মতা টোকোৰা- (মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

হঠাৎ দলটোৰ আগত গৈ থকাজন ৰৈ গ’ল ৷ ছন্দোবদ্ধভাৱে আগবাঢ়ি থকা দলটোৰ গতিত তৎক্ষণাত অহা যতিক চম্ভালিব নোৱাৰি পিছৰ কেইজন ইজনৰ গাত সিজন হামখুৰি খাই পৰিল ৷

ছিৰাছিৰ পাহাৰখন আৰু দাঁতয়লীয়া বহুকেইখন গাওঁক দুয়োকাষে লৈ ঘাইআলিটো বৈ গৈছে ৷ গাওঁকেইখনৰ পূজা-উৎসৱ,বিয়া-সবাহৰ বাবে লাগতিয়াল খেৰ-কাঠ,কলপাত-পটুৱা আদি বস্তুবোৰ গাওঁৰ মানুহে দল বান্ধি এই পাহাৰৰ পৰাই লৈ যায় ৷ নিতান্ত প্ৰয়োজন বা বিপদত নপৰিলে পাহাৰখনলৈ অকলে কোনো গঞাঁই নাহে ৷ কথিত আছে এই পাহাৰত অকলে অহা লোকক মা কালিখাই লম্ভে ৷
আগনিশাৰ ধুমুহাত তামোলকিজোপাৰ পৰা সৰি পৰা টোকোৰা চৰাইৰ বাহকেইটা পদূলিৰ পৰা আতৰাই সোণজিৰাই গিৰীয়েকক বকনি জুৰিলে ৷ এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ লগতে কালি ধুমুহা ৷ ঘৰৰ বাৰীখনত নালাগে ভিতৰৰ খৰিৰ চাঙটো এডালো শুকান খৰি নাই ৷ খৰি নহ’লে চৌকালৈ জুই নিয়ে কেনেকৈ ? ইফালে আকৌ ৰজাৰ পুতেকক তিনিবেলাৰ ভাত ঠিকেই লাগে ৷ মুখেৰে ভোৰভোৰায়ে তাই পুৱাৰ বাহীবনখিনি অতালে ৷ গিৰীয়েক এতিয়াওঁ শোৱা-পাটীত ৷ বুকুৰ ফাচকাইখন আতৰাই ককালৰ কাছ্যংখন বুকুলৈ উজাই টানকৈ মেঠনি মাৰি ল’লে ৷ সৰহকৈ ধপাত,চূণ দি তামোল এখন মুখত ভৰাই ফাচকাইখন এনেই কান্ধত পেলাই হাতত দাখন লৈ তাই কোবাকুবি বাট ধৰিলে ৷
আজি বতৰ ফৰকাল ৷ গাওঁৰ মানুহে দলবান্ধি পাহাৰলৈ খৰি লুৰিব আহিছে ৷ ভাল বতৰতে খৰি গোটাই নল’লে আপদীয়া বৰষুণে আহুকালত পেলাব ৷ সোণজিৰা গৈ আগনী,চামলহঁতৰ লগ লাগিল ৷ পাহাৰৰ নামনিত সকলো ওচৰে-পাজৰে আছিল যদিওঁ জংঘলৰ ভিতৰৰ শুকান আৰু শকত ডালৰ আশাত লুঙলুঙীয়া বাটবোৰত সব লুকাই পৰিল ৷
খৰিৰ বোজাটো মূৰৰপৰা নমাই সোণজিৰাই ঠাই এডোখৰ চাফা কৰি বহি ল’লে আৰু আগনীহঁতলৈ বাট চালে ৷ বহি বহি ভাবি থাকিল তাইৰ জীৱনটোৰ কথা ৷ প্ৰেম কৰিয়েই তাই মানুহটোৰ লগত পলাই আহিছিল ৷ পহিলা বছৰটোত মানুহটোৱে তাইক সুখতে ৰাখিছিল ৷ দিন যোৱাৰ লগে লগে তাৰ অকৰ্মণ্য স্বভাৱে ধৰা দিলে ৷ দিনৰ দিনটো পেট পেলাই শুব,সন্ধিয়া টেটুৰ গুৰিলৈকে জু সোপা গিলিব আৰু সৰু সৰু কথাতে তাইৰ গাত তুলিব ৷ তিনিটা বছৰে গৰকা সিহঁতৰ সংসাৰখনৰপৰা সোণজিৰাৰ ভিতৰৰ প্ৰেমিকাজনী কেতিয়াবাই ওলাই লৰ দিলে ৷ আজিকালি তাইয়ো সমানে গিৰীয়েকক ওভতি ধৰে ৷ মাইকীৰ হাঁতৰ দা -কুঠাৰৰ কামানী খাৱ বুলি কটু কথা শুনাই দিয়ে ৷ আজিওঁ সিহঁতৰ মাজলৈ তৃতীয় এজন নাহিল ৷ সমাজখনে কাঠবাজী বুলি হাঁহিলেওঁ সোণজিৰাই এই কথাটোক ভাগ্য বুলিয়েই ভাৱে ৷ এজনী মানুহক পোহপাল দিব নোৱাৰা মতাটোৱে সন্তানৰ কি দায়িত্ব ল’ব ?
অ’ই উঠ উঠ ! ’ফুৰিমছ’ মূৰৰ ওপৰত উঠিলহি ৷
আগনীৰ চিঞঁৰত তাই চক খাই উঠিল ৷ এৰা ! এতিয়াই পাহাৰৰ পৰা নানামিলে সাঁজ লগাৰ পিছত হাবিৰ গছ-লতিকাও ভয়ংকৰ হৈ উঠে ৷ কান্ধত লৈ থকা ফাচকাই খন টানকৈ পকাই গোল কৰি কান্ধাৰি এটা বনাই মূৰত বহুৱাই অভ্যস্ত হাতেৰে একে দঙাতে খৰিৰ বোজাটো তুলি লৈ আগনীহঁতৰ পিছে পিছে থিয় লুঙলুঙীয়া বাটটোত আঙুঁলিত ভৰ দি তাই কুকুৰ খোঁজ ধৰিলে ৷
তেতিয়াই পয়মালটো ঘটিল ৷ ষোল্লজনীয়া দলটোৰ আগত গৈ থকা চামল হঠাৎ থমকি যোৱাত বাকীবিলাকে তৎভৎ হেৰুৱাই ইটোৰ গাত সিটো বাগৰি পৰিল ৷ পাহাৰীয়া জনজীৱনত অভ্যস্ত সকলোৱে বুজিলে চামল বিনাকাৰণত ৰৈ যোৱা নাই ৷ সাৰি শব্দ নোহোৱাকৈ গোটেইজাক পিছুৱাই একেঠাইতে থূপ খালে ৷ আগনীৰ কান্ধৰ ওপৰেদে ভুমুকিয়াই সোণজিৰাই এতিয়াহে দেখিলে সন্মুখৰ লুঙলুঙীয়া গোটেই পথটো আৱৰি সিহঁতজাকলৈ পিছ দি কলগছ মহতিয়াই সৌজনা ’গজৰাজ’ ৷ কঁপি উঠিল সোণজিৰা ৷ এইয়া সাক্ষাৎ মৃত্যুদূত ৷ দুয়োখন হাত কপালত লগাই তাই বিৰবিৰাই উঠিল,হে বাবা নিজৰ কাৰ্য সিদ্ধি কৰি নিজ বাটেৰে উভতি যোৱাগৈ ৷আমি তোমাৰ কামত বিধি-পথালি নিদিওঁ ৷ কেইটামান শ্বাসৰুদ্ধকৰ মুহূৰ্ত্ত পাৰ হ’ল ৷ হাতীটো ধীৰ গতিৰে কাষৰ হাবিলৈ সোমাই গ’ল ৷ সিহঁতক নেদেখিলে ৷
অতৰ্কিতে দলটোৰ কণিষ্ঠ ৰাইচিং দুপদুপাই তললৈ নামিব ল’লে ৷ হয়তো কণমানী মগজটোৰে প্ৰাণ বচোৱাৰ এইয়াই উচিত সময় বুলি ভাবিলে ৷ সোণজিৰাহঁত ইচইচাই উঠাৰ আগতেই ৰাইচিং লুটি খাই পৰিল ৷ ৰাইচিঙৰ ভয়াৰ্ত্ত দৃষ্টি অনুসৰণ কৰি সিহঁতে দেখিলে কাষৰ হাবিৰপৰা চাৰিটা হাতী ওলাই আহিছে ৷ গোটেইজাক থৰ পৰিল ৷ পলায়নৰ কোনো পথ নাই নপলালেওঁ গজৰাজৰ গচকত মৃত্যু নিশ্চিত ৷ সোণজিৰাৰ অন্ঠ-কণ্ঠ শুকাই গ’ল ৷ দুয়োকাণ আৰু মগজু যুৰি গুমগুমনিৰ বাদে একো শব্দই তাইৰ কাণত নুসুমাল ৷ চকুৰ আগত অকামিলা হ’লেও নিজৰ বুলিবলৈ থকা মানুহটোৰ মুখখন অগা-ডেৱা কৰিব ধৰিলে ৷ আজি তাইৰ কিবা এটা হ’লে মানুহটো অকলশৰীয়া হ’ব ৷ হেজাৰ দন খৰিয়াল,মাৰ-কিলৰ মাজতো দুয়ো দুয়োৰে লগৰীয়া ,পৰিপূৰক ৷
হাতীকেইটাই থূপ খাই সিহঁতক আগুৰি ল’লে ৷ সকলো স্তব্ধ হৈ পৰিল ৷ আগুৱাই অহা হাতীৰ গচকৰ খৰমৰনিৰ বাদে একো শব্দ নাই ৷ ভয়ত মুদ খাব ধৰা দুচকু জোৰকৈ মেলি সোণজিৰা কোনোমতে নপৰাকৈ থিয় হৈ থাকিল ৷ সৌৱা আগনী থকা ঠাইতে ঢলি পৰিছে ৷ সন্মুখৰ গজৰাজৰ আগঠেঙৰ ঠিক ওচৰতে মূৰ থৈ ৷ চিঞঁৰিব খুজিওঁ সোণজিৰাৰ শুকাই কৰকৰীয়া মৰা ডিঙিয়েদি মাত নোলাল ৷ কিন্তু এইয়া কি ! শক্তিশালী গচকেৰে গজৰাজে মোহাৰি নেপেলালে আগনীৰ শিৰ ৷ মদমত্ত খোঁজত অচেতন আগনীৰ শৰীৰৰ পৰা উলিয়াই নেপেলালে নাড়ী-ভুৰু ৷ সৌৱা গজৰাজে শুৰেৰে কাতি কৰি থলে আগনীৰ মূৰ ৷ দেও দে পাৰ হ’ল আগনীক ৷ বাবাৰ কৃপা ৷ লুঙলুঙীয়া বাটটোতে গোটেইজাক বিতত হৈ বহি পৰিল ৷ কিংকত্তব্যবিমূঢ় হৈ থাকোতেই সিহঁতলৈ পিছ দি থকা আন এটা হাতীয়ে প্ৰকাণ্ড গাটো ঘূৰোৱাত সোণজিৰাৰ গাত লগাত ভাৰসাম্য ৰাখিব নোৱাৰি তাই বাগৰি পৰিল ৷ কলগছৰ পনীয়া গোন্ধ পালে তাই ৷ হাতীটোৱে শুৰেৰে মুখখন যেন চুই চালে ৷ যেন অভয়দান দিয়া কোনো বয়োবৃদ্ধৰ পৰশ ৷ চেতন-অচেতনভাৱে তাই দেখি থাকিল প্ৰকাণ্ড দুটা দাঁত আৰু কুঞ্চিত ছালক উশাহ সলাব নোৱাৰা দূৰত্বৰপৰা ৷
পৰি যাওঁতে আঘাত পোৱা আঠুটোৰে শৰীৰৰ ভৰ ৰাখিব নোৱাৰি আগনীৰ কান্ধত ভৰ দি তাই লেকেচিয়াই লেকেচিয়াই সাঁজ লাগো লাগো পৰত ঘৰৰ পদূলি পালেহি ৷ ফা মাহাদেউৰ লগতে মা কালিখাক শতকোটি প্ৰণাম জনাই মৰণে চুই যোৱা সিহঁতজাক পাহাৰৰ পৰা থৰক-বৰক খোজেৰে নামি আহিছিল ৷ খেনোৱে আলোচনা কৰিছিল খেনোৱে ধপধপাই থকা বুকুতে কথাবিলাক পাগুলিছিল ৷ সেই সময়ৰ নিজৰ অৱস্থাৰ কথা কৈ দুই একে হঁহাৰ লগতে চকুপানী টুকিছিল ৷ তথাপিও সিহতে পাহাৰক বেয়া নাপায় ৷পৰ কৰিব নোৱাৰে ৷ ভালপায় তাতে থকা গজৰাজকে ধৰি অন্য বন্যপ্ৰাণীবোৰক ৷ সোণজিৰায়ো ওৰে পথছোৱা ভাবি আহিছিল ,ইতৰ প্ৰাণীৰো দেখোন আছে জীৱৰ প্ৰতি দয়া ৷ প্ৰাণৰ মমতা সিহঁতেওঁ বুজে ৷ সিহঁতক অত্যাচাৰ নকৰিলে সিহঁতে পৰাপক্ষত ক্ষতি নকৰে ৷ মানুহেহে মানুহৰ মোল নুবুজে ৷ যিদৰে তাইৰ গিৰীয়েকটোৱে হকে-বিহকে ৰ’দ-বৰষুণ একাকাৰ কৰা তাইৰ শৰীৰটোৰ ওপৰত হাত তুলি ’মতা মানুহ ’ হোৱাৰ প্ৰমাণ দিয়ে ৷
পদূলিত থিয় হৈয়ে তাইৰ চকুত পৰিল পুৱা সাৰি-পুছি আতৰাই থৈ যোৱা টোকোৰাৰ বাহকেইটাৰ ওপৰত ৷ তাৰপৰা দুচকু ঘুৰাই তাই বাৰাণ্ডাত জুপুকা লাগি থকা গিৰীয়েকক দেখিলে ৷ টিঙিচকৈ উঠা খঙটো তাই দাঁত কামুৰি সামৰি থ’লে ৷ লগত আগনী নথকাহ’লে এজাউৰি দিলেহেঁতেন তাই ৷ ঘৰৰ মানুহজনী মৃত্যুমুখৰপৰা বাচি আহিছে, গজৰাজৰ খবৰত গোটেই গাওঁ তোলপাৰ আৰু এইজনাই এলাহটো কোলাত লৈ থমথম বহি আছে ৷ দৃষ্টি আকৌ বাহকেইটাত নিবদ্ধ কৰি হুমুনিয়াহ এটা এৰি সোণজিৰাই ভাবিলে তাই তিলতিলকৈ সজা সিহঁতৰ বাহটোত খেৰকূটা এডালো গুজিব চেষ্টা নকৰা সোণজিৰাৰ মতাটোৱো “মতা টোকোৰা ” হোৱা হ’লে ৷৷৷

(তিৱা শব্দ ÷ ফাচকাই -চাদৰ ,কাছ্যং -মেখেলা,জু -মদ ,কান্ধাৰি-মূৰত বোজা বওঁতে দুখ নাপাবলৈ লোৱা কাপোৰৰ পাক ,ফুৰিমছ-বেলি ৷,ফা মাহাদেউ-ভগৱান শিৱ,মা কালিখা-কালী )৷

One thought on “মতা টোকোৰা- (মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

  • March 4, 2017 at 11:31 am
    Permalink

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!