কবিতা মই কোকৰাঝাৰৰ পৰা কৈছো (- পলাশ বৰা ) September 15, 2012 1 Comment মাৰ প্ৰথমটো চিঞৰত মই বুজিছিলো দেউতাৰ বুকুৰে সৰকি গৈছে কেইবাটাও গুলী দ্বিতীয়টো চিঞৰত মই নিজেও আন্ধাৰ দেখিছিলো | ডাঙৰ হৈ মই পৃথিৱী ঘূৰিলোহেঁতেননে গ’লোহেঁতেননে মাণ্ডেলা নাইবা ফিডেল কাষ্ট্ৰোৰ দেশ সপোনত কাৰ নাম চিঞৰিলোহেঁতেন-গান্ধী নে পেট্ৰিচ লুমুম্বা বুকুত সাৱটিলোহেঁতেন চাগে কোৰাণ নাইবা ভাগৱত গীতা! ডাঙৰ হৈ মই কোনটো ভাষাৰে বিনিময় কৰিলোহেঁতেন নিজক অসমীয়া, বড়ো-কোনটো হ’লহেঁতেন মোৰ মাতৃভাষা অস্ত্ৰৰ ঝনঝননিত যি ভাষা মৰে সেয়া কেৱল মানৱতা, মানৱতা আৰু মানৱতা….!! মাৰ মাজেৰে পৃথিৱী চাওঁতে দেখিছিলো- এয়া শংকৰ-মাধৱ-আজান পীৰৰ দেশ দেশ বিভাজন, বাবৰি মছজিদ, অক্ষৰধামৰ দুৰ্ঘটনাই চুব নোৱাৰে যাক এয়া মোৰ দেশ, য’ৰপৰা শত যোজন দূৰৈত থাকে ধৰ্মীয় মৌলবাদ..! মই কোকৰাঝাৰৰ পৰা কৈছো- মাৰ প্ৰথম চিঞৰত মই বুজিছিলো- মই পিতৃহাৰা হৈছো দ্বিতীয় চিঞৰত মই নৰকৰ এন্ধাৰ দেখিছিলো পোহৰ বিচাৰি সেপিয়াইছিলো অন্ধকাৰ দুৱাৰ লাহে লাহে হেৰুৱাইছিলো মাৰ স’তে আত্মিক সম্পৰ্ক !! মই কোকৰাঝাৰপৰা সেইটি শিশুৱে কৈছো- যি কেতিয়াও নেদেখিলে পৃথিৱীৰ পোহৰ….!!
কবিতটো পঢ়ি ভাল পালো কিন্তু শেযৰ খালে সৰু ভুল টা চকুত পৰিল৷ যথা: “মই কোকৰাঝাৰপৰা সেইটি শিশুৱে কৈছো-“ৰ ঠাইত “মই কোকৰাঝাৰৰ পৰা সেইটি শিশুৱে কৈছো-” হ’ব লাগিছিল৷