মটৰৰ পায়স (মঞ্জুশ্ৰী শৰ্মা)

 

 

 

 

 

 

পায়স নিশ্চয় সকলোৰে প্ৰিয়। আমি সকলোৱে সাধাৰণতে চাউলেৰে তৈয়াৰ কৰা পায়স ৰান্ধোঁ নহয়নে! এতিয়া বজাৰত মটৰৰ পয়োভৰ, আহকচোন মটৰৰ সৈতে অকণমান ব্যতিক্ৰমী পায়স এভাগ ৰান্ধোঁ।

 

উপকৰণ :

১) মটৰ-২ পিয়লা (মিক্সিত বঁটি লওক)

২) গাখীৰ-৫ পিয়লা

৩) ঘি- ৩ টেবুল চামুছ

৪) কিছমিছ-৩ টেবুল চামুছ

৫) ইলাছি গুৰি- এক চিকুট

৬) চেনী- ৩ টেবুল চামুছ

 

প্ৰণালী :

গাখীৰখিনি সিজাই পৰিমাণতকৈ আধা কৰি লওক। আন এটা পাত্ৰ জুইত বহুৱাই দি ঘি গৰম কৰি বঁটা মটৰখিনি লৰাই-লৰাই অলপ সময় ভাজি তাত কিছমিছ আৰু ইলাছি গুৰিখিনি ঢালি দি ১০ মিনিট সময় ভাজক তাৰপিছত গাখীৰখিনি তাতে ঢালি দি ভালদৰে মিলাই ৫-৬ মিনিট সময় সিজিবলৈ দিয়ক এইবাৰ চেনি মিহলাই ভালকৈ লৰাই-চৰাই গেছৰ ষ্টোভ বন্ধ কৰি দিয়ক। এতিয়া পৰিবেশন পাত্ৰত পায়সখিনি ঢালি কেইটামন কেঁচা মটৰ টুকুৰাকৈ কাটি পায়সখিনিৰ ওপৰত সিঁচৰিত কৰি সজাই গৰমে-গৰমে পৰিবেশন কৰক। ঠাণ্ডা কৰি খাব খুজিলে পৰিবেশন কৰাৰ আগতে পায়সৰ বাতিটো ১-২ ঘণ্টা ফ্ৰিজত ৰাখক।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

ধন্যবাদ! চমৎকার রেসেফি!! 😀 😀

Copying is Prohibited!