মদৰ বিষয়ে এখন ৰচনা(অঞ্জল বৰা)
মদৰ বিষয়ে এখন ৰচনা(অঞ্জল বৰা)
……………………….
কেইদিন মানৰ আগতে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয়ত হোমেন বৰগোহাঞিয়ে মদৰ বিষয়ে এটা লেখা লিখিছিল৷ তেখেতে এটা কথা ষ্পষ্টভাৱে কৈছি যে, এতিয়া আমি মদৰ পৰা হ’ব পৰা অপকাৰীতাৰ বিষয়ে আলোচনা কৰাতকৈ মদ খাবলৈ শিকিবৰ হ’ল৷ অৰ্থাত তেখেতে লেখাটোৰ মাজেৰে পৰোক্ষভাৱে মদক সমাজ বৰ্হিভূত অংগ হিচাপে ধৰি ৰাখি লুকাই-চুৰকৈ খাই নিজৰ লগতে সমাজৰ অপকাৰ কৰাতকৈ ইয়াৰ সপক্ষে সজাগতা বৃদ্ধি কৰাৰ কথা অৱগত কৰিছে৷
আজি অ.ক.ব গোটৰ এজন সদস্যই মদৰ বিষয়ে এটা লেখা পোষ্ট কৰাৰ পিছত বিভিন্ন সদস্যৰ মতামতবিলাক দেখি সেই কথাষাৰ মনত পৰিল৷ ইয়াৰ আগতেই অ.ক.ব গোটত মদৰ বিষয়ে বহু আলোচনা হৈছে৷ কোনোবাই মদ ত্যাগ কৰাৰ কথা লিখিছে৷ কাৰোবাৰ বাবে মদ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ আগতে মদ ত্যাগ কৰিব পৰাটো এটা ভাল কথা৷ কিন্তু মই ভাবো তাতোকৈ ডাঙৰ কথা মদক নিয়ন্ত্ৰণ কৰিব পৰাটোহে বা আত্মনিয়ন্ত্ৰণ কৰিব পৰাটোহে৷ মদ আমাৰ সাংস্কৃতিক প্ৰতিক হওঁক বা নহওঁক সেইটো কোনো যুক্তিকৰ কথা নহয়৷ ডাঙৰ কথা হৈছে মদৰ উচিত প্ৰয়োগ, সেৱন আৰু প্ৰয়োজন৷ কাৰণ আমাৰ গালি-গালাজবিলাকো লোক-সংস্কৃতিৰ প্ৰধান অংগ৷ সেইবুলি আমি তাক সভ্য সমাজত ব্যৱহাৰ নকৰোঁ৷
হোমেন বৰগোহাঞিৰ লগত মই একমত৷ যৌন শিক্ষাৰ উচিত আৰু মুক্ত শিক্ষা নোহোৱাৰ ফলত যেনেদৰে সমাজত অসুৰক্ষিত যৌন অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে ঠিক সেইদৰে আমাৰ সমাজত মদৰ বিষয়েই সুষ্ঠ সজাগতা নোহোৱাৰ বাবেই মদপীৰ (মদ খাই মাতাল হোৱা লোক) সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ বাবেই মদ মানুহৰ প্ৰাণনাশৰ কাৰণ হৈ পৰিছে৷ ইংৰাজসকলেও মদ খাইছিল৷ ভাৰতলৈ হয়তো এয়া ইংৰাজৰে দান৷ কিন্তু বিদেশত মদ খাই যিমান মানুহ মৰে ভাৰতবৰ্ষত তাতকৈ মদ খাই বহু মানুহ মৰে৷ ইয়াৰ কাৰণ হৈছে ইংৰাজে মদ খাইছিল আৰু আমাক মদে খাইছে৷ কিন্তু এইটো কিয় হ’বলৈ পাইছে?
যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহত মই বিশ্ববিদ্যালয়ৰ হোষ্টেলত আছিলোঁ৷ সন্ধিয়া হ’লেই ল’ৰাবোৰে মদ খায়৷ সেইটো হয়টো একেবাৰে সৰু কথা৷ কিন্তু ডাঙৰ কথা হৈছে ল’ৰাবোৰে পইচাৰ অভাৱত কেইটামান কেচা বুটমাহ, অকণমান নিমখ-জলকীয়া লৈয়ে নিম্নমানৰ বেণ্ডৰ মদ সেৱন কৰিছে৷ যাৰ বাবে স্বাস্থ্যৰ হানি হোৱাটো নিশ্চিত৷ লগতে আজি এপেগ, কালিলৈ দুপেগ কৰি এটা কুৱাটাৰ, এটা হাফ শেষ কৰিব পৰাৰ প্ৰতিযোগীতাখন আছেই৷ গতিকে মই ভাবো ঘৰৰ পৰা আঁতৰত গৈ পঢ়িবলৈ যোৱা বা আঁতৰত থকা এই ল’ৰাবোৰক মদ নাখাবি বুলি পৰামৰ্শ দিয়াতকৈ মদ খাবলৈ শিকোৱা উচিত৷ গাঁৱৰ ক্ষেত্ৰতো একেই কথা৷ (কাৰণ ইয়াৰ 90% শতাংশৰে ঘৰত নাখাই বা তেওঁলোকেও ঘৰত নাখায়৷) প্ৰতিদিনে সস্তিয়া বেণ্ডৰ মদ দুই-এটা বুটমাহৰ লগত খোৱাতকৈ সপ্তাহত এদিন ভাল বেণ্ডৰ মদ ভাল শুকান ফল-মূল বা মাংসৰ লগত খালে স্বাস্থ্যৰ একো হানি নহয় আৰু সামাজিক অপৰাধো সৃষ্টি নহ’ব৷ আনৰ পৰা লুকাই-চুৰকৈ মদ খাই স্বাস্থ্যৰ হানি কৰাতকৈ
মদ খাবলৈ শিকা উচিত৷ ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক বা কলেজ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতাৰ বাবে আলোচনা-চক্ৰৰ আয়োজন কৰা উচিত৷ আমাৰ সমাজৰ পৰা অপৰাধ নাইকিয়া কৰিবলৈ হ’লে অপৰাধী-ব্যক্তিক গালি-গালাজ দি থকাতকৈ গঠনমূলক আলোচনাৰে বিষয়টোৰ ওপৰত সঠিক পথ দেখুওৱা উচিত৷
শেষত এটা কথা ক’ব বিচাৰোঁ, মদ আমাৰ শৰীৰৰ বাবে অপকাৰী হৈ উঠাৰ আগতেই বা মদে আমাৰ উঠি অহা নৱ-প্ৰজন্মক ধ্বংস কৰি তোলাৰ আগতেই আমি মদ খাবলৈ শিকোৱা উচিত৷ কাৰণ মদত কোনো নিচা নাথাকে… নিচা থাকে আমাৰ মনত৷ কাৰণ “মদত নিচা থকা হ’লে বটলেও নাচিলেহেঁতেন” !!
দেবব্ৰত গগৈ
অসমীয়া সমাজত মদক ভগৱানৰ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয় । ধৰ্মীয় কাম কাজত ব্যৱহাৰ কৰালৈ চাই কব পাৰি যে অসমীয়া সমাজে মদক উচিত ব্যৱহাৰ কৰিব জানে ।
বহু ৰহস্যৰে আবৃত অসমীয়া সমাজৰ আন এক বিলুপ্ত প্ৰায় প্ৰথা হল
” ৰাতিসেৱা” । ধৰ্মীয় আৰু গোপন বাসনাৰ সংযোগ স্থল এই ” ৰাতিসেৱা” প্ৰথা । বহু উচ্চস্তৰীয় সমাজবিজ্ঞানী আৰু গৱেষকেও এই ” ৰাতিসেৱা” প্ৰথাৰ ৰহস্য আজি পৰ্য্যন্ত ভেদ কৰিব নোৱাৰিলে । ইমানেই গোপনীয় আছিল এই আয়োজন । তাতে ভাগ লোৱা ব্যক্তিসকল কোনো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল । তথাপিও তেওঁলোকে এই প্ৰথাৰ বিষয়ে বাহিৰৰ সমাজখনক জনোৱা নাছিল বা সমাজত ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ দিয়া নাছিল । ইয়াৰ পৰাই প্ৰমাণ হয় যে তেওঁলোকে কিমান নিয়ন্ত্ৰিত ৰূপত ইয়াক পালন কৰিছিল ।
সুব্ৰত আহোম
ৰাতিখোৱা ( নে ৰাতিসেৱা ? ) সমাজত ৰাতি নাম গাইছিল, তাৰ পাছত খানা খাইছিল। নৈশ আহাৰৰ পাছত মুখ্য পুৰুহিতজনে আৰু অন্যান্য মহিলা সকলে মহিলা সকলৰ দেহৰ কাপোৰ খহাই পেলাইছিল । শেষত কোঠাটো আন্ধাৰ কৰি দিয়া হৈছিল । তাৰ পাছত কোঠাত উপস্থিত থকা ব্যক্তিসকলৰ মাজত দৈহিক সম্পর্ক ঘটিছিল , কিন্তু তাৰ বাবে কোনো পূর্বনির্ধাৰিত লগৰী বাছি লোৱাৰ নিয়ম নাছিল ।
“ধন্য নৰতনু ভাল” উপন্যাসত এনে ধৰনৰ বর্ণনা থকা যেন মনত পৰে।
অয়ন উত্তম
’মদ খোৱা-নোখোৱা’ সম্পৰ্কে যেতিয়াই গভীৰ আলোচনা চলে, তেতিয়াই কিন্তু হোমেন বৰগোহাঞিদেৱৰ কোনো এটা উক্তি থাকেই…. একে ধৰণে মুক্ত যৌন শিক্ষা সম্পৰ্কতো তেখেতে একাধিকবাৰ সমৰ্থনাত্মক উক্তি দি আহিছে…. এবাৰ এটা ব্যক্তিগত টিভি চেনেলত তেখেতৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাক্ষাত্কাৰ ‘উপভোগ’ কৰাৰ সৌভাগ্য (?) হৈছিল…. কিন্তু কথা হ’ল, তেখেতে এনেধৰণৰ বিষয়ত বিভিন্ন সময়ত বিভিন্ন উক্তি কিয় দি আহিছে? আত্মপক্ষ সমৰ্থন নহয় জানো?
দেবব্ৰত গগৈ
ৰাতিখোৱা , ৰাতিসেৱা দুয়োটাই হয় । এই প্ৰথাৰ আন বহুতো নাম আছে । এইমূৰ্হুতত পাহৰিছো । আনকি এপাহ ফুল নামেৰেও এই প্ৰথাক নামাকৰণ কৰা হৈছে । যিপাহ ফুল ৰাতিতে ফুলে আৰু ৰাতিতে মৰহি যায় । দুৰ্ভাগ্যক্ৰমে সেই নামটোও পাহৰিছো ।
সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈয়ে এই প্ৰথাৰ বিষয়ে সৱিশেষ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও বিশেষ সফল হোৱা নাছিল । ইয়াৰ প্ৰধান কাৰণ আছিল প্ৰথাটোৰ লগত জড়িত ব্যক্তিসকলে এই বিষয়ত একো কোৱা নাছিল ।
প্ৰথাটোৰ ভিতৰভাগত কি আছিল সৱিশেষ জনা নাযায় যদিও ইয়াৰ সুশৃংখিলত ৰূপটো সচাঁই শলাগিব লগীয়া ।
অঞ্জল বৰা
মদৰ বিষয়ে মুকলিকৈ ৰচনাখন লিখি ভয়েই লাগিছিল৷ ৰাইজে বা কেনেদৰে ভাৱে !! কিন্তু সচেতন সদস্যসকলে বিষয়টো অনুধাৱন কৰিব পাৰিছে বাবে ভাল লাগিছে৷ আমাৰ ঘৰ আৰু পৰিয়ালৰ কিছুমান সংস্কাৰৰ বাবেই আমি আজিও এইবোৰ কথা মুকলিকৈ আলোচনা কৰিব নোৱাৰোঁ৷ ফলত আমাৰ পৰা এনেবোৰ ব্যক্তি আঁতৰি থাকে৷ আচলতে সমাজৰ পৰা এইবোৰ নাইকিয়া কৰিব পাৰিব ঘৰ এখনেই৷ স্বামীয়ে যদি খাইছে পত্নীয়ে, সন্তানে যদি খাইছে মাক-দেউতাকে, প্ৰেমিকে যদি খাইছে প্ৰেমিকাই, বন্ধুৱে যদি খাইছে লগৰ আন বন্ধুৱেহে ইয়াক নিৰাময় কৰিব পাৰিব৷ এনেদৰে নিৰাময় কৰা উদাহৰণ মোৰ চকুৰ সন্মুখতে আছে৷ তাৰ বাবে আমাক লাগিব পৰিৱেশ৷ গালি-শপনি বা সেইসকলক এলাগী কৰি নহয়৷ বহু মদপীক ৰাইজে ধৰি-বান্ধি নামঘৰৰ বিলনীয়া, নামতি পাতি শৰণ-ভজন দিয়াৰ পিছত এতিয়া মদৰ বিপৰীতে বাপ বাপ কৈ থকা মানুহো লগ পাইছোঁ৷ তিনিয়ালি চুকৰ আড্ডাবোৰক কেৱল অবজ্ঞাৰ চকুৰে চাই চাইট কাটি গ’লেই সমস্যাৰ সমাধান নহয়৷ মোৰ কথাবোৰ টিলিকি মাৰি উৰুৱাই দিব পৰা কথা যেন লাগিব পাৰে… কিন্তু মনত ৰখা ভাল তেতিয়া আমি গাঁৱৰ মদাহী কেইটাক সদায় গোৱাল-গালি দি থকাৰো কোনো যুক্তিসংগত কাৰণ নাথাকিব৷ এটা বয়সত অপৰাধ, নিচা এইবোৰৰ প্ৰতি কিবা এটা আসক্তি থাকেই… সেই নিচাক অন্য কামলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব আমিয়েই ল’ব লাগিব৷ কাৰণ মই গাঁৱত এপেগ খায়েই পাগলৰ দৰে বকা মানুহো দেখিছোঁ… আৰু ইয়াত এটা হাফ খায়ো দিনটো অফিচত শান্তিৰে কাম কৰিব পৰা ল’ৰাও পাইছোঁ৷ সেয়ে কৈছিলোঁ মদত নিচা নাই… নিচা আছে আমাৰ মনত !! আমি মনটোক নিয়য়ন্ত্ৰণ কৰিব পাৰিব লাগিব৷