মই নাৰী – মাধুৰ্য গোস্বামী
মই এগৰাকী নাৰী।
কোনোবা ‘সু-পুৰুষসৃষ্ট’
কোমল,দুৰ্বল অৰ্থৰে ৰঞ্জিত
এটা শব্দ- ‘নাৰী’।
মোৰ নিশাহত ওলায়
অজস্ৰ উজাগৰী নিশাৰ কষ্ট,
চকুৰ গুৰিত থাকে কোনোবা পুৰুষক তৃপ্ত কৰাৰ পিছৰ ভাগৰ।
‘বিদ্বান’ পুৰুষৰ কামনাৰ জখলা বগাই সাফল্য অৰ্জন কৰা মই নাৰী;
অথবা পুৰুষৰ নিৰ্মম গালি হাঁহিমুখে হজম কৰা অলেখ নাৰীৰ মাজৰ মই এগৰাকী নাৰী।
পদূলিমুখৰপৰা পিছফাললৈ,
বিছনাৰপৰা পথাৰলৈ, অবৈতনিক হাতৰ পৰশ দিয়া মই নাৰী।
মৈত্ৰেয়ীৰপৰা কনকলতালৈ জীৱনৰ অৰ্থ বিচৰা অলেখ নাৰীৰ সোঁতত বিলীন হয়,
হাতত এলান্ধু আৰু ছাইসনা অলেখ হাত।
পূজিতা-ভূষিতা, দেৱী, বেশ্যা আৰু অনেক নাৰী;
পুৰুষৰ হাঁতোৰাৰপৰা পুৰুষেই ৰক্ষা কৰা নাৰী;
কিমাশ্চৰ্যম কিমাশ্চৰ্যম !!
আই-বোপাইৰ মৃত্যুত পিণ্ড, লঘোণ দিব নোৱাৰা মই নাৰী,
পিতাইৰ ৰক্ষাকবচৰপৰা স্বামীৰ ৰক্ষাকবচলৈ সৰি পৰা মই নাৰী।
কোনোবা কবিৰ প্ৰিয়তমা আৰু বহুগামী পুৰুষৰ প্ৰেমৰ অৰ্থ নুবুজা মই নাৰী;
সতীৰ নাম লৈ কামানল আৰু ঈৰ্ষাগ্নিত ছাই হোৱা নাৰী।
মোৰ জৰায়ুৰে সৃষ্টি হয় সমগ্ৰ ব্ৰহ্মাণ্ড,
কামনা জগাই তোলা মোৰ বক্ষৰপৰা অলেখ শিশুৱে কৰে অমৃত পান,
কাৰণ মই নাৰী।
মই নাৰীবাদী নহয়,
কিন্তু নিজানত এপলকৰ বাবে আৰম্ভ হৈ বন্ধ হোৱা কেঁচুৱাৰ কান্দোনত মই সাৰে থাকো;
গভীৰ নিশালৈ অধ্যয়নৰত
সন্তানৰ উজাগৰী নিশাৰ লগত মোৰ নিশাবোৰো সাৰে ৰয়।
মোৰ বাবে কোনোৱে নেদেখা সপোনবোৰ মই সন্তানৰ বাবে দেখো;
মোৰ উৱঁলা প্ৰমাণপত্ৰই সাক্ষী হৈ ৰয় মোৰ অলেখ ভগা সপোন আৰু চকুপানীৰ।
পুৰুষৰ সৃষ্ট মই নাৰী,
কৰ্তব্য ঠিক হৈ থকা মই নাৰী,
প্ৰেম আৰু মৰমৰ বাবে সৃষ্ট মই নাৰী,
পুৰুষে নকৰা কাম কৰা মই নাৰী।
তথাপি মই সাৰে থাকো,
বিনাশৰ পিছত পুনৰ সৃষ্টি কৰিবলৈ,
ভগ্নস্তুপৰ ওপৰত খোজ কাঢ়িবলৈ,
সকলোৰে সপোন সাকাৰ কৰিবলৈ।
কাৰণ??
কাৰণ অহম স্ত্ৰী অহম স্ত্ৰী।