মদাৰৰ ৰং – নবজ্যোতি কৰিয়াজান
“অই পোৱালি, আজিলৈকে নিশিকিলি আৰু কাপ-প্লেটবোৰ কেনেকৈ নিব লাগে, অলপ ভালকৈ নিব নোৱাৰ? কেনেবাকৈ ভাগিবলৈ হ’লে তোৰো মাথা ভাঙিম৷ “
ঘৰত কাম কৰা এঘাৰ বছৰীয়া থোলোকক এইদৰে ডবিয়াই উঠিল সমাজকৰ্মী ৰূপৰেখা হাজৰিকাই৷ ড্ৰয়িংৰূমত মিচেছ চলিহা আৰু মিচেছ বৰুৱাৰ লগত চাহ খাই হোৱাত থোলোকে কাপ-প্লেটবোৰ নিবলৈ আহিছিল৷তেখেতসকলকে শুনাই গাই গ’ল-
: এই খাবলৈ নোপোৱা গাঁৱলীয়া ভূতসোপাক আৰু কিমান শিকাবা..! ঘৰত থাকোঁতে এসাঁজ খাই দুসাঁজ নেখোৱাকে আছিলতো.., এতিয়া তিনিবেলা তিনিসাঁজ খাবলৈ পাই ইহঁতৰ তেল ফাটিছে..!!
কথাখিনি শুনি ভয়তে লৰালৰিকৈ আহোঁতে থোলোকৰ মুখখন পৰ্দাখনতে ঢাক খাই যোৱাত সি সিটো ৰূমৰ বিছনাখনতে খুন্দা মাৰি দিলে৷ খুন্দা খাই থোলোকৰ হাতৰ ট্ৰেখনৰ পৰা কাপ এটা মজিয়াত পৰি ভাঙি থাকিল৷ শব্দ শুনি হাজৰিকানী উঠি গৈ থোলোকক দিলে কেইটামান কাণতলীয়া চৰ৷ তোক এতিয়া তাকে কৰিবলৈ কৈছিলোঁ ন? সৰু ল’ৰাটোৱে উচুপি উচুপি পিছফালৰ দুৱাৰমুখতে ৰৈ থাকিল৷
হাজৰিকানী সিমানতে ক্ষান্ত নাথাকি তাক হাতত ধৰি আনি আৰু দুথাপৰমান দি ৰূম এটাৰ ভিতৰলৈ গতিয়াই সুমুৱাই দিলে৷ বাহিৰৰ পৰা মস্ত তলা এটা লগাই থাকোঁতে গাই থাকিল-
:ৰহ মোক আজি মিটিঙৰ পৰা ঘূৰি আহিব দে তোৰ গতি লগাম৷
বৰুৱানীহঁত আহিছে ওচৰৰে মহিলা সমিতিৰ কাৰ্যালয়ত আজিৰ আন্তঃৰাষ্ট্ৰীয় শিশু নিৰ্যাতন বিৰোধী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ৷ হাজৰিকানীও যোৱাৰ কথা, সেয়ে লগতে যাব বুলি হাজৰিকানীৰ ঘৰত সোমাই গ’ল৷ এনেও কেইবাদিনো হ’ল এই ৰাস্তাইদি নোযোৱা৷ যাওঁতে হাজৰিকানীৰ ঘৰত সোমাও বুলি সোমাই গ’ল এপাক৷ড্ৰাইভাৰ গাড়ীতে বহি আছে৷ তেওঁলোকৰো দেৰি হৈছে৷ দহবজাৰ পৰা কাৰ্যসূচী আছিলেই৷ সিফালে হাজৰিকানীৰ কাপোৰ পিন্ধিবলৈ আছেই৷এনে সমাজকৰ্মী মহিলাসকলৰ আকৌ কথাবোৰ সুকীয়া৷ ক’ৰবালৈ ওলালে পিন্ধিবলৈ কাহানিও ঘৰত কাপোৰ বিচাৰি নেপায় ! ( যদিও দুটা-তিনিটা আলমাৰি আৰু পাঁচ- ছয়টা বাকছ কাপোৰেৰে ভৰি থাকেই ) আৰু কিনি আনিলে ঘৰত থ’বলৈও ঠাই নাথাকে..!
মিঃ হাজৰিকা অফিচলৈ ৯ বজাতে ওলাই যায়৷ ঘৰতো বিশেষ একো কাম বন নাথাকে কাৰণে আৰু সময়ানুবৰ্তিতা মানি অহাৰ কাৰণে হাজৰিকাই অফিচ সদায় নিৰ্দিষ্ট সময়তকৈ পোন্ধৰ মিনিট আগতে পোৱাকৈয়ে যায়৷ তেখেতসকলৰ ল’ৰা দুটা৷ সৰু ল’ৰা টিংকুক প্ৰাইভেট স্কুলৰ হোষ্টেলত থৈ ইংলিচ মিডিয়ামৰ স্কুলত পঢ়াইছে৷ ডাঙৰ ল’ৰা অচ্যুত ওচৰৰে “শংকৰ-আজান বিদ্যাপীঠ“ ৰ পৰা যোৱাবাৰ সুখ্যাতিৰে মেট্ৰিক পাছ কৰি টাউনৰ কলেজত নাম লিখাইছে৷ হাজৰিকাৰ মন আছিল সৰুটোকো ইয়াতে পঢ়াব৷ ঘৰৰ পৰা অহা-যোৱা কৰিব, ৰাতিপুৱা -গধূলি নিজেই চাই -চিতি দিব৷ কিন্তু ডাঙৰ ল’ৰা অচ্যুতক স্কুলত দিবৰ সময়তেই যিখন ঝামেলা পাৰ হৈছিল, মানে ঘৈণীয়েকৰ পৰা যিবোৰ তিত্কাৰি মৰা কথা শুনি থাকিব লগীয়া হৈছিল, পিছৰটোক অসমীয়া মিডিয়ামত দিবলৈ আৰু মন নোযোৱা হৈছিলগৈ৷
: “মোৰ এইটো ল’ৰাকো এই অসমীয়া মিডিয়ামত পঢ়ুৱাই গাঁৱলীয়া ভূত বনাব নাই। তুমি সেইবোৰ কথা চিন্তা কৰি সময় নষ্ট কৰিব নেলাগে, টকা ঘটি পৰিয়ালটো সুখত ৰাখিবলৈ চেষ্টা কৰা ইঁহতৰ পঢ়া -শুনাৰ দায়িত্ব মোৰ৷”
বি.এ. পাছ পৰিবাৰে কোৱা কথাষাৰৰ কোনো প্ৰতিবাদ নকৰি হাজৰিকা সেইদিনাই যি মনে মনে থাকিল,থাকিলেই…।..সৰু ল’ৰাক স্কুলত দিবৰ সময়ত একো কথাই নুসুধিলে৷
পিছে যোৱাবছৰ ডাঙৰ ল’ৰাৰ ভাল ৰিজাল্টৰ সময়ত সাংবাদিকৰ কেমেৰাত মাকৰ ফটোহে বেছিকৈ ওলাল৷
মিচেছ ৰূপৰেখা হাজৰিকাই ইতিমধ্যে এযোৰ নতুন ডিজাইনৰ পাটৰ কাপোৰ পিন্ধি লৈছে, সেইযোৰ হেনো আজিয়েই প্ৰথম পিন্ধিছে যোৱা বহাগত লৈ থোৱা আছিল মাত্ৰ পঞ্চলিছ হাজাৰত৷
ওলাই লৈ আকৌ এবাৰ কালি দীপকে লিখি দিয়া ভাষণটোৰ ম’বাইলত মাৰি থোৱা ফটোৰ পৰা মেইন পইণ্ট কেইটা চাই ল’লে৷ হ’ব
ঠিকেই আছে
১)প্ৰাথমিক শিক্ষাৰ আইন অনুসৰি সকলো ল’ৰা ছোৱালীৰে শিক্ষা জন্মগত অধিকাৰ৷
২) শিশুসকলক যিমান পাৰি মৰমেৰে নিজা ৰুচি-অভিৰুচি অনুসৰি খেলা-ধুলা কৰিবলৈ দিব লাগে৷
৩) ১৪ বছৰৰ তলৰ কোনো ল’ৰা -ছোৱালীৰে পৰা কাম আদায় কৰাটো আইন মতে দণ্ডনীয়৷
এহ হ’ব৷ বাকীখিনি সজাই পৰাই কিবা কিবি ক’ব আৰু……
তেনেতে এটা সমদলৰ চিঞৰ শুনি ৰূপৰেখা হাজৰিকা বাহিৰলৈ ওলাই আহিল৷
আৰে, কোলাহলবোৰ দেখোন সিহঁতৰ ঘৰলৈকে সোমাই আহিছে! হাতত প্লেকাৰ্ড লৈ সেইটো দেখোন ডাঙৰ মাইনা! কি হৈছে ৰূপৰেখা হাজৰিকাই একো বুজা নাই৷ ….
“মা থোলোক ক’ত আছে সোনকালে মাতি দিয়া“ ….
ডাঙৰ মাইনা মানে অচ্যুতে ক’লে৷ আমি আমাৰ স্কুলৰ তৰফৰ পৰা এটি শিশু শিক্ষাৰ সজাগতা আৰু শিশু শ্ৰমিক বিৰোধী গোট গঠন কৰিছোঁ৷ আজিৰ পৰা আমাৰ কাম আৰম্ভ হ’ব৷ কাৰ কাৰ ঘৰত, হোটেলত, চাহবাগানত, ইটাভাটাত ১৪ বছৰৰ তলৰ শিশুৰপৰা কাম আদায় কৰিছে প্ৰথমতে সকলোৰে এখন তালিকা তৈয়াৰ কৰা হ’ব৷ তাৰ পিছত আঁচনি অনুসৰি কাম হাতত লোৱা হ’ব৷ যিহেতু ময়েই এই গোটৰ সম্পাদক সেয়ে মোৰ ঘৰলৈকে আমি প্ৰথম আহিছোঁ৷ কৈ কৈ অচ্যুত আৰু সহপাঠীৰ দলটো সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷
ৰূপৰেখা হাজৰিকা শিলপৰা কপৌৰ দৰে বাহিৰতে বহি পৰিল…!!