মই আকৌ আহিম (উত্পল খাটনিয়াৰ)

Utpal Khataniar

মই আকৌ আহিম

মই আকৌ আহিম

উজাই তোৰ ওচৰলে
সজাই পৰাই ৰাখিবি তোৰ শেতেলি
দহমাহ দহদিন
তোৰ ৰুণুক জুনুক হাঁহি
মই আকৌ এবেলি যাম
মোৰ মাটিত
মোৰ দেশৰ গান গাবলৈ
লাগিছে যদি তোৰ ভোক
চাউল মুঠি সিজাই খাবি
খোৱাৰ সময়ত যদি
শিয়ালী জনীয়ে হোৱা দিয়ে
দিবলৈ নাপাহৰিবি মজিয়াত পানী এচোল
আৰু তিনিটি আক
মই আকৌ আহিম
উজাই তোৰ ওচৰলে
সজাই পৰাই ৰাখিবি তোৰ শেতেলি…..

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Biresh Rabha
6 years ago

ভাল লাগিল কবিতাটো পঢ়ি ।

Copying is Prohibited!