ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

মদৰুৱা – মামনি দাস

 

অতপৰে যি অন্বেষণৰ কাহিনী শুনিলো
মই গুচি আহিলো নিৰ্বাক হৈ

কোনোবা এজনে অনবৰতে হহুঁৱাই থাকে
কোনোবা এজন হৈ পৰে জুমটোৰ প্ৰধান
কোনোবাজন আকৌ প্ৰেক্ষাগৃহৰ উকা চকীত
শুই থাকোতেই আৱিষ্কাৰ হয় বাৰম্বাৰ

অলপ কিবা কৈ, ক’ব লগাখিনিৰ অৰ্থ
তেনেকৈয়ে থৈ দিওঁ
নিজৰ মেজাজত আত্মবন্দী হওঁ প্ৰতিবাৰ

সিদ্ধান্ত ল’ব নোৱাৰা আমি একোজন খেয়ালী
যুগৰ সাঁথৰ বুকুত বান্ধি হেৰাই গৈছোঁ কুঁৱলীঘন নৈৰ সিপাৰে
শীতৰ উদাসীন সূৰ্যক লৈ নিজৰ বুকুতে আৱিষ্কাৰ কৰিছোঁ এজন পলাতকক
যি বাগি মাৰি সাৰিও কেইবাবাৰো ধৰা পৰিছে

..
যিটো অৱধাৰিত, অৱশ্যালম্ভী, চিকচিক সত্য
তাক বাবেও মই বহুবাৰ মূৰ ঘমাইছোঁ
আচলতে জীৱনটো বাছনিৰ বেলিকা আত্মপ্ৰকাশৰ পথ মোৰ একো নাছিল!

(নামঃ মামণি দাস
ঠিকনাঃ ভঙাগড়, গুৱাহাটী- 781005
ফোনঃ 8876091059)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!