে অসমীয়া ৱিকিত থকা সকলো বস্তুকে নিৰ্ভুলভাৱে চিনাক্ত কৰিব।
খ) এতিয়াও গুগল চাৰ্চ কৰোতে অসমীয়াৰ ঠাইত বাংলা সমলহে বেছিকৈ পোৱা যায়, লিপি একে বুলি ধৰাৰ কাৰণে, এতিয়া গুগল আদিয়ে বাংলা আৰু অসমীয়াক একেলগতে ৰাখিছে। সেইটো বাৰু এটা বেলেগ দিশ। কাৰণ মাৰাঠী আৰু হিন্দীৰ লিপি একে হ’লেও মাৰাঠী লোকে তেঁওলোকৰ সমল ঠিকেই বিছাৰি পায়, কাৰণ গুগল মাৰাঠীত উপলব্ধ। গুগল অসমীয়াত আহিবলৈ হ’লে আমি গুগলক দেখুৱাব লাগিব যে, অসমীয়াত ইণ্টাৰনেটৰ ব্যৱহাৰকাৰী আৰু সমল, যথেষ্ট পৰিমাণে আছে, যাতে তেওঁলোকে অসমীয়া গুগলৰ বাবে ধন বিনিয়োগ কৰিবলৈ ইচ্ছুক হয়।
গ) যিকোনো চাৰ্চ ইঞ্জিনৰে প্ৰথম পছন্দ সদায় ৱিকিপেদিয়াই হয়।
ঘ) আধুনিক সমাজৰ দিশবিলাক যেনে, প্ৰযুক্তিৰপৰা ধৰি ৰাজনীতিলৈকে, সকলো দিশতে অসমীয়া ভাষাত ছপা বা বৈদ্যুতিন সমল অতি কম। ৱিকিপেডিয়াই এই ক্ষেত্ৰত এক নতুন ধাৰা প্ৰৱৰ্তন কৰিছে।
ঙ) ৱিকিত লিখা একেবাৰে সহজ, ভুল হব বুলি ভয় নাই, কাৰণ পিছত সম্পাদনা কৰাৰ সুবিধা থাকে। মোৰ নিজৰ বানানৰ অৱস্থা একেবাৰে তথৈবচ, কিন্তু ৱিকি লিখাৰ পাছত কোনোবাই শুধৰাই দিয়ে, কোনো চিন্তা নাই।
চ) সৃষ্টিশীল লিখনিত প্ৰাপ্তি আছে, চেটিচফেকচন আছে, কিন্তু তাৰ বাবে প্ৰতিভাৰ লগতে মূড সঠিক হোৱাৰ প্ৰয়োজন আছে। ৱিকিত এইবোৰ নাই, টাইম পাছ কৰিবলৈয়ো লিখিব পাৰি। তাতে বৰ্তমান অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে সৃষ্টিশীল লিখক থকাৰ পৰিৱৰ্তে তথ্যসমৃদ্ধ প্ৰবন্ধৰ লিখক কমি আহিছে, সেইটোও বৰ শুভলক্ষণ যেন বোধ নহয়।
ছ) ইংৰাজী ৱিকিত অসমৰ বিষয়ে লিখাও বৰ প্ৰয়োজনীয় কাম, কিন্তু তাকে কৰিবলৈ মোৰ সামৰ্থ্যৰ অভাৱ
জ) বিকিত লিখিলে মোৰ নিজৰ জ্ঞানবৰ্ধন হয়, দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰৱন্ধ এটা অনুবাদ কৰোঁতে যিমান কথা জানিলোঁ, পঢ়ি জনা সম্ভৱ নহলহেঁতেন।
ঝ) ইয়াত বিষয়ৰ ওপৰত কোনো বাধ্যবাধকতা নাই। নিজে ভাল পোৱা যিকোনো বিষয়ে লিখিব পাৰি। সেয়ে মই এতিয়া মই ভালপোৱা ঠাই ব্ৰাজিলৰ বিষয়ে লিখি আছোঁ, মানে পঢ়ি পঢ়ি অনুবাদ কৰি আছোঁ।
ঞ) অসমীয়া ৱিকিৰ প্ৰশাসককেইজন বৰ বন্ধুভাৱাপন্ন আৰু সহায় কৰিবলৈ ইচ্ছুক।
গতিকে মোৰ শেষ সিদ্ধান্ত হ’ল, মই ৱিকিপেডিয়াত লিখিম। মোৰ সীমিত শক্তিৰে অসমীয়া ভাষাৰ প্ৰতি কৰিব পৰা শ্ৰেষ্ঠতম কাম হ’ব -অসমীয়া ৱিকিপেডিয়াত লিখা।
টোকা:
(সঠিক উচ্চাৰণ- ৱিকিপিডিয়া)
এজন অসমীয়া হিচাপে আপোনাক ধন্যবাদ জনালো………….
প্ৰথমে আপোনাক অভিনন্দন জনালো অভিজিত দা ! অসমীয়া ৱিকিপিডিয়া ত তথ্য ৰ বৰঙণি কি দৰে আগবঢ়াব কাৰিম সেই বিষয়ে অলপ বহলাই কব নেকি !
আপোনাৰ ব্যক্তিগত চিন্তা প্ৰশ্ংসনীয় আৰু ই হাজাৰ জন অসমীয়াৰ চিন্তাৰ বিষয় হওক। অসমীয়া ভাষা- স্ংস্কৃতিৰ প্ৰসাৰৰ বাবে কিবা এটা কৰাৰ ইচ্ছা সদায়ে মনত পুহি ৰাখিছো কিন্তু এলাহত সদায় বাদ পৰি যায়। আপোনাৰ লিখনিয়ে মোৰ বাট মুকলি কৰি দিলে। এতিয়াৰ পৰা ময়ো অসমীয়াত লিখা আৰম্ভ কৰিম। আপোনালৈ অশেষ ধন্যবাদ।