মটৰৰ খীৰ- জাহ্নৱী কাশ্যপ বৰদলৈ
উপকৰণঃ
মটৰৰ পেষ্ট বনাবলৈ-
সেউজীয়া মটৰ – ১ কাপ
গাখীৰ – ৫ চামুচ
পানী – ১ কাপ
নিমখ অকণমান৷
খীৰ বনাবলৈ-
গাখীৰ – ২ কাপ
চেনি – ১ কাপ
ঘিঁউ – ১ চামুচ
বাদাম – ৬/৭ টা
চেৰী – ৩/৪ টা
ইলাচী পাউদাৰ – ১/২ চামুচ
কেশৰ অকণমান৷
প্ৰস্তুত প্ৰণালীঃ
মটৰৰ পেষ্ট বনাবলৈ প্ৰথমে মটৰখিনি ভালদৰে ধুই মিডিয়াম গেছত নিমখ আৰু পানী দি সিজাই কৰি ল’ব৷ সিজোৱা মটৰখিনি ঠাণ্ডা হোৱাৰ পিছত গাখীৰ মিহলাই মিক্সাৰত পেষ্ট কৰি ল’ব৷ এতিয়া এখন পেনত ঘিঁউ গৰম কৰি মটৰৰ পেষ্টখিনি ভাজিব শুকাই নোযোৱালৈকে৷ পেষ্টখিনিত পুনৰ গাখীৰ মিহলাই ঘনাই হেতাৰে লৰাই লৰাই ভাজিব৷ মটৰৰ পেষ্ট আৰু গাখীৰখিনি যেতিয়া ভালকৈ মিহলি হৈ যাব তেতিয়া চেনিৰ গুড়ি, কাজু, মিলাই অলপ সময় ভাজি গেছৰ পৰা নমোৱাৰ আগত ইলাচী গুৰি, কেশৰ, চেৰী মিহলাই পৰিৱেশন কৰিব৷