মদাৰ (দেৱব্ৰত বৰা)


নিশাৰ চিঠিবোৰ পঢ়াশালিৰ সাধু হ’ল
লেমৰ পোহৰত অঁকা আকাশী সপোনবোৰ
চাকনৈয়াত ডুবিল।
বাকছৰ তলত এখন ৰুমাল
কাহানিও নোখোলা
ভাঁজে ভাঁজে ফটা।
ৰুমালৰ বিনিময়ত আঙুলিত আঙুলি লাগিছিল
বুকুৰ পৰা কিবা এটা জোৰেৰে বাহিৰ হৈ গৈছিল
পথাৰখনৰ মাজত ৰৈ চিঞৰিবলৈ মন গৈছিল
সেইৰাতি জোনটোৱে জোনাক নহয়,
ফটিকা ঢালিছিল।
লিখিবলৈ লওতেই চকুপানী ওলাল
নাই ভয় নাই এয়াতো নহয় উকা কাগজত
নিজৰা কলমেৰে লিখা
চকুলোৱে ধুই নিব!
এয়া কীবৰ্ড আৰু মাউচেৰে ছাইবাৰ পৃথিৱীত লিখা
চকুপানীয়ে তিয়াব নোৱাৰে
চকুপানীৰ দাম নাই
চকু দুটা মছি দিলোঁ।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!