মই উৰ্মিলাই কৈছো – ড° বীণাপাণি মহন্ত

মোৰ প্ৰেমৰ কৰুণগাথাই
তোমাৰ হৃদয় জিনিব নোৱাৰে
জানি শুনিও মোৰ অশ্ৰুসিক্ত নয়নে
তোমাক বুজাব বিচাৰে……
যৌৱনপ্ৰাপ্ত নৱবিবাহিতাৰ
বঞ্ছিত প্ৰেমৰ কাহিনী,
হৃদয় মন্দিৰৰ বেদীত
থাপিছিলো তোমাক আলফুলে
অথচ তোমাৰ জীৱন্ত কালত
ৰূপান্তৰিত হ’লো মই বৈধৱ্যলে
মোৰ মনৰ বতৰা নোলোৱাকৈয়ে
তুমি গুছি গ’লা দৃঢ়মনে
মোৰ দেহ-মনৰ উন্মাদনাক
উপহাস কৰি তোমাৰ সিদ্ধান্তত
তুমি অটল হৈ ৰ’লা,
সুদীৰ্ঘ এটা যুগতকৈও বেছি
কপালৰ সেন্দূৰৰ ফোটঁটিতে
বিচাৰি পালো তোমাক
তাতেই বিলাই দিলো
জীৱন-যৌৱনৰ সকলো বাসনা
কুৱলীসনা নীৰৱ নিশাবোৰত
মোৰ নি: সংগতাৰ লগৰী হয়
বাহিৰৰ সৰাপাত আৰু
টপটপ নিয়ৰৰ শব্দবোৰ
জয়াল নিশা সংগীবিহীন
কোনো অজান পখীৰ
হিয়াভৰা কৰুণ বিননিত
মই একাকাৰ হৈ পৰো
উলটি চাওঁ অতীতৰ দিনবোৰলৈ
ঘূৰাই দিব পাৰিবা জানো
মাদকতাপূৰ্ণ মোৰ জীৱন- যৌৱনক
নাই, তুমি কাহানিও নোৱাৰা
মাথো ইতিহাসৰ পাতত মোক
চিহ্নত কৰি থৈ গ’লা
উপেক্ষিতা নাৰীৰ ৰূপত৷■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!