মই এন্ধাৰ হ’ব খোজোঁ……( -ৰুণুমী দেৱী)

মই এন্ধাৰ হ’ব খোজোঁ…….
-ৰুণুমী দেৱী।

মই এন্ধাৰ হ’ব খোজোঁ
অমাৱস্যাৰ কাল এন্ধাৰ
যি এন্ধাৰে বুজাব পাৰে
পোহৰৰ মহানতাক ‘sketch
এন্ধাৰৰ চিয়াহীৰে মই
লিখিব খোজো আলোকৰ গান
এন্ধাৰ গৰ্ভত কলা কলা কৈ বাঢ়ি
পোহৰৰ দিশত লহপহীয়া হ’বলৈ
মই এধানি ছাঁ হ’ব বিচাৰোঁ
এন্ধাৰ নিশা হৈ মন গহ্বৰত
উজ্জ্বল ৰাতিপুৱাৰ বাবে
আশাৰ কিৰণ জগাব খোজোঁ
মই এন্ধাৰ হ’ব খোজোঁ
কাল ৰাত্ৰিৰ ঘন এন্ধাৰ
যাৰ বুকু ফালি জোনাকীয়ে নাচিব
চকু টিপিয়াই তৰালীয়ে হাঁহিব
আৰু শেষ এন্ধাৰ ঠেলি
সোণালী ৰ’দালিয়ে ভূমুকি মাৰিব……..।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!