মই নাৰ্চিছাচ নহয় – পূৰৱী হাজৰিকা
নৈপৰীয়া বতাহজাকে
সুহুৰিয়াই মাতিলে..
উৰি গ’লোঁ নৈৰ কাষলৈ
পানীৰ দাপোনত চাই ৰ’লোঁ
আপোন প্ৰতিবিম্ব আৰু
মূৰৰ ওপৰৰ নীলা আকাশখন,
দূৰৈৰ পৰা তুমি নদীৰ বুকুলৈ
মাৰি পঠিয়ালা দ’লি এটা
নদীক জোকাবলৈ বুলি নে
মোৰ তন্ময়তা ভাঙিবলৈ? নুবুজিলোঁ,
ভাঙি দিলা পানীৰ দাপোন,
মোৰ প্ৰতিবিম্ব,
আকাশখনো…
হয়তো ভাবিছিলা,
নঘটিবলগীয়া কিবা এটা
ঘটি নেযায় যাতে..
তুমি এতিয়াও বুজিয়েই পোৱা নাই
মই যে নাৰ্চিছাচ নহয়!