মধুচন্দ্ৰিকা — বিদ্যুৎ গগৈ

বিয়া হৈ যোৱা মাত্ৰ তিনিদিন হৈছে। নৱবিবাহিতা পত্নীৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ হোৱাই নাই। দাম্পত্য জীৱনৰ ৰাগী দুয়োজনৰ গাত তেতিয়া একেবাৰে পূৰাদমে। সেইহেন স্বৰ্গাবাস খাটি থকা সময়তে মালিগাঁও হেডকোৱাৰ্টাৰৰ চীফৰ কাৰ্যালয়লৈ তলব পৰিল।

চাকৰিত নাম লগোৱা মোৰ বেছিদিন হোৱাই নাই, গতিকে অফিচৰ আও ভাও মই বৰকৈ নাজানোৱেই। চাকৰিত জইন কৰাৰ পাছতে মোৰ ৰেডিঅ’লজি বিভাগৰ মুৰব্বী জনে কৈছিল যে সামন্ত্যবাদ ইয়াত এতিয়াও ভীষণৰূপত বিদ্যমান। ব্ৰিটিছ আমোলৰ দৰেই ইয়াত এতিয়াও ডাঙৰক সৰুৱে খুউব ভয় কৰে, ডাঙৰ বিষয়াই সৰুক ইচ্ছা কৰিলে বৰ বিপদত বা বিপাঙত পেলাই দিব পাৰে যেনে চাকৰিৰ পৰা চাছপেণ্ড কৰিব পাৰে, ট্ৰেঞ্চফাৰ দি দিব পাৰে, কনফিদেঞ্চিয়েল ৰিপৰ্ট বেয়া কৰি দিব পাৰে আনকি চাকৰি খাই দিবও পাৰে ইত্যাদি ইত্যাদি অনেক কথা! চাকৰিত জইন কৰাৰ দিনাই এনেকুৱা ভয়লগা কথা শুনি মোৰ পেটতে হাত ভৰি লুকাইছিল। এনেই মই অলপধতুৱা জীৱ, এনেকৈ বাৰু ভয় খুৱাই দিব লাগেনে! তেখেতে কথা প্ৰসংগত এইকথাও ক’লে যে ৰে’লৱেৰ জেনেৰেল মেনেজাৰজনৰ স্থান আৰু সন্মান কম বেছি পৰিমাণে এজন আধুনিক ৰজাৰ দৰেই! এটা ফকৰা যোজনাও তেখেতে মাতি শুনালে “ৰজাই ভাল দেখে যাক, হাতী ঘোঁৰা নেলাগে তাক!”

ৰেলৰ বিভিন্ন বিষয়া আৰু অন্যান্য চাকৰিয়াল বিলাকৰ বিষয়বাববিলাকো মই বহুদিনলৈ একো বুজি পোৱা নাছিলো। কোনজন লোক কিমান ডাঙৰ প’ষ্টত আছে তাৰো একো উৱাদিহ পোৱা নাছিলোঁ। অনেকদিন পাছতহে বিষয়া, অবিষয়া, ক্লাছ ৱান, ক্লাছ টু, বিভিন্ন স্কেল ইত্যাদি কিবা কিবি কথাবোৰ অলপ অলপ কৈ জানিবলৈ ধৰিলোঁ। এজন চিকিৎসকৰ কাৰণে এই পদ বিভাজনৰ জ্ঞান বৰ প্ৰয়োজনীয় আছিল বুলি গণ্য কৰা নাছিলো। অৱশ্যে বুজিছিলো যে ইণ্ডাষ্ট্ৰিয়েল অৰ্গেনাইজেশ্যন এটাত এই শ্ৰেণী বিভাজনৰ জ্ঞান কিছু ক্ষেত্ৰত দৰকাৰ হয়।

আকৌ কাহিনীলৈ ঘূৰি যাওঁহক।

তলব অনুসৰি চুচুক চামাক কৰি ডেপুটি চীফ মেডিকেল ডাইৰেক্টৰৰ কোঠাত প্ৰৱেশ কৰিলোঁ। ফৰফৰাই ইংৰাজীতে ডাইৰেক্টৰ চাহাবে কথা ক’বলৈ ধৰিলে। মই ভেবা লাগি তেওঁৰ মুখলৈ চাই থাকিলোঁ, আও কিছু ইংৰাজী ফৰফৰাইছে দেই! দেখাত দেখোন মানুহজন একেবাৰে খিলঞ্জীয়া চিনাকিযেন লগা চেহেৰাৰ, ইমান ইংৰাজী কৈছে কিয়! মোক থৰ লাগি চাই থকা দেখি হঠাতে ইংৰাজী কোৱা বন্ধ কৰি তেখেতে একেবাৰে খাঁটি অসমীয়াতে সুধিলে,

” ক’ত ঘৰ?”

তেতিয়াহে মোৰ মুখলৈ পানী আহিল। তেখেতে মোৰ এটি বিশেষ ডিউটিৰ বিষয়ে উনুকিয়ালে।

“ চাৰ, মোৰ বিয়াৰ আজি মাত্ৰ তিনিদিন হৈছে, যাব লাগিবই নেকি চাৰ? মোৰ স্থানত অন্য কাৰোবাক এই ডিউটিটো দিয়া হলে ভাল আছিল! “

চাৰে চকুদুটা মুদি কিবা এটা ভাবি পুনৰ দৃঢ় স্বৰেৰে ক’লে,

” নাই নাই, যাব লাগিবই, বেলেগ আৰু কোনো নাই, নাম আপোনাৰ দিয়া আছে যাব লাগিব, নহ’লে হুলস্থূল হৈ যাব! ইউনিয়নে কম্পলেইন কৰিব, চি এম ডি, জি এম একদম ফায়াৰ হৈ যাৱ। “

মানুহজনে সকলোৰে নাম কৈ মোক বৰ ভয় খুৱালে আৰু যেনে তেনে সেই কামটোত মোক ডেপ্যুট কৰি নিজৰ সেই ’কামোৰ’ দায়িত্বৰ পৰা মুক্ত হ’ব খুজিলে। ‘ৰাম মক্কেল’ যেন লাগিল নিজকে। ৰেডিঅ’লজিত এম ডি কৰি আহি এতিয়া এইবিলাক কামহে কৰিব লাগিব নেকি বুলি ভাবি কাণ মূৰ ৰঙা পৰি আহিল। মোৰ মুখমণ্ডলত প্ৰতিক্ৰিয়া দেখা পায়েই হবলা তেখেতে এইবাৰ অলপ কোমলকৈ ক’লে,

” নতুন কইনাকো লৈ যাওঁক লগতে, ভাল লাগিব। যাওক না এনজয় কৰি আহকগৈ। ডিউটি আৰু এনজয়মেণ্ট দুয়োটাই হৈ যাব.. একে গুলীতে দুটা চিকাৰ! “

এইবুলি কৈ তেখেতে বিৰাট ব্যস্ততাৰে মস্ত ফাইল এটা খুলি চাই খচ খচ কৈ কলমেৰে কিবাকিবি লিখিব ধৰিলে।

মই বুজি পালোঁ যে দায়িত্ব যিটো পালোঁ, তাৰপৰা পৰিত্ৰাণ পোৱাৰ কোনো ৰাস্তা নাই। আজি মোৰ নিস্তাৰ নাই, গৃহ যুদ্ধ সন্নিকট! আসন্ন যুদ্ধৰ বাবে মানসিক ভাৱে প্ৰস্তুত হৈ বিমৰ্ষ মনেৰে মলিন বদনে ঘূৰি আহি কোৱাৰ্টাৰ আহি পালোহি। পত্নীয়ে ভাগৰুৱা চেহেৰাৰ পৈয়েকক অৰ্থাৎ মোক চাহ একাপ আগবঢ়াই দিলে। চাহ কাপত চুমুক মাৰি লাহেকৈ পত্নীক কলোঁ,

”তোমাক ব্যস্ততাৰ মাজত এটা কথা ক’বলৈ পাহৰি আছিলোঁ! “

তেওঁৰ চকুত প্ৰশ্নবোধক দৃষ্টি।

”হনিমুন যাবলৈ থিক কৰিছোঁ হে।”

”বঢ়িয়া…. হোৱাট এ প্লিজেণ্ট চাৰপ্ৰাইজ…, ক’লৈ যাম আমি….? “ কথাষাৰ শুনি ফুৰ্তিতে পত্নী বহাৰ পৰা প্ৰায় জঁপিয়াই উঠোঁতে পৰিবই খুজিলে।

” মুম্বাই আৰু গোৱা।” মই গহীনাই ক’লো।
”কিন্তু .. তাৰ লগতে মোক ডিউটি এটাও দিছে। “ কওঁ নকওঁ কৈ ক’লো।

” গোৱা……! বাঃ বহুত ভাল ঠাই নিৰ্বাচন কৰিলা! ডিউটি দিলেও একো নহয় … ফটক কৈ এপাকত কৰি ল’লেই হ’ল….! “ তেওঁ উলাহেৰে কলে।

” কিন্ত্ত আমাৰ এই হনিমুন যাত্ৰাত অকল আমি দুজনেই যে থাকিম এনে নহয় …! “ মই কবলৈ অলপ ইতঃস্ততঃ কৰিলোঁ।

” কি কোৱাহে, আমাৰ হনিমুনত আমাৰ বাহিৰে আকৌ আন কোন থাকিব? “

” এক ডবা মানুহ; পুৰুষ মহিলা। সকলোৱেই ৰেলৰ চাকৰিয়াল। তেওঁলোক ‘হলিডে ট্যুৰ’ ত যাৱ। “

” মই বুজি পোৱা নাই। তেওঁলোকৰ লগত আমাৰ কি সম্পৰ্ক? “

” মোক তেওঁলোকৰ লগতে কৰ্তব্যৰত চিকিৎসক হিচাপে যাবলৈ দায়িত্ব দিছে। অৱশ্যে লগতে তোমাকো লৈ যাব পাৰিম বুলি জনাইছে।” সেপ ঢুকি কোনোমতে মই কথাষাৰ কলো।

” হৰি হৰি, মই নেযাওঁ দেই, তুমিয়েই যোৱা অকলে। কৰি আহা হনিমুন।” পত্নীয়ে উচাট মাৰি উঠি গুচি গ’ল।

বহুপৰ খোচামতি কৰাৰ পাছত নৱবধূ এই অদ্ভুত আৰু অভূতপূৰ্ব হনিমুন যাত্ৰাৰ বাবে সন্মত হ’ল।

”এই সকলোবোৰ জীৱনৰ বিশেষ একোটা অভিজ্ঞতা প্ৰিয়া! আহা আমি তাৰ সোৱাদ লওঁ অভিমানী চেনেহী মোৰ।” মই তেওঁক বুজালোঁ।

” ৬০জন মধ্যবয়সীয়া নৰ নাৰীৰ দল এটি লগত লৈ কি হনিমুন হ’বলৈ গৈ আছে মই অনুমান কৰিব পাৰিছো প্ৰভু ঈশ্বৰ! তথাপিও আপোনাক সংগ দান কৰিবলৈ সাজু হৈছোঁ মোৰ গোঁসাই! “ পত্নীয়ে পোন্দোৱাকৈ মোলৈ চাই মুখ বেকেটা কৰি ক’লে।

”মোৰ লগত থাকি তুমিও আজিকালি জমনি কথা কবলৈ শিকিছা দেই।” দাঁত নিকটাই হাঁহি এটা মাৰি কলোঁ।

দুদিন পাছতেই আমি সতেজ দৰা- কইনাহাল হনিমুনলৈ বুলি তেল টেঙা ঘঁহি সাজি কাচি গুৱাহাটী ৰেল ষ্টেশ্যন পালোঁগৈ। আমাৰ ‘হনিমুন এক্সপ্ৰেছ’ অৰ্থাৎ ‘লোকমান্য তিলক এক্সপ্ৰেছ’ বা ‘দাদৰ এক্সপ্ৰেছ’ নামেৰে জনাজাত ৰেলগাড়ীখন ষ্টেশ্যনত ৰখি আছিল। সেইখনৰ ঠিক পিছতেই সংযোজিত কৰা হৈছে এটি শ্লীপাৰ ক্লাছ দবা। সেয়াই আমাৰ অভিযাত্ৰী দলটোৰ বাবে ভ্ৰাম্যমাণ আশ্ৰয়! সেই দবাটোতেই আমি জাষ্ট মেৰিদ দৰা কইনাহালেও বসবাস কৰিব লাগিব অন্য ৬০জন মানুহৰ সৈতে! প্ৰায় ২০ দিন মান জুৰি শোৱা, খোৱা, ধোৱা, নিত্যকৰ্ম্ম কৰা আদি সকলো কাম তাৰ ভিতৰতে কৰি কৰি ভ্ৰমণ কৰি থাকিম! গুৱাহাটীৰ পৰা মুম্বাই, মুম্বাইৰ পৰা গোৱা আৰু একে পথেৰে ওভতনি। যথাসময়ত ৰেলগাড়ীখন চলিবলৈ আৰম্ভ কৰিলে। আমি দুজনে তলৰ ছীট দুটা লৈ ভালকৈ বহিলোঁ। ওপৰৰ, মাজৰ, তলৰ সকলো বাৰ্থ অধিকাৰ কৰি আৰামত শুই বহি অভিযাত্ৰী সকলে ইতিমধ্যে আড্ডা জমোৱাত ব্যস্ত। মোৰ উপৰিও এজন এছিষ্টেন্ত পাৰ্চনেল অফিচাৰ, এজন ফাৰ্মাছিষ্ট, কেইবাজনো ৱেলফেয়াৰ ইন্সপেক্টৰ, দুজন ৰান্ধনি আৰু এজন চাফাই কৰ্মী সেই পৰিব্ৰাজক দলটোৰ লগত নিজা নিজা কৰ্তব্য পালনৰ বাবে বিভাগীয় ভাৱে নিযুক্ত আছিল। ক্ষন্তেক পাছতে ৰন্ধাৰ যো-জা চলিল। দবাটোৰ এটা ফালে টয়লেত ৰ ওচৰৰ স্থানখিনিতে জ্বলি উঠিল এটি ডাঙৰ গেছ বাৰ্ণাৰ। ৰান্ধনি কেইজন আৰু দুজনমান উৎসাহী লোকে খাদ্য ৰন্ধা প্ৰক্ৰিয়াটোত অংশ গ্ৰহণ কৰিলে। আমি দুটা দূৰে দূৰে বহি থাকিলোঁ! কিনো আৰু কৰিম, আগে পিছে সোঁৱে বাওঁৱে সকলোফালে মানুহ! চিধা চিধিকৈ বা বেঁকা বেঁকি কৈ কোনোবা নহয় কোনোবা এজনৰ নিৰীক্ষণত থকা যেন লাগি থাকে। দুয়ো ওচৰা ওচৰিকৈ বহিবলৈ লাজেই লাগে! “দূৰে দূৰে থাকিবা কিমান ৰৈ, জ্বলাই একুৰা জুই হৃদয়ত..” গানটোকে মনে মনে গুণ গুনালোঁ কিজানি দুয়োজনে! ভাত খোৱাৰ পাছত মোৰ কাণত ফুচ ফুচাই ঘৈণীয়ে ক’লে “ মই ইমান দূৰত্ব এনেকৈ যাব নোৱাৰিম, তুমি কিবা এটা কৰা! নহ’লে তুমিয়েই অকলে হনিমুন কৰি আহা এইবাৰ, মই ইয়াতে নামিয়েই দিওঁ! ; “

” হৈ হৈ … কি কথা কৈছা! দুটা বাৰ্থ কনফাৰ্ম কৰি থৈছোঁ নহয় এ চি ক’চ ত! মই টি টি ক ইতিমধ্যে কৈয়েই ৰাখিছোঁ যে আবেলি আমি তালৈ ছিফট কৰিম।”

আলিপুৰ দুৱাৰত ফাৰ্মাছিষ্টজন আহি আমাৰ দলটোৰ লগত চামিল হোৱাৰ পাছত তেওঁক আৰু এ পি অ’ ক কৈ আমি দুটা এ. চি. দবাটোলৈ গমন কৰি নিজৰ নিজৰ আসন দখল কৰি পৰম স্বস্তিৰ নিশ্বাস এৰিলোঁ। ৰোমাণ্টিক আৱেশ এটাই আহি আমাক ছানি ধৰিলেহি। মৃদু জোকাৰণিৰে দোলি দোলি বুকুত হাজাৰ যাত্ৰীক সুমুৱাই লৈ আমাৰ ৰেলগাড়ীখন গৈয়েই আছে গৈয়েই আছে। বাহিৰত সন্ধ্যা নামিছে। আমি দুয়োজনে আমাৰ ‘ল’ৱাৰ বাৰ্থ’ ত একেখন ব্লেংকেট ৰ ভিতৰতে সোমাই লৈ খিৰিকীৰ কাঁচৰ মাজেৰে বাহিৰখন চাই চাই আহি আছিলোঁ। সন্ধিয়াৰ বেংগল বিহাৰৰ গাওঁ পথাৰ আৰু কৰ্মজীৱনৰ বিভিন্ন দৃশ্য চাই চাই গাত ইজনে সিজনৰ উত্তাপ লৈ আমি ৰেলখনৰ সৈতে অবিৰাম গতিত আগবাঢ়িছিলোঁ। মম্মথৰ শৰ লাগি দুয়ো বিহ্বল প্ৰায়। কিন্ত্ত সেই মধুৰ সময় বৰ দীৰ্ঘকালীন নাছিল। হঠাৎ এক তীব্ৰ দুৰ্গন্ধ আহি আমাৰ ৰোমাণ্টিক ক্ষণখিনি কোনোবা ধুবুৰীলৈ খেদি পঠিয়ালে।

সেই দুৰ্গন্ধৰ উৎস আমি নিচেই কাষতে আৱিষ্কাৰ কৰিলোঁ। আমাৰ কাষৰ আনটো ল’ৱাৰ বাৰ্থত এজন ৰোগী শুই আছিল। কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ হেতুকে তেওঁ পুত্ৰৰ সৈতে মুম্বাইলৈ গৈ আছিল। তেওঁৰ ৰোগ যথেষ্ট জটিল আৰু সেইসময়ত শাৰীৰিক অৱস্থা অতি শোচনীয়। তেখেতেই বোধহয় শুই থকা অৱস্থাতে পায়খানা কৰিছে আৰু তাৰপৰাই মলমূত্ৰৰ দুৰ্গন্ধ বাহিৰ হৈছে। মাজতে ষ্টেছন এটাত বন্ধু এজনে শুভেচ্ছা জনাই উপহাৰ দিয়া ৰজনীগন্ধা ফুলৰ টোৰাটোৱে আমাক সেই বিপদত যথেষ্ট সহায় কৰিছিল। যি কি নহওক এটা সময়ত আমি আমাৰ প্ৰথম গন্তব্য স্থানত উপস্থিত হলোঁগৈ। দাদৰ ষ্টেছনৰ য়াৰ্ড এটাত অভিযাত্ৰী দলৰ সেই বিশেষ দবাটোক আছুতীয়া স্থান এটি দিয়া হ’ল। আমি দুষ্ট নৱ দম্পতী পিচে ৰাতি আকৌ পলালোঁ। লোকেল ট্ৰেইনত উঠি চি এছ টি পালোঁ আৰু ওপৰলৈ উঠি গৈ অফিচাৰৰ বিশ্ৰাম কক্ষ এটি দুদিনৰ বাবে বুক কৰিলোঁ। এইক্ষেত্ৰত অৱশ্যে মুম্বাইৰ চিকিৎসক বন্ধু এজনে সহায় কৰি দিছিল। দুদিনৰ কাৰণে CST, মুম্বাইৰ ২য় মহলা আমাৰ ঠিকনা হ’ল। এইবাৰ অলপ স্বাধীন হ’লো যেন ভাৱ হ’ল! দিনত আমাৰ অভিযাত্ৰী দলটোৰ লগত বেছিভাগ সময় ঘূৰি থাকোঁ, মাজে মাজে আঁতৰি কৰবালৈ গুচি যাওঁ, আকৌ আহি ক’ৰবাত লগ পাও। হাজী আলি দৰগাহত আমি দুটা অকলে গৈ কাৱালি গাই থকা পাৰ্টিৰ লগত বহি যদি হাত চাপৰি বজাই আছোঁ, অলপ পাছত কিজানি জুহু বীচ্চত আমি অভিযাত্ৰী দলৰ সৈতে লগ হ’লো। সেইকেইদিন সঁচাকৈ খুব ভাল লাগিছিল আৰু আশে পাশে উত্তৰ পূব ৰেলৰ এই বিৰাট পৰিয়ালটো আছে বুলি জানি আমি সেই অচিন মহানগৰীতো খুব নিৰাপদ অনুভৱ কৰিছিলোঁ।

আমি ঘূৰি ফুৰা স্থানখিনিতে ঠিক পিছৰ বছৰটোতে কাচাৱ বাহিনীয়ে যি সংহাৰ চলালে টেলিভছনৰ পৰ্দাত তাকে দেখি আমাৰ গা অলপ হলেও কঁপি উঠিছিল!

অভিযাত্ৰী দলৰ প্ৰতিজন সদস্যৰ সৈতে আমাৰ সুহৃদয়তা আৰু আত্মীয়তা গঢ়ি উঠিছিল। আমাৰ সেই বিশেষ ৰেল দবাটো আন এখন ৰেলগাড়ীৰ পিছত সাঙুৰি মুম্বাইৰ পৰা গোৱালৈ আমি আনন্দ মনেৰে একেলগে যাত্ৰা আৰম্ভ কৰিলোঁ। নিশা মাৰগাঁও ষ্টেচন পোৱাৰ পাছতেই আমাৰ দবাটো কাটি আছুতীয়া য়াৰ্ড এটিত ৰাখি দিলে। আমি প্ৰায় লগে লগেই সকলোকে শুভৰাত্ৰি জনাই আমি আগতেই বুক কৰি ৰখা নানুটেল নামৰ হোটেল খনত উঠিলোগৈ। তেতিয়াহে যেনিবা আমাৰ অলপ হনিমুনত অহা যেন অনুভৱ হল। নিশা নামি আহিল। “ ….নিশা নামে, উৰি আহে, কামনাৰে প্ৰজাপতি; মচি দিয়া মৰমেৰে বেদনাৰ ছবিটি; সিঁচি দিয়া মৰমেৰে নতুনৰে শেৱালি …..! “ কেইবাদিনৰ অন্তত এটি পৰিষ্কাৰ পৰিবেশত স্নানাদি কাৰ্য্য সমাপন কৰি হোটেলৰ শুভ্ৰ কোমল শয্যাত দুয়োজনে বাগৰ দিছিলোঁ মাত্ৰ! বাজি উঠিল নহয় মবাইল ফোনটো!

আনটো মূৰৰ পৰা অভিযাত্ৰী দলৰ দলপতি জনৰ সন্ত্ৰস্ত কণ্ঠস্বৰ ভাঁহি আহিল “ চাৰ, ……………. ৰ শৰীৰৰ অৱস্থা একেবাৰে ভাল নহয়। আপুনি যিমান সোনকালে পাৰে আহক। “ কোমল বিছনাৰ আমেজ দলিয়াই আৰু তন্দ্ৰা আৰু ভাগৰত অৱশ শৰীৰ জোকাৰি মোকাৰি উঠি তৎক্ষণাত সাজু হলোঁ। সময় তেতিয়া নিশা ১১! ৰাতিপুৱা ফুৰিবৰ কাৰণে মটৰ বাইক এখন ভাৰাত বন্দোবস্ত কৰি হোটেলতে ৰাখি থোৱা আছিল। দুয়ো স্বামী স্ত্ৰী বাইকত বহি গোৱাৰ মসৃণ ৰাজপথেৰে হোটেলৰ পৰা মাৰগাঁও ৰেলষ্টেচন অভিমুখে তীব্ৰ গতিত ধাৱমান হলোঁ। য়াৰ্ডত পৰিষ্কাৰ কৰিবলৈ ৰখাই থোৱা ৰেলবোৰৰ মাজে মাজে গৈ আমাৰ সেই নিৰ্দিষ্ট দবাটো গৈ পাওঁতেই ফাৰ্মাছিষ্টজন আহি জনালে যে অভিযাত্ৰী দলৰ মহিলা এগৰাকীৰ ডিঙি আৰু গাৰ বিষৰ লগতে জ্বৰভাৱ হৈছে। নেক্সট ফ্লাইট তে হেনো গুৱাহাটীলৈ ঘূৰি আহিবলৈ যো জা কৰিছে। একেবাৰে নাৰ্ভাছ! দুই এজনে ‘ডাক্তৰ কিয় লগত থকা নাই’ বুলি হেনো অসন্তোষ প্ৰকাশ কৰিছে! সকলোবোৰ প্ৰয়োজনীয় মেডিচিন, ইনজেক্শ্যন, চেলাইন ইত্যাদি মই মজুত ৰাখিয়েই থৈছিলোঁ। ৰোগীক লগে লগে পৰীক্ষা কৰি দৰৱ দিলোঁ। আধাঘণ্টা পাছতেই ৰোগী ভাল হৈ উঠি বহিল।

”কাইলৈ আপুনি ঘূৰিবলৈ ফুৰিবলৈ যাব নালাগে, বিশ্ৰাম কৰক এদিন…” ৰোগীক কৈ চালোঁ।

“ নাই নাই ভাল পাইছোঁ মই ডাক্তৰ! ইমান দূৰ কষ্ট কৰি ফুৰিবলৈ আহিছোঁ, কিয় অকলে ইয়াত পৰি থাকিম! মই একেবাৰে সুস্থ অনুভৱ কৰিছোঁ। পাৰিম পাৰিম মই।”

অলপ আগতে হায়ৈ বিয়ৈ কৰি পুৱাৰ উৰাজাহাজতে ঘৰলৈ ঘূৰি আহিব খোজা মানুহ গৰাকীৰ মন আৰু শৰীৰৰ এনে উন্নতি হোৱা দেখি নথৈ সুখী হ’লো। সকলোকে শুভৰাত্ৰি জনাই পুনৰ পত্নীক বাইকৰ বেকছিটত বহুৱাই চিনেমাৰ হিৰ’ৰ মাফিক ভাৱ এটা দি আমাৰ হোটেলত ঘূৰি আহি উপস্থিত হওঁতে নিশা প্ৰায় ১২: ৩০! সেই নিশাৰ বাইক ৰাইড আমাৰ দুয়ো জনৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ৰোমাণ্টিক মুহূৰ্ত্তবোৰৰ এটা হৈ ৰ’ল। পাছৰ দুদিন প্ৰায় পূৰা দিনটো আৰু বহু ৰাতিলৈকে কেৱল বাইক আৰু বীচ্চ লৈয়ে ব্যস্ত থাকিলোঁ! বাইকত উঠি যিফালেই মন যায় সেইফালেই পোনাই দিওঁ আৰু গৈ গৈ সেই সাগৰৰ পাৰতেই ওলাওঁগৈ। মস্তি!

অ’ আৰু এটা হাস্যকৰ কথা কোৱা হোৱাই নাই। আকস্মিক ভাৱে যাবলগীয়া হোৱা কাৰণে আমি পৰিকল্পনা কৰি টালি টোপোলা বান্ধিবলৈ সময়েই নেপালোঁ। হাত মেলি যি পালোঁ তাকে জোলোঙাত ভৰাই ততাতৈয়াকৈ ওলাই আহিছিলোঁ। গোৱাত গৈহে সমুদ্ৰ তীৰত পিন্ধিলে সুবিধা হোৱা কাপোৰ কানি কিনি লৈছিলোঁ। সেয়ে বাইকত বহি প্ৰথমবাৰ কলৱা বীচ্চ গৈ পাওঁতে পত্নীৰ পিন্ধনত আছিল ঝুমকা লগা এখন শাৰী আৰু চৰণত হাই হিল চেন্দেল। সাগৰতীৰৰ ওচৰতে নিজানত এখন দোকানত স্বামী স্ত্ৰী এহালে পুৰুষ মহিলা উভয়ৰে বাবে বিভিন্ন সাজ পোছাক বিক্ৰীৰ বাবে ৰাখিছিল। আমি দোকানৰ অন্তৰ্ভাগত প্ৰবেশ কৰি সিহঁত দুজনক অলপ সময়ৰ বাবে দোকানৰ ভিতৰৰ পৰা বাহিৰ কৰি দিলোঁ। দহমিনিটৰ পাছত আমি দুয়ো ওলাই আহিলোঁ দুজন নতুন মানুহ হৈ! একেবাৰে জেংগ’ সমুদ্ৰ তীৰৰ ড্ৰেছত ..! পত্নীৰ শাৰী, ব্লাউজ, পেটিকোট অন্তৰ্ধান, দুয়োৰে পিন্ধনত এতিয়া ভমকাফুলীয়া চাৰ্ট, ছুটিপেণ্ট আৰু চকুত ক’লা চশমা! উফ.. কি মস্তি লাগিছিল! একেবাৰে বিলাতী টুৰিষ্ট কেইটাৰ নিচিনাই আৰু! কি জমনি! ‘কোৰিয়াৰ টুৰিষ্টৰ লগত ফটো এখন উঠাও’ বুলি বগা ডেকা গাভৰু এহালৰ লগত ফটো এখন তুলি দিবলৈ দক্ষিণ ভাৰতীয় শ্যামৰঙী ছোৱালী এজনীয়ে কেমেৰা এটা দি শ্ৰীমতীক অনুৰোধ কৰিলে। ফটো উঠোৱাৰ পাছত ছোৱালীজনীয়ে তেওঁলোকক প্ৰশ্ন কৰা শুনা পালোঁ ..” ইও আৰ ফ্ৰম..? .” ডেকাটোৱে হাঁহি মাৰি দিয়া উত্তৰটো আহি মোৰ কাণত পৰিল .. “ইম্ফল।” কথাটোত ৰস পালোঁ। “ তোমাকো অকলে থাকিলে থাইলেণ্ডৰ বুলি ভাবিব “ শ্ৰীমতীয়ে মোক জোকালে!

সাগৰ সঙ্গমত দুয়ো সিদিনা বহু পৰ সাঁতুৰি নাদুৰি কটালোঁ, বলুকাত ওমলিলোঁ।

পিছে আমাৰ সেই মজেদাৰ হবলৈ গৈ থকা হনিমুন যাত্ৰাৰ কেইটামান মুহূৰ্ত প্ৰচণ্ড অশান্তিৰে ভৰি পৰিল পানাজীৰ ৰেস্তোৰাঁ এখনত! এখন বাছ ভাৰা কৰি লৈ আমাৰ অভিযাত্ৰী দলটো ৰাতিপুৱা পানাজীলৈ বুলি ওলাই গ’ল। সচৰাচৰ হোৱাৰ দৰেই কানীয়া দম্পতীৰ মানে আমাৰ শুই উঠাত পলম হোৱাৰ বাবে আমি একেলগে যাব নোৱাৰিলোঁ! আমি বেলেগে বাছত উঠি পানাজী পালোঁ। ঘূৰি ফুৰি ভোক লগাত এঠাইত হোটেল এখনত বহিলোগৈ। বহাৰ পাছতহে লক্ষ্য কৰিলোঁ, প্ৰতিখন টেবুল মদৰ বটল আৰু গিলাছেৰে ভৰি আছে আৰু ৰঙা পৰা চকু মুখেৰে গ্ৰাহকসকলে অবিৰত মদ গিলিয়েই আছে গিলিয়েই আছে। চাৰিওফালে গুণগুণনি, গিৰিজনি আৰু আমাৰ অচিনাকি এক হুলস্থূলীয়া পৰিৱেশ। গোৱাত এইয়া স্বাভাৱিক বুলি ভাবি সাগৰীয় মাছ আৰু কিবা কিবি খোৱা বস্তু অৰ্ডাৰ দিলোঁ! কিন্তু ই কি! ষণ্ডামৰ্ক চেহেৰাৰ দুজন দৈত্যাকৃতিৰ মানুহে আমাৰ খোৱা টেবুলখনত ভূমিকম্পৰ জোকাৰণীৰ সৃষ্টি কৰি চকী মেজ থেলি আহি সন্মুখতে বহিলহি। সিহঁতৰ গাৰ জোকাৰণিত পৰিব খোজা টেবুলৰ পানীৰ গিলাছ এটা মই থাপ মাৰি ধৰি কোনোমতে বচালোঁ। মদৰ নিচাত দুয়োটা তেনেই অপ্ৰকৃতিস্থ অৱস্থাত আছিল। মনে মনে মই প্ৰমাদ গণিলোঁ। হিচাপ এটা কৰি চালোঁ, অতৰ্কিতে যদি সন্মুখতে বহাটোৰ নাকটোত জোৰেৰে এটা ঘোঁচা বহাই দিওঁ তেতিয়া কেনে হ’ব! দিওঁ দিওঁ লাগিছিলেই! তাহানিৰ হোষ্টেলৰ ওচৰত হোৱা হ’লে যিমান মস্ত মানুহ হ’লেও এঘোঁচা দি দৌৰ মাৰি হোষ্টেলত সোমাবগৈ পাৰিলোঁহেতেন! পিছে ইয়াত কলৈ পলাম! তাতে আছে পত্নী! পত্নীৰ চকুলৈ চালোঁ! প্ৰচণ্ড ক্ৰোধ আৰু বিৰক্তি মুখৰ চেহেৰাত পৰিলক্ষিত হ’ল। ইতিমধ্যে বুজি পাইছিলোঁ যে এই চাৰে ছয়ফুটিয়া দৈত্যদ্বয়ৰ সৈতে মুষ্টিযুদ্ধৰ পৰিকল্পনা কৰাটো মোৰ দৰে তুলনামূলকভাৱে দুৰ্বল আৰু নিমাখিত ব্যক্তি এজনৰ কাৰণে চৰম মূৰ্খামিৰ বাহিৰে আন একো নহ’ব। সিহঁতে বাক্যালাপ আৰম্ভ কৰিলেই। দোৰোল খোৱা জিভাৰে মুখৰ পৰা ভেকেটা ভেকেট মদৰ গোন্ধ উলিয়াই কি কোন কিয় কেতিয়া ইত্যাদি কথা পাতিবলৈ চেষ্টা কৰিলে। মই যিমান পাৰি সহজ হৈ স্বাভাৱিক ভাৱে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। চিকিৎসক বুলি ক’লে ভাল আচৰণ কৰিব পাৰে বুলি ভাবি আমি দুয়ো যে ডাক্তৰ, লগতে মই যে অন ডিউটি চৰকাৰী ডাক্তৰ সেই কথাও কবলৈ নাপাহৰিলোঁ। পিছে সিহঁতৰ ‘মাতাল বডী লেংগুৱেজ’ ৰ কোনো পৰিৱৰ্তন চকুত ধৰা নপৰিল। তোমালোক খেলুৱৈ নেকি বুলি সোধোতে সিহঁতে পিৰিকা পিৰিক চকুৰে নিজকে বক্সাৰ বুলি কৈ মোক আৰু অকণমান সন্ত্ৰাসিত কৰিলে। মোতকৈও মোৰ পত্নীৰ লগত সিহঁতৰ কথা পতাৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পোৱা যেন অনুভৱ হ’ল। পত্নীয়ে খঙতে সিহঁতৰ এটা প্ৰশ্নৰো উত্তৰ দিয়া নাছিল। মই পত্নীৰ খং উঠিব ধৰা দেখি ভয় খালোঁ, কাৰণ হুলস্থূল আৰু পুলিচৰ কাৰবাৰ হ’লে আমাৰ ফুৰা ফুৰি নহব! পিছে তেনে একো নহ’ল। পত্নীয়ে মেনেজাৰক মাতি আনি আমাৰ খোৱাৰ অৰ্ডাৰ পেক্ কৰি দিবলৈ ক’লে। মেনেজাৰেও যেন ভালেই পালে! তেৱোঁ চাগে সিহঁতৰ লগত পাংগা লবলৈ বিচৰা নাছিল! সিহঁতৰ মতি গতি লক্ষ্য কৰি আছিল যদিও আমাক বচোৱাৰ বাবে একো ব্যৱস্থা লোৱা নাছিল।

বাছষ্টপ এটাৰ ষ্টিলৰ বেঞ্চ এখনতে বহি আমি দুয়োজনে আমাক শান্তিৰে দুপৰীয়াৰ আহাৰ খোৱাৰ সময়ত অশান্তি কৰা সেই মদাহী দুটাক অভিশাপ দি সেই পেক্ কৰাই অনা খাদ্য উদৰস্থ কৰিলোঁ। অলপ পৰৰ পাছতেই অভিযাত্ৰী দলৰ সৈতে লগ লাগিলোঁ আৰু ৰূপহী মান্দৱী নদীৰ বুকুত ক্ৰুইজ কৰিবলৈ বুলি সকলোৱে জাহাজত উঠিলোঁ। জাহাজত সকলোৱে মিলি নাচ গান ফুৰ্তি কৰোঁতে দুখ ভাগৰ সমূলি পাহৰিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক