মই উত্তৰ নাজানো – কুসুমাঞ্জলি শৰ্মা

 

কাৰণ নুসুধিবা

মেন্দিপথাৰলৈ কিয় গৈছিলোঁ তুমি নুবুজিবা
নিভা ৰাভাই ছাগলী খীৰাই একাপকৈ সোণোৱালী চাহ আৰু কাঁটা বিস্কুটেৰে দিয়া চাহ কাপৰ সোৱাদ
তুমি নবুজিবা

বহিব দিয়া বেঞ্চখনৰ ছাগলীৰ লাদ
গাত লৈ থকা গামোচাৰে জোকাৰি দিছিল

(There might be mites …kusumanjali)

চাঁহী
চাঁহী

হাৰে, মই থোৰী পৰোৱা ক’ৰোঁ
তোমাৰ দেহ আৰু মনত কিলবিলাই থকা কীটানুকহে ভয় কৰোঁ লাৱন্যময়ী

টিকলা পানদোকানৰ বিয়েত্ৰিছ চাংমাই তাইৰ নাম কৈছিল বিট্ৰেছ
আৰু বত্ৰিছটা দাঁত উলিয়াই হাঁহি কোৱাই এপেকেট দিছিল হাতত

তুমি নুবুজিবা মেন্দি পথাৰলৈ মই কিয় গৈছিলোঁ
কিয় মোৰ সমূদায় পথত
সোণাৰু, ৰাধাচুড়া আৰু কৃষ্ণচুড়াই ফাকু খেলিছিল
পথাৰৰ ন পানীত পুঠি মাছে কেলেই নাচ জুৰিছিল
অথবা কণা মুচৰিয়ে জানটোত কাক ৰখিছিল
মেঘৰ দেশৰ পাহাৰবোৰে যৌৱনৰ উদ্ধত ভংগিমাৰে
মোলৈ কেৰেপ নকৰাকৈ কিয় ৰৈ আছিল
আৰু নুবুজিবা বৰগছৰ শিপাৰ মাজত কেঁচুৱে কিয় অট্টালিকা সাজিছিল

নুসুধিবা
কাৰণ নুবুজিবা
বুজাব নোৱাৰোঁ ডিঙিলৈকে বেংকৰ ধাৰত পোঁত গৈ
মই এইবোৰ অমৃত কেনেকৈ পান কৰোঁ

বিঃদ্ৰঃ_
তোমাৰ দেওবৰীয়া পঞ্চতাৰকা হোটেলৰ বুফে ভোজনৰ সুগন্ধিক
মই খোৱা বাজৈ হোটেলৰ ধোঁৱাই থকা কুকুৰাৰ মঙহৰ জোল আৰু
জ্বলা চাটনিয়ে অগ্ৰাহ্য কৰে

আৰু তোমাৰ বিলাসী গাড়ীৰ চকমকনি আৰু কোটি টকাৰ দামত মই অবাক হৈ নপৰোঁ
মই চকু আৰু কাণ বন্ধ কৰি সকলো নিৰন্ধ্ৰ অন্ধকাৰত দলিয়াব পাৰোঁ

নুসুধিবা মই কেলেই গৈছিলোঁ মেন্দিপথাৰ

তুমি নুবুজিবা
কাৰণে অকাৰণে কিয় মই বগাই আহোঁ কিলিঙ পুনুৰ পিৰালি
কটাই আহোঁ হিতেশআদাৰ চিফুঙৰ সুৰত মতলীয়া এটি আবেলি
অথবা গচকি ফুৰোঁ জাগুণৰ চিত্ৰবাহাদুৰ ডাজুৰ ঘৰৰ তামোলনী

মিছামিছি মোক কাৰণ সুধি আমনি নকৰিবা
কব নোৱাৰিম
কান্ধত বেংকৰ ঋণৰ বোঁজা লৈ
কিয় কৰি ফুৰোঁ এইবোৰ পাগলামী

মই তুমি হব নোৱাৰিম
তোমাৰ গানিতিক অংকৰ শুদ্ধ উত্তৰ দিব নোৱাৰিম

তোমাৰ মহানগৰীৰ চানডে
মোৰ কাণ্ট্ৰিচাইড যাত্ৰাৰ চুপাৰ চানডে
অসমানুপাতিক সদায়

******************

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!