মই গৌৰৱ কৰো (কমল কিশোৰ)


মোৰ জন্মভূমি মাধাপুৰ গাওঁ৷ নলবাৰী জিলা সদৰৰ পৰা প্ৰায় ৮ কি.মি দূৰত্বত অৱস্থিত য’ত হিন্দু , মুছলমান উভয় সম্প্ৰদায়ে সম্প্ৰীতিৰে বসবাস কৰি আহিছে ।বিয়া-বাৰু, সকাম-নিকাম সকলোতে উভয়ে ভাগ লৈ আহিছে ।যোৱাবছৰ গাওঁত উদ্‌যাপিত শিৱপূজা ভাগত আমন্ত্ৰণ কৰি অনা নাগাৰা নাম দলৰ সম্পূৰ্ণ খৰচ শ্ৰদ্ধাৰ বাবুলিদাই(চফিকুল ইচলাম) বহন কৰিছিল ।যোৱা তিনিবছৰ ধৰি ঈদ মেহফিলৰ ৰভাদাতা ৰমেশ বৈশ্য ,৫০%কৰ্মকৰ্তা হিন্দু সম্প্ৰদায়ৰ ।কাষৰীয়া মৰোৱা গাওঁত জাকজমকতাৰে উদ্‌যাপন কৰা গুৰুজনাৰ জন্মোসৱৰ স্মৰণিকাৰ মূখ্য সম্পাদক আমাৰ গাওঁৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু নজৰুল ইচলাম ,শান্তিৰক্ষাৰ মূখ্য সম্পাদক মতলেব আলী ।দৰাপাৰ্টীত মুছলমান বন্ধু কেইজন নগলে নজমে ।তেনেকুৱা আৰু শ শ উদাহৰণ আছে ৷ মৰম-চেনেহ ,একতা আৰু ভালপোৱাৰে ভৰপূৰ মোৰ জন্মভূমিক লৈ মই গৌৰৱ কৰো ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!